Massive Hindu Protest in Bangladesh: বাংলাদেশত হিন্দুৰ শক্তি প্ৰদৰ্শন, সনাতন জাগৰণ মঞ্চৰ আহ্বানত ৰাজপথলৈ ওলাই আহিল লাখে লাখে হিন্দু

ঢাকা, ২৬ অক্টোবৰ: ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰ ক্ষমতাচ্যুত হোৱাৰ পিছৰে পৰা দেশখনত হিন্দুসকলৰ ওপৰত ধাৰাবাহিক আক্ৰমণ চলি আহিছে। ইয়াৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি শুকুৰবাৰে চট্টগ্ৰামত হিন্দুসকলে উলিয়ালে এক বৃহৎ সমদল(Massive Hindu Protest in Bangladesh)। সনাতন জাগৰণ মঞ্চৰ আহ্বানত ৰাজপথলৈ উলাই অহা সমদলকাৰীসকলে বৰ্তমানৰ চৰকাৰখনৰ সন্মুখত আঠটাকৈ গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে(Hindu Rights in Bangladesh)।

বৰ্তমান বাংলাদেশত চলি আছে মহম্মদ ইউনুছৰ নেতৃত্বত চৰকাৰ । ইউনুছ হৈছে চৰকাৰখনৰ মুখ্য উপদেষ্টা। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইউনুছক আমেৰিকা চৰকাৰৰ সমৰ্থক বুলি গণ্য কৰা হয়। ইউনুছে মৌলবাদী শক্তি জামাত-ই-ইছলামী আৰু বিএনপিৰ নিৰ্দেশত কাম কৰে।

যিসমূহ দাবীৰ বাবে হিন্দুসকলে এই বিশাল সমদলটো উলিয়াইছিল(Sanatan Jagaran Mancha protest), তাৰ ভিতৰত তেওঁলোকৰ নিৰাপত্তাৰ বিষয়টোৱেই আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ দাবী । হিন্দুসকলৰ দাবী বাংলাদেশৰ বিভিন্ন অঞ্চলত থকা হিন্দুৰ ওপৰত হোৱা আক্ৰমণ বন্ধ হওক। তেওঁলোকক নিৰাপত্তাৰ ব্যৱস্থা কৰক(Bangladesh Hindu security concerns)। হিন্দুসকলৰ ওপৰত সংঘটিত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যি অভিযোগ দাখিল কৰা হৈছে, সেই অভিযোগসমূহৰ তৎকালীনভাৱে শুনানি গ্ৰহণ কৰিব লাগে।

এই হিংসাৰ বাবে বহু হিন্দুৱে ঘৰৰ পৰা ওলাই যাবলগীয়া হৈছিল । তেওঁলোকৰ বাবে চৰকাৰে পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। তাৰোপৰি চৰকাৰে সংখ্যালঘু সুৰক্ষা আইন কাৰ্যকৰী কৰা, সংখ্যালঘু মন্ত্ৰালয় গঠন কৰা, হিন্দু কল্যাণকামী ট্ৰাষ্টক মুকলিকৈ কাম কৰিবলৈঅনুমতি প্ৰদান আদিকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিলে সমদলত ভাগ লোৱা প্ৰতিবাদকাৰীসকলে(Minority protection laws Bangladesh)।

তাৰোপৰি দেশখনৰ সকলো শিক্ষানুষ্ঠানতে সংখ্যালঘুৰ বাবে পৃথক উপাসনাস্থান নিৰ্মাণ কৰিবলৈকো হিন্দুসকলে চৰকাৰক দাবী জনাইছে। তেওঁলোকৰ আন এক দাবী, সম্পত্তি হস্তান্তৰ প্ৰক্ৰিয়াত তেওঁলোকক স্বাধীনতা দিয়া উচিত। লগতে তেওঁলোকৰ দাবী, সংস্কৃত আৰু শিফ্ট শিক্ষা ব’ৰ্ডক আধুনিকীকৰণ কৰক। দুৰ্গা পূজাত পাঁচ দিনৰ ছুটী দিয়াৰ ব্যৱস্থা কৰক।

উল্লেখ্য যে, প্ৰায় দুসপ্তাহ পূৰ্বে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে বাংলাদেশত হিন্দুসকলৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দি এক বিবৃতি প্ৰকাশ কৰিছিল। বাংলাদেশ চৰকাৰে হিন্দুৰ ওপৰত হৈ অহা আক্ৰমণৰ ঘটনাক গুৰুত্বসহকাৰে লোৱা উচিত বুলি মন্ত্ৰালয়ে উল্লেখ কৰিছিল।

ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে কৈছিল যে এনে ধৰণৰ ঘটনা নিন্দনীয় । আক্ৰমণকাৰীয়ে মন্দিৰ আৰু দেৱতাসকলক অপবিত্ৰ কৰি আছে আৰু ই এক প্ৰণালীবদ্ধ আৰ্হি হৈ পৰিছে। আমি বহু দিন ধৰি ইয়াক দেখি আহিছো। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়, “হিন্দু আৰু সকলো সংখ্যালঘু আৰু তেওঁলোকৰ পূজাস্থলীসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আমি বাংলাদেশ চৰকাৰক আহ্বান জনাইছো।”

লগতে পঢ়ক: Israel Carries Out Precise Strikes: ইৰাণৰ ওপৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, তেহৰাণৰ সামৰিক ঘাটি আৰু দাতিকাষৰীয়া অঞ্চলত বোমা বিস্ফোৰণ

Related Articles