Suspected Gas Leak In Chennai School: চেন্নাইৰ এখন বিদ্যালয়ত গেছ নিৰ্গত হৈ অচেতন ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰী

চেন্নাই, ২৬ অক্টোবৰ: চেন্নাইৰ ভিলেজ ষ্ট্ৰীটস্থিত(Village Street Chennai) ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ত সন্দেহজনক গেছ নিৰ্গত হোৱাৰ ফলত কমেও ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰী অজ্ঞান হৈ পৰে(Suspected Gas Leak In Chennai School)। ২৫ অক্টোবৰৰ দুপৰীয়াৰ ভাগত বিদ্যালয়ৰ তিনি মহলীয়া অট্টালিকাটোৰ তৃতীয় মহলাত সংঘটিত হয় এই ঘটনা। হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰী অধ্যয়নৰত এই বিদ্যালয়খনত অভাৱনীয়ভাৱে গেছ নিৰ্গত হোৱাৰ ফলত ঘটনাস্থলীতে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে চেতনা হেৰুৱাই পেলায়।

ইয়াৰ পিছতে ততাতৈয়াকৈ আক্ৰান্ত ছাত্ৰ-ছাত্ৰীসকলক ততাতৈয়াকৈ এম্বুলেন্সৰ জড়িয়তে তিৰুভট্টিয়ুৰৰ চৰকাৰী সাধাৰণ চিকিৎসালয়লৈ (Government General Hospital in Tiruvottiyur) লৈ যোৱা হয়। একাংশ ছাত্ৰ-ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰাৰ বিপৰীতে মৃদু লক্ষণ থকা আন একাংশ ছাত্ৰ-ছাত্ৰীক প্ৰাথমিক চিকিৎসাৰ অন্তত ডিচচাৰ্জ দিয়া হয়।

চিকিৎসালয়খনত চিকিৎসাধীন এগৰাকী ছাত্ৰীয়ে কয়, ‘আমি দুদিন ধৰি এই গেছৰ গোন্ধটো অনুভৱ কৰি বিদ্যালয়ৰ কৰ্তৃপক্ষক অৱগত কৰিছিলো । কিন্তু বিদ্যালয়ৰ কৰ্তৃপক্ষই এই লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। আজি নিৰ্গত হৈ থকা এই গেছৰ বাবে মই উশাহ ল’ব নোৱাৰি অজ্ঞান হৈ পৰিলোঁ, বিদ্যালয় কৰ্তৃপক্ষই মোক পানী খাবলৈ পৰামৰ্শ দিলে যদিও অৱশেষত মোক চিকিৎসালৈ অনা হ’ল।”

আন এগৰাকী আক্ৰান্ত ছাত্ৰৰ মাতৃয়ে ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে, “বিদ্যালয় কৰ্তৃপক্ষই মোক পলমকৈ অৱগত কৰিছিল। মই বিদ্যালয় আহি পোৱালৈ মোৰ ছোৱালীক ইতিমধ্যে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। প্ৰকৃততে কি ঘটিছিল বিদ্যালয় কৰ্তৃপক্ষই তাৰ স্পষ্ট ব্যাখ্যা দিব লাগে।”

ইফালে বিদ্যালয়খনৰ দুগৰাকী ছাত্ৰীক উন্নত চিকিৎসাৰ বাবে ষ্টেনলি চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ(Stanley Government Medical College Hospital) স্থানান্তৰ কৰা হৈছে। তাৰোপৰি অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ এক্স-ৰে, চিটি স্কেন আৰু হাওঁফাওঁৰ কাৰ্য্যক্ষমতা পৰীক্ষা সম্পন্ন কৰা হয়।

ষ্টেনলি হাস্পতালৰ পৰা জনোৱা মতে, তেওঁলোকৰ পৰীক্ষাৰ ফলাফল স্বাভাৱিক পোৱা গৈছে। প্ৰথম অৱস্থাত ছাত্ৰ-ছাত্ৰীসকলে উশাহ-নিশাহ লোৱাত কষ্ট পাইছিল যদিও এতিয়া তেওঁলোকৰ অৱস্থা সুস্থিৰ । এদিন পৰ্যবেক্ষণৰ অন্তততেওঁলোকক ঘৰলৈ পঠিওৱা হ’ব।

ইফালে বিদ্যালয়খনৰ গেছ নিৰ্গত হোৱা স্থানটো পৰিদৰ্শন কৰি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে চলালে অনুসন্ধান । পৰিদৰ্শনৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বাহিনীটোৰ কামাণ্ডেণ্ট এ কে চেলাখানে কয় যে গেছ নিৰ্গত হোৱাৰ অভিযোগ উত্থাপন হোৱা স্থানত গেছৰ কোনো গোন্ধ পোৱা নগ’ল। ক’ৰ পৰা কেনেধৰণৰ গেছ নিৰ্গত হৈছিল আৰু কিহৰ বাবে ছাত্ৰ-ছাত্ৰীসকল অচেতন হৈ পৰিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও তদন্ত অব্যাহত আছে।

লগতে পঢ়ক: লৰেন্স বিষ্ণৈ গেঙৰ ৭ জন শ্বুটাৰক গ্ৰেপ্তাৰ, ৰাজস্থানৰ এজন ব্যক্তিক হত্যাৰ বাবে কৰিছিল পৰিকল্পনা

Related Articles