Bismaya: ‘বিস্ময়’ৰ প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ দেহাৱসান

গুৱাহাটী, ২৫ অক্টোবৰ: অসমৰ জনপ্ৰিয় মাহেকীয়া আলোচনী ‘বিস্ময়’ৰ(Bismaya) সম্পাদক শশী ফুকনৰ শুকুৰবােৰ মৃত্যু হয়। শুকুৰবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শশী ফুকনে শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, নিশা ১০.৩০ বজাৰ পৰা স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ অৱনতি ঘটিছিল(Shashi Phukan)।

প্ৰাপ্ত তথ্য মতে সন্ধিয়াৰ পৰা দুটাকৈ ষ্ট্ৰ’কৰ সন্মুখীন হয় শশী ফুকন। চিকিৎসকে ধাৰাবাহিকভাৱে চেষ্টা চলাহ× আছিল যদিও তেওঁৰ জীৱন ৰক্ষা কৰিব নোৱাৰিলে।

৭৮ বছৰ বয়সত মৃত্যু হয় ‘বিস্ময়’ আৰু ‘প্ৰিয়সখী’ৰ সম্পাদকজন(Founding Editor)। বিগত ডেৰ মাহতকৈও অধিক সময় ধৰি তেওঁ চিকিৎসাধীন হৈ আছিল।

উল্লেখ্য যে প্ৰথমে মহানগৰীৰ হায়াট হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয়।

আনহাতে, যোৱা ৭ ছেপ্টেম্বৰত ঘৰতে পৰি আঘাতপ্ৰাপ্ত হৈছিল শশী ফুকন। যথেষ্ট ৰক্তক্ষৰণ হোৱা বাবে পৰিয়ালে ততাতৈয়াকৈ ভৰ্তি কৰিছিল সমীপতে থকা হায়াট হাস্পতালত। আজি তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন মহলত গভীৰ শোকৰ ছাঁ পৰিছে।

Related Articles