BJP National President: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ’ব পাৰে ৰাষ্ট্ৰীয় উপ-সভাপতি

গুৱাহাটী, ২৬ অক্টোবৰ: সলনি হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি।দিল্লীৰ এক বিশ্বাসযোগ্য সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ ডিচেম্বৰ মাহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ(BJP National President) নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সভাপতিৰ পদৰ বাবে উচ্চাৰিত হৈছে কেইবাগৰাকীও শীৰ্ষ নেতাৰ নাম। সূত্ৰটোৱে প্ৰকাশ কৰা মতে সভাপতিৰ উপৰি ডিচেম্বৰ মাহতে বিজেপিৰ উপ-সভাপতি পদতো যোগ্য ব্যক্তিক নিযুক্তি দিবলৈ তৎপৰ হৈ পৰিছে গেৰুৱা শিবিৰৰ ঊধৰ্বতন মহল।

ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দাবীদাৰ হিচাপে কেইবাগৰাকীও শীৰ্ষ নেতাৰ নাম উচ্চাৰিত হৈছে। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে নাম উচ্চাৰিত হোৱা ব্যক্তি কেইগৰাকী হৈছে ক্ৰমে— শিৱৰাজ সিং চৌহান, ধৰ্মেন্দ্ৰ প্ৰধান, অনুৰাগ ঠাকুৰ, সুনীল বাঞ্চাল আদি।

সূত্ৰটোৰ মতে এইসকল ব্যক্তিৰ মাজৰ পৰাই কোনো এগৰাকী ব্যক্তিক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হ’ব পাৰে। এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে, বিজেপিৰ উপ-সভাপতি(Vice President) পদ কোনে কোনে অলংকৃত কৰিব? সূত্ৰটোৱে সদৰী কৰা অনুসৰি উপ-সভাপতি পদৰ বাবে উচ্চাৰিত হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ(CM Himanta Biswa Sharma) নাম।

উল্লেখ্য, হিমন্ত বিশ্ব শৰ্মা ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰেক্ষাপটত এতিয়া জিলিকি উঠিছে। দেশৰ কেইবাখনো ৰাজ্যৰ নিৰ্বাচনী গুৰু দায়িত্ব লাভ কৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকী এতিয়া কেৱল অসমৰেই মুখ্যমন্ত্ৰী হৈ থকা নাই, এক কথাত এগৰাকী শক্তিশালী ৰাষ্ট্ৰীয় নেতা হিচাপে পৰিগণিত হৈছে।

হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি থকা গেৰুৱা দলৰ শীৰ্ষ নেতৃত্বৰ অগাধ বিশ্বাসৰ বাবেই তেওঁক ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড আদি ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নেতৃত্বই দায়িত্ব অৰ্পণ কৰিছে(PM N Modi)।

দেশত বিজেপিশাসিত বহুকেইখন ৰাজ্য থকাৰ পিছতো তেনে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সলনি বিভিন্ন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত গেৰুৱা দলৰ শীৰ্ষ নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাকেই বাছনি কৰাৰ কথা নেতাগৰাকীৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠা ভাবমূৰ্তিকেই বাৰে বাৰে প্ৰমাণ কৰি আহিছে।(Anurag Thakur)

সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি ডিচেম্বৰ মাহতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় ৰাজনীতিলৈ যাত্ৰা হয়তো আৰম্ভ হ’ব পাৰে।

কাৰণ সেই সময়তে বিজেপিয়ে ৰাষ্ট্ৰীয় সভাপতিগৰাকী নিৰ্বাচন কৰাৰ উপৰি উপ-সভাপতিৰ পদবীও পূৰণ কৰিব। সূত্ৰটোৱে এই কথা প্ৰকাশ কৰিছে যে বিজেপিৰ শীৰ্ষ নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাক দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ উপ-সভাপতি হিচাপে নিযুক্ত কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

উল্লেখ্য, অসমৰ পৰা দিলীপ শইকীয়া বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সাধাৰণ সম্পাদক পদত আছিল। কিন্তু সাধাৰণ সম্পাদকৰ দৰে এটা গুৰুত্বপূৰ্ণ পদত থকাৰ পিছতো দিলীপ শইকীয়াৰ কাৰ্যকলাপ আছিল তেনেই সীমিত। কিন্তু এইক্ষেত্ৰত বিজেপিৰ শীৰ্ষ নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাৰ পৰা বহু বেছি আশা কৰা বুলি সূত্ৰটোৱে প্ৰকাশ কৰে।

সূত্ৰটোৱে লগতে এই বুলিও কৈছে যে হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ উপ-সভাপতি পদত অধিষ্ঠিত কৰাৰ পিছতে তেওঁৰ ৰাষ্ট্ৰীয় ৰাজনীতিৰ যাত্ৰা অতি সুচল হৈ পৰিব।

‘দৈনন্দিন বাৰ্তা’ত(Dainandin Barta) পূৰ্বে এক প্ৰতিবেদনত বিশ্বস্ত সূত্ৰৰ তথ্যৰ ভিত্তিত এই বুলি প্ৰকাশ কৰা হৈছিল যে হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ শীৰ্ষ নেতৃত্বই ৰাষ্ট্ৰীয় ৰাজনীতিলৈ যোৱাটো একান্ত মনে কামনা কৰি আহিছে। সেই সময়ত সূত্ৰটোৱে এই বুলিও প্ৰকাশ কৰিছিল যে হিমন্ত বিশ্ব শৰ্মাক হয়তো দেশৰ গৃহমন্ত্ৰীৰ দায়িত্বও অৰ্পণ কৰা হ’ব পাৰে। উল্লেখ্য, হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ পথাৰত শেহতীয়াকৈ নিজৰ দক্ষতা পুনৰবাৰ প্ৰমাণ কৰিবলৈ সক্ষম হৈছে।

শৰ্মাই ইতিমধ্যে কৰ্ণাটক বিধানসভা নিৰ্বাচনত প্ৰচাৰ চলাইছে। একেদৰে মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেংগানা, ছত্তীশগড়, ঝাৰখণ্ড আদি ৰাজ্যতো হিমন্ত বিশ্ব শৰ্মাই এগৰাকী শক্তিশালী ৰাষ্ট্ৰীয় নেতাৰ দৰেই প্ৰচাৰ চলাইছে।

কেৱল সেয়াই নহয় দিল্লী পৌৰ নিগমৰ নিৰ্বাচনৰ সময়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদেশতে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাইছিল। চলিত বৰ্ষৰ ৯ মে’ৰ পৰা ২৮ মে’লৈ হিমন্ত বিশ্ব শৰ্মাই দেশৰ বিভিন্ন স্থানত ৫৭খন নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিছে।

গড়ে তেওঁ ১৯ দিনত প্ৰতিদিনে ৩খনকৈ নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ পুনৰ ঝাৰখণ্ডত হিমন্ত বিশ্ব শৰ্মাক ষ্টাৰ কেম্পেইনাৰ হিচাপে নিযুক্তি দিছে গেৰুৱা বাহিনীয়ে।

এনেবোৰ দিশলৈ চাই সূত্ৰটোৱে প্ৰকাশ কৰাৰ দৰেই হয়তো ডিচেম্বৰ মাহতে হিমন্ত বিশ্ব শৰ্মা হ’ব পাৰে ৰাষ্ট্ৰীয় ৰাজনীতিমুখী যাত্ৰা। অৱশ্যে ক’ৰ পানী ক’লৈ যায় সেয়া সময়েহে ক’ব।

Related Articles