‘সমাজৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত যেতিয়াই আমি মনে মনে থাকিবলৈ আৰম্ভ কৰোঁ সেই দিনাই আমাৰ জীৱন শেষ হৈ যাবলৈ আৰম্ভ কৰে।’ কথাষাৰ কৈছিল মাৰ্টিন লুথাৰ কিং। ‘বননিৰ চকুলো'(Bononir Chokulo) নামৰ শিৱ সাধক, পৰশুৰাম কাকতিৰ দ্বাৰা ৰচিত উপন্যাসখনত সেই কথাই প্ৰতিপন্ন হৈছে। গ্ৰন্থখনৰ পাতনিতে তেওঁ উল্লেখ কৰিছে, এচাম অসাধু লোকৰ কু-মানসিকতাৰ ফলত বননি ৰাজ্যৰ জীৱকুলৰ পৰিৱেশ-পৰিস্থিতিৰ অশুভ বাতাবৰণৰ প্ৰভাৱ মানৱ ৰাজ্যত পৰিছে। ধনবল, বাহুবল, অহংকাৰেৰে মানুহৰ মনবোৰ কলুষিত হৈ পৰিছে(Tears of the Forest)।
এই বিষাক্ত মনবোৰ পৰিস্কাৰ কৰিবলৈ গংগাৰ পানীত গা ধুলেও পৰিস্কাৰ নহ’ব। প্ৰকৃতি প্ৰিয় ব্যক্তিজনে জীৱনৰ বাটত দেখি অহা নীৰৱ প্ৰকৃতিৰ ধংসলীলাৰ দৃৰ্শ্য সৰ্য্য কৰিব নোৱাৰি কাল্পনীক মনৰ ধাৰণাৰে নিজেই প্ৰকৃতিৰ মাজৰ এক প্ৰতিবাদী সত্বা হৈ যুদ্ধংদেহী মনোভাবেৰে প্ৰতিবাদ কৰি উঠিছে। মানৱ জীৱনৰ দৰে এই প্ৰতিবাদী ধাৰণাত অৱশ্যে নাই কোনো হিংসাৰ দাৱানল।
নাই যুদ্ধৰ কলুষিত বাতাবৰণ। ভীষণ এক যুদ্ধ হ’ব যেন এনে আগজাননী দিও আলোচনাৰ মাজেৰে কাহিনীটোৱে সমাপ্তিৰ দিশেৰে আগবাঢ়িছে(Book Review)।
অৱশ্যে উপন্যাস খনৰ আৰম্ভণীতে কেইটামান পৃষ্ঠালৈ প্ৰকৃতি সন্দৰ্ভত এটা চিন্তা গধূৰ প্ৰৱন্ধ পঢ়ি থকা যেন হে লাগে। সেই কথাই স্বাভাৱিক তে বিভ্ৰাত সৃষ্টি কৰিছে যদিও প্ৰকৃতিৰ ওপৰত লিখিত গ্ৰন্থ হিচাপে সৌন্দৰ্য্য হানি কৰা নাই। বৰং মানুহৰ অত্যাচাৰত প্ৰকৃতি আৰু জীৱকুলৰ জীৱনলৈ নামি অহা অশনি সমস্যা ৰাজিক জীৱন্ত ৰূপত উপস্থাপন কৰাত লেখক সাৰ্থক হৈছে।এখন বিৰাট কাল্পনিক ৰাজ্য।
মানৱ জীৱনৰ হাঁহি-কান্দোনৰ ৰংবোৰৰ দৰেই বননী ৰাজ্যৰ জীৱকুলৰ মাজতো বিৰাজমান ভিন্ন ৰঙীন সময়ৰ।বননী ৰাজ্যৰ ৰজা বিশ্বদেৱে কন্যা বননীক সৰস্বতী মাৰ ওচৰত শিক্ষা লাভৰ উদ্দেশ্যে পঠাইছে,নিজেও নৈতিক শিক্ষাদানেৰে গঢ়ি তুলিছে, উপযুক্ত উত্তৰাধিকাৰী ৰূপে। কন্যাক উপযুক্ত পাত্ৰত বিবাহ দিছে।
আৰু বননী ৰাজ্যৰ ৰাজদণ্ড তুলি দিছে কন্যাৰ হাতত। বননী ৰাজকুমাৰীয়েও পিতৃ-মাতৃ-শিক্ষাগুৰু আৰু স্বামী সূৰ্য দেৱতাৰ লগত পৰামৰ্শ কৰি বননী ৰাজ্যৰ সুৰক্ষাৰ উদ্দেশ্যে পদক্ষেপ গ্ৰহণ কৰিছ। উপন্যাস এখনত মানৱ জীৱনৰ পূৰ্ণাঙ্গ চিত্ৰণ ঘটাৰ দৰেই ব্যতিক্ৰমী আলোচিত উপন্যাসখনত বননী ৰাজ্যৰ ৰজা-প্ৰজা আটাইৰে জীৱনৰ ঘাট-প্ৰতিঘাত, আশা-আকাংশা, মিলন-বিৰস আদি বিতংকৈ ৰসাল ভাবে চিত্ৰিত কৰা হৈছে।কব গ’লে চিৰাচৰিত মানৱ জীৱনৰ ভিন্ন পৰ্য্যায় অতিক্ৰম কৰিছে ‘বননীৰ চকুলো’ৰ কাল্পনীক চৰিত্ৰসমূহে। কিন্তু একে হৈও পৃথক যেন কৰবাত।
কাৰণ চৰিত্ৰসমূহ কোনোবা যদি বনৰ পশু-পক্ষী, কোনোবা আকৌ জলচৰ জীৱ, নাইবা প্ৰকৃতিৰ গছ-লতিকা আৰু কেতিয়াবা দেৱতা বা মানুহৰ দৃষ্টিত ভগৱান। বনদস্যূ-জলদস্যূৰ উৎপাতত সবৰ্চ্চ হেৰুৱাৰ উপক্ৰম হোৱা চৰিত্ৰসমূহে নিজৰ দুভাৰ্গ্যৰ কাহিনী আৰু ইয়াৰ পৰিত্ৰানৰ উপায় সন্দৰ্ভত নিজৰ মতামত সমজুৱা ভাবে ব্যক্ত কৰিছে। যেন এখন ৰাজহুৱা মঞ্চত।সমগ্ৰ জীৱকুলেই য’ত একত্ৰিত। বাঘৰ পৰা মাছলৈকে।
ইয়াত প্ৰত্যেক জীৱৰে মানসিকতা তথা চিন্তাৰ পৰিধী, বননী ৰাজ্যৰ টূটী আহিব ধৰা গৰীমা আদি ভিন্ন অভিজ্ঞতাক লেখকে নিজস্ব দৃষ্টিভংগীৰে ফহিঁয়াই চাই সেই বোৰক কলমেৰে তুলি ধৰাৰ ফলত স্পষ্ট হৈ ধৰা দিছে বননীৰ সংকট কালৰ ছবি এখন। যিখন ছবিয়ে প্ৰকৃতিপ্ৰেমী ব্যক্তি এজনৰ মনত এক কৰুণ ৰসৰ সৃষ্টি কৰি তুলিব পাৰে খুব সহজে।
প্ৰকৃতিৰ কৰুণ বিননি লেখকৰ অন্ত:মনতো নিশ্চয় ক্ৰিয়া কৰিছিল। সেয়ে ইমান নিভাঁজ কৈ শব্দৰ মুকুতাৰে গাঁথি নিব পাৰিছে এই কাহিনীক। উপন্যাসখনৰ চৰিত্ৰ আৰু ঘটনা কাল্পনিক হ’লেও কিন্তু বাস্তৱধৰ্মী আৰু পত্যয়জনক।উপন্যাসখনত লেখকৰ জীৱনৰ আদৰ্শ আৰু প্ৰকৃতি আৰু জীৱন সম্পৰ্কে লেখকৰ অভিজ্ঞতা আৰু প্ৰকৃতি প্ৰীতি স্পষ্ট হৈ ধৰা দিছে। ‘বননীৰ চকুলো’ গ্ৰন্থখনত লেখকৰ পিতৃসুলভ মানসিকতা আৰু গুৰু সুলভ আদৰ্শ-স্পষ্ট।
শিৱ সাধক, পৰশুৰাম কাকতিৰ নিজস্ব দৃষ্টিভংগীৰে, এজন সচেতন নাগৰিক হিচাপে, এজন সচেতন অসমীয়া তথা ভাৰতীয় প্ৰকৃতি প্ৰেমীৰ জীৱনৰ অনুভৱ বুলি লৈ বিষয় বস্তুৰ গভীৰতা সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰিলে বহু ক্ষেত্ৰত উপকৃত হোৱাৰ অৱকাশ আছে।
বিষয় বস্তুৰ নিৰ্বাচন আৰু দৃষ্টিভংগী একান্তই ব্যক্তিগত হ’লেও ইয়াৰ অন্তৰালত নিহিত হৈ আছে গভীৰ প্ৰকৃতি প্ৰেমৰ ভাবনা। গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাতে প্ৰতিফলিত হয় লেখকৰ কল্পনা প্ৰৱন মনৰ সুক্ষ্ম অনুভৱ, জাতিষ্কাৰ প্ৰকৃতিৰ অলেখ সেউজীয়া।
উপন্যাসখনৰ নায়ক -নায়িকা হিচাপে যদি চাও, তেন্তে বননী ৰাজকুমাৰী কেন্দ্ৰীয় নাৰী চৰিত্ৰ হোৱাৰ বিপৰীতে নায়ক বুলি একেবাৰে কৈ দিব পৰাকৈ চৰিত্ৰ স্পষ্ট হৈ নুঠিল।
সূৰ্য দেৱ চৰিত্ৰটো আছিল যদিও কাহিনীৰ গতিত এই চৰিত্ৰ ই বিশেষ অগ্ৰগতি লাভ নকৰিলে। আনহাতে বিশ্ব দেৱৰ চৰিত্ৰটো পিতৃ, গুৰু বা পৰামৰ্শ দাতা হিচাপে উপস্থাপন কৰা দেখা গ’ল। বাঘ, তিমি মাছ, শিয়াল আদিকে ধৰি আৰু বহু চৰিত্ৰ আছিল যদিও নায়ক সজাব পৰা নাযায় সেই চৰিত্ৰক।
গতিকে একেষাৰে কব গ’লে গ্ৰন্থখন নায়িকা প্ৰধান উপন্যাস বুলিব পাৰি। কাহিনীয়ে ই যিহেতু উপন্যাসৰ মৌলিক উপাদান। গ্ৰন্থখনত লেখকৰ সুন্দৰ কাহিনী চিত্ৰন আৰু বৰ্ণনাত্মক কথা শিল্প খুবেই আকৰ্ষণীয় আছিল। কিন্তু কাহিনীয়ে উৎকণ্ঠা বহন কৰিব নোৱাৰিলে। উপন্যাস এখনৰ শৰীৰ স্বৰূপ কাহিনী আৰু প্লট।
কাহিনীৰ দিশটোক গুৰুত্ব প্ৰদান কৰাত কাহিনী আকৰ্ষণীয় হৈ উঠিল যদিও প্লট সৃষ্টি নহ’ল। কাহিনী আৰু প্লট এটা আনটোৰ পৰিপূৰক। গতিকে কাহিনীয়ে চৰিত্ৰ প্ৰকাশ কৰিলে।
কিন্তু প্লট নথকাৰ বাবেই চৰিত্ৰৰ বিকাশ নহ’ল। লেখকে কেতবোৰ আদৰ্শ বা নৈতিক প্ৰমূল্যৰ ওপৰত আলচ কৰাত অধিক উৎসাহ দেখুৱাইছে। ইয়াৰ বিপৰীতে ঘটনাৰ উপস্থাপন আৰু চৰিত্ৰৰ বিকাশত মুখথেকেচা খাব লগা হৈছে। প্ৰকৃতিৰ বৰ্ণনা তেওঁৰ সুন্দৰ হৈছে।
আমাজন, সপ্তসাগৰ আদিৰ কথা উল্লেখ কৰিলেও, বননীৰ চকুলোত বৰ্ণিত প্ৰকৃতি কিন্তু অসমৰ চিনাকী প্ৰকৃতিৰ ছবি। ভূ-গৰৰ্ভৰ মাজত পোৱা প্ৰাকৃতিক সম্পদক ‘ধন-সম্পদ’ শব্দ দুটাৰে বৰ সুন্দৰকৈ প্ৰতিকাত্মক ৰূপত লেখকে উপস্থাপন কৰিছে। ‘কঁপালত পিন্ধাই দিলো সূয্যৰ সেন্দুৰীয়া ৰঙা তিলক।
ৰাতিপুৱা-গধুলি সদায় তিলক ধাৰণ কৰিবা। উপহাৰ স্বৰূপে দিলো, ৰামধেনুৰ সাত ৰঙী বস্ত্ৰ। বননী ৰাজ্যৰ হৈ সংগ্ৰাম কৰিবলৈ গলে পৰিধান কৰিবা বস্তখনি।শত্ৰু জয়ৰ সাৰথি হমগৈ তোমাৰ।বাকী থকা কথা পিতৃ-মাতৃৰ লগত আলচ কৰিবা আনন্দেৰে গৈ নিজ গৃহলৈ। কৰিলো আশীৰ্বাদ মৰম, প্ৰেমেৰে।
‘সূয্যদেৱে প্ৰেমিকা বননী ৰাজকুমাৰীক দিয়া প্ৰেমৰ উপহাৰৰ কথাখিনিত প্ৰাচীন ৰোমাঞ্চৰ সুন্দৰ উপমা এটি প্ৰতিভাত হয়। উপন্যাসখনত কেন্দ্ৰীৰ চৰিত্ৰ টিৰ মাজেৰে শৃংগাৰ ৰসৰ প্ৰয়োগ কৰা হ’লে আৰু আকৰ্ষণীয় হৈ উঠিল হেঁতেন। কাহিনীৰ গতিত মিশ্ৰীতভাৱে কৰুণ ৰসৰ সমাবেশ ঘটিছে। সেই কৰুণতাক আৰু অধিক জীৱন্ত কৰাৰ থলো আছিল অৱশ্যে।
বহু সময়ত শব্দৰ গাঁঠনিত পুনৰাবৃত্তিয়ে স্থান পাইছে। অৱশ্যে লেখকৰ শুৱলা মধুৰ অসমীয়া ভাষাৰ শব্দ প্ৰয়োগ মন কৰিবলগীয়া।প্ৰথমৰ পৰা শেষলৈ মিশ্ৰিত ভাষাৰ এটা শব্দৰো প্ৰয়োগ নঘটাটো অন্যতম লেখত লবলগীয়া কথা। (ইংৰাজী, হিন্দী আদি) বননীৰ চকুলো গ্ৰন্থখনৰ আগতে অসমীয়া ভাষাত পৰিবেশ সম্বন্ধীয় এনে আন এখন মনোৰম গ্ৰন্থ পঢ়াৰ কথা মনত নপৰে।
বিশ্ববিশ্ৰুত মাৰ্কিন ঔপন্যাসিক আৰ্নেষ্ট হেমিংৱেৰ ‘দ্য অ’ল্ড মেন এণ্ড দ্য চি'(The Old Man and the Sea) নামৰ ন’বেল বঁটা প্ৰাপ্ত উপন্যাস খনত হেমিংৱেৰ বৰ্ণনাত “মাৰ্লিন মাছ”টোৱে এটা চৰিত্ৰৰ ৰূপ লাভ কৰাৰ দৰে বননীৰ চকুলো গ্ৰন্থখনত তিমি মাছ, বাঘ, জটায়ু, চিলনী, ঘোঁৰা, হাতী আদি জীৱ-জন্তু বোৰে একোটা সুন্দৰ চৰিত্ৰ ৰূপে কাহিনীৰ অগ্ৰগ্ৰতিত সমল যোগাইছে।
সহজ-সৰল কথাৰে এক কথাত কব গ’লে বননীৰ চকুলো উপন্যাসখন বৰ্ণনাত্মক কলাৰ এক উজ্বল নিদৰ্শন বুলিব পাৰি। উপন্যাস খনত ঔপন্যাসিকে নিজৰ আদৰ্শ প্ৰকাশৰ বাবে এটা সুকীয়া চৰিত্ৰ নিৰ্মাণ কৰি লোৱাৰ অৱকাশ আছিল।
সেই সুযোগ লেখকে নল’লে। অৱশ্যে তেওঁ সৃষ্ট চৰিত্ৰসমূহৰ মনৰ ভাব পাঠকৰ মনত প্ৰত্যয় জন্মাকৈ দিব পাৰিছে। শিৱ সাধক, পৰশুৰাম কাকতি, ব্যক্তিজন অত্যন্ত সৰল আৰু প্ৰকৃতি প্ৰাণ। সেই কথা গ্ৰন্থখনৰ পাতে পাতে প্ৰতিভাত হৈছে। উপন্যাসখনৰ জঢ়িয়তে লেখকে চৰকাৰী পক্ষৰো দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছে।
জ্ঞাত-অজ্ঞাত বন সুৰক্ষা কৰ্মীৰ স্মৃতিতে উৎসৰ্গা কৰিছে গ্ৰন্থখন। সেয়া লেখকৰ এক মহানুভৱতা। ক্ৰমাগত ভাৱে ধ্বংসৰ গ্ৰাহত সোমাই পৰা পৃথিৱী খনক কিদৰে মানৱ আৰু প্ৰকৃতিৰ বুজাবুজিৰ দ্বাৰা মুক্ত কৰিব পাৰি এই বিষয়ে তেওঁ যুক্তি সংগত মন্তব্য দাঙি ধৰিছে। হিংসাৰ অৱসান ঘটাই বিশ্বত শান্তি প্ৰতিষ্ঠাৰ আহ্বান আৰু তেওঁ লেখনিৰ মাজত প্ৰতিফলিত হৈছে।
সমাজত বাহি অহা নৃশংস ঘটনাসমূহৰ কাৰণ বিশ্লেষণ কৰি ইয়াৰ পৰা পৰিত্ৰাণ কিদৰে সম্ভৱ বা কিদৰে অপৰাধিৰ গতিপথ ৰুদ্ধ কৰাৰ ক্ষেত্ৰত প্ৰকৃতিয়েও প্ৰয়োজন হ’লে নিজৰ মৰণাস্ত মানৱৰ বিৰুদ্ধে প্ৰয়োগ কৰিব পাৰে সেই বিষয়ে লেখকে মত পোষণ কৰিছে।
অ-বিবেকী মানুহৰ কৰ্ম কাণ্ড ৰ বাবে ভৱিষ্যতে কেনেধৰণৰ ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে তাৰ ইংগিত দিয়াৰ লগতে, ইয়াৰ আঁৰৰ কাৰণ কি থাকিব পাৰে, এনেধৰণৰ বিপদৰ পৰা ৰক্ষা পাবলৈ বনাঞ্চল সমূহৰ ৰক্ষণা বেক্ষণ তথা বনাঞ্চলৰ প্ৰয়োজনীয়তাৰ বাৰ্তা এটাও বহন কৰিছে উপন্যাসখনে।
গোলকীয় উষ্ণতাৰ ফলত ধৰালে নামি অহা সংকট, বনাঞ্চল ধ্বংসৰ ফলত বন্য জন্তু আৰু মানুহৰ সংঘাটৰ কথা সাহিত্যৰ মাজেৰে আকৰ্ষিত ৰূপত উপস্থাপন কৰাত সক্ষম হৈছে লেখক।
প্ৰকৃতি ৰাজ্যৰ জাকজমকতা, অহংকাৰী মানুহৰ বাবে প্ৰকৃতি ৰাজ্যলৈ নামি অহিব ধৰা বিপদৰ কাহিনী সাধাৰণ মানুহে বুজি উপলব্ধি কৰিব পৰাকৈ শক্তিশালী ৰূপত উপস্থাপন কৰিব পৰাটো লেখকৰ অনন্য কৃতিত্ব। গ্ৰন্থখনৰ বিষয় বস্তু সমূহত কেৱল সচেতন পাঠকেই নহয় চৰকাৰী প্ৰশাসনেও দৃষ্টি নিক্ষেপ কৰিলে আমাৰ ৰাজ্যখনৰ বহু গুৰুত্বপূৰ্ণ সমস্যাৰ সমাধান সূত্ৰ বিচাৰি পাব।
বৰ্তমান সময় উপযোগী অত্যন্ত প্ৰয়োজনীয়, বিষয় নিৰ্বাচন কৰি লিখা ‘বননীৰ চকুলোট’ গ্ৰন্থখন বৰ্তমানৰ প্ৰেক্ষাপটত নিতান্তই এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ। যদিওবা লেখকে নিজস্ব দৃষ্টিভংগীৰে বিশ্লেষণ কৰিছে বাবে সৰু সুৰা দুই এটা কথাত পাঠকৰ সতে মত পাৰ্থক্যৰ অৱকাশ আছে। এনে সৰু সুৰা মত পাথক্য এৰাই চলিলে প্ৰত্যেকজন পাঠকেই নিশ্চয় ক’ব। এখন বৰ সুন্দৰ গ্ৰন্থ পঢ়িলোঁ(Beautiful Book)।
লেখক: পাৰিজাত সন্দিকৈ