Israel Carries Out Precise Strikes: ইৰাণৰ ওপৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, তেহৰাণৰ সামৰিক ঘাটি আৰু দাতিকাষৰীয়া অঞ্চলত বোমা বিস্ফোৰণ

টেল আভিভ, ২৬ অক্টোবৰ: শনিবাৰে পুৱা ইৰাণত এক বৃহৎ আক্ৰমণ চলালে ইজৰাইলে। ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে তেহৰাণৰ সামৰিক ঘাটি আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহক লক্ষ্য কৰি চলাই এই আক্ৰমণ(Israel Carries Out Precise Strikes)। আক্ৰমণৰ সময়ছোৱাত কৰা তীব্ৰ বোমাবৰ্ষণ। ইজৰাইল সেনাই ইতিমধ্যে নিশ্চিত কৰিছে এই আক্ৰমণৰ তথ্য(Israel launched airstrikes on military targets in Tehran) । লগতে ইজৰাইলে ইৰাণৰ ওপৰত কৰা এই আক্ৰমণৰ বিষয়ে আমেৰিকাক অৱগত কৰে।

আইডিএফে আক্ৰমণ সন্দৰ্ভত প্ৰদান কৰিলে তথ্য

আই ডি এফে(Israel Defense Forces) টুইটাৰৰ এটা পোষ্টত কয় যে, “ইৰাণত শাসন ব্যৱস্থাই ইজৰাইলৰ বিৰুদ্ধে মাহৰ পিছত মাহ ধৰি বাৰে বাৰে আক্ৰমণ চলোৱাৰ প্ৰতিক্ৰিয়া স্বৰূপে এই মুহূৰ্তত ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে ইৰাণৰ সামৰিক লক্ষ্যৰ(Iranian military targets) বিৰুদ্ধে নিখুঁত আক্ৰমণ চলাই আছে। ইৰাণৰ শাসন আৰু অঞ্চলটোৰ প্ৰতিনিধিয়ে ৭ অক্টোবৰৰ পৰা ইজৰাইলক অবিৰতভাৱে আক্ৰমণ কৰি আহিছে। ইৰাণৰ ভূমিৰ পৰা সাতটা ফ্ৰণ্টত প্ৰত্যক্ষ আক্ৰমণ চলাইছে ।

বিশ্বৰ আন প্ৰতিখন সাৰ্বভৌম দেশৰ দৰে ইজৰাইলৰো ইয়াৰ প্ৰতি সঁহাৰি দিয়াৰ অধিকাৰ আৰু কৰ্তব্য আছে। আমাৰ প্ৰতিৰক্ষামূলক আৰু আক্ৰমণাত্মক ক্ষমতা সম্পূৰ্ণৰূপে কাৰ্যক্ষম। ইজৰাইল ৰাষ্ট্ৰ আৰু ইজৰাইলৰ জনসাধাৰণক সুৰক্ষা প্ৰদানৰ বাবে আমি যি কৰিব লাগে তাকেই কৰিম।”

ইৰাণৰ সামৰিক ঘাটিসমূহত নিখুঁত আক্ৰমণ চলাই আছে বুলি ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে প্ৰকাশ কৰিছে । প্ৰায় এমাহ পূৰ্বে তেহৰানে ইজৰাইলৰ ফালে প্ৰায় ২০০ টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছিল। আইডিএফে জনোৱা মতে, ৭ অক্টোবৰৰ পৰা ইৰাণ আৰু ইয়াৰ সমৰ্থকসকলৰ অবিৰত আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে এই আক্ৰমণ সংঘটিত কৰা হৈছে।

টাইমছ অৱ ইজৰাইলৰ বাতৰি অনুসৰি আইডিএফৰ মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে এক চমু ভিডিঅ’ বিবৃতিত ঘোষণা কৰে যে, এই সময়ত জনসাধাৰণক দিয়া নিৰ্দেশনাৰ কোনো পৰিৱৰ্তন হোৱা নাই, কিয়নো এই আক্ৰমণ ইৰাণৰ ওপৰত চলি আছে । আক্ৰমণ আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ইজৰাইলৰ প্ৰস্তুতিৰ কথা উল্লেখ কৰি ডেনিয়েল হাগাৰীয়ে কয়, ‘আইডিএফ আক্ৰমণ আৰু প্ৰতিৰক্ষাৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত।

ইজৰাইলে এই আক্ৰমণৰ বিষয়ে অৱগত কৰিলে আমেৰিকাক

ইফালে ইৰাণৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়ে ইজৰাইলে অৱগত কৰিছে আমেৰিকাক । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনক এই বিষয়ে অৱগত কৰা হৈছে। ইজৰাইলে আমেৰিকাক প্ৰতিটো বৃহৎ আক্ৰমণৰ খবৰ দিয়ে। যিহেতু ইৰাণ আৰু লেবাননৰ ওপৰত ইজৰাইলৰ আক্ৰমণক সমৰ্থন কৰি আহিছে আমেৰিকাই। সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবেই ইজৰাইলক সমৰ্থন কৰি আহিছে আমেৰিকাই।

Related Articles