Israeli Airstrikes On Iran: ইৰাণৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণক গৰিহনা কাটাৰ, জৰ্ডান, ইউ এ ইৰ

ইণ্টাৰনেশ্যলেন ডেস্ক, ২৬ অক্টোবৰ: ইৰাণৰ ভূখণ্ডত ইজৰাইলে চলোৱা বিমান আক্ৰমণক চৌদি আৰৱৰ পাছতে কাটাৰ, জৰ্ডান আৰু ইউএইয়ে দিলে গৰিহণা (Israeli Airstrikes On Iran)। লগতে অঞ্চলটোৰ নিৰাপত্তা আৰু স্থিৰতাক লৈ প্ৰকাশ কৰিছে গভীৰ উদ্বেগ।

কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত ৰাষ্ট্ৰখনে, ইজৰাইলে ইছলামিক গণৰাজ্য ইৰাণক লক্ষ্য কৰি লোৱাৰ কাৰ্য্যক কঠোৰ নিন্দা প্ৰকাশ কৰাৰ লগতে এই কাৰ্য্যক ইৰাণৰ সাৰ্বভৌমত্ব আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ নীতিৰ স্পষ্ট উলংঘন বুলি বিবেচনা কৰিছে(State of Qatar) ।

এই সংঘাতৰ ফলত হ’ব পৰা গুৰুতৰ প্ৰতিক্ৰিয়াৰ সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰি কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ে(Qatar Foreign Ministry) দুয়োপক্ষক সংযম হৈ আলোচনা আৰু শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি কৰি, অঞ্চলটোৰ নিৰাপত্তা আৰু স্থিতিশীলতাক অস্থিৰ কৰি তুলিব পৰা যিকোনো কামৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰিও কাটাৰে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক শান্তিৰ বাবে প্ৰচেষ্টা তীব্ৰতৰ কৰি অঞ্চলটোৰ জনসাধাৰণৰ বিশেষকৈ গাজা আৰু লেবাননত হৈ অহা অশান্তি অন্ত পেলোৱাৰ বাবে আহ্বান জনাইছে ।

জৰ্ডানৰ বৈদেশিক পৰিক্ৰমা আৰু প্ৰবাসী মন্ত্ৰালয়ে(Jordan Ministry of Foreign Affairs) ইৰাণৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণ আন্তঃৰাষ্ট্ৰীয় আইন উলংঘন বুলি দৃঢ়তাৰে কৈ ইয়াৰ ফলত অঞ্চলটোত অধিক উত্তেজনাৰ সৃষ্টি হ’ব পাৰে বুলি উল্লেখ কৰে ।

জৰ্ডানৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰাষ্ট্ৰদূত চুফিয়ান আল-কুদাহে অঞ্চলটোৰ বিপজ্জনক সংঘৰ্ষ আৰু আন্তঃৰাষ্ট্ৰীয় আইন উলংঘাক ৰাষ্ট্ৰখনে সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অঞ্চলটোৰ স্থিৰতা আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা সংঘাতৰ বিৰুদ্ধে সকীয়নি প্ৰদান কৰে ।

আল-কুদাহে তেওঁৰ মন্তব্যত কলে, ‘আমি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্দায়ক নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনাইছো আৰু গাজা, পশ্চিম তীৰ আৰু লেবাননত ইজৰাইলৰ আক্ৰমণ বন্ধ কৰোৱাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো, যিটো হৈছে ইজৰাইলৰ আন্তৰ্জাতিক আইন আৰু ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ উলংঘন বন্ধ কৰাৰ দিশত প্ৰথম পদক্ষেপ আৰু ইজৰাইলৰ নিৰন্তৰ আক্ৰমণৰ ধ্বংসাত্মক পৰিণামৰ পৰা অঞ্চলটোৰ নিৰাপত্তা আৰু স্থিৰতাক সুৰক্ষিত কৰা।’

ইউ এ ইয়ে ইৰাণৰ সামৰিক ঘাটিক লক্ষ্য কৰি ইজৰাইলে কৰা বিমান আক্ৰমণক তীব্ৰ গৰিহণা দিয়াৰ লগতে অঞ্চলটোৰ নিৰাপত্তা আৰু স্থিৰতাৰ ওপৰত পৰা ইয়াৰ প্ৰভাৱক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে।

ইউ এ ইৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিৰ জৰিয়তে বিপদাশংকা আৰু সংঘাতৰ সম্প্ৰসাৰণ পৰিহাৰ কৰিবলৈ অত্যাধিক সংযম আৰু বুদ্ধিমত্তাৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

মন্ত্ৰালয়ে লগতে উল্লেখ কৰে যে, আলোচনা বৃদ্ধি, আন্তঃৰাষ্ট্ৰীয় আইন পালনৰ লগতে ৰাষ্ট্ৰসমূহৰ সাৰ্বভৌমত্বক সন্মান কৰাটোৱেই হৈছে বৰ্তমানৰ সংকটসমূহ সমাধানৰ বাবে সৰ্বোত্তম উপায়। এই প্ৰেক্ষাপটত ইউ এ ইয়ে কূটনৈতিক উপায়েৰে বিবাদ নিষ্পত্তি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

ইয়াৰ পূৰ্বে ছৌদি আৰবে ইৰাণক লক্ষ্য কৰি ইজৰাইলী সেনাই গ্ৰহণ কৰা আক্ৰমণক তীব্ৰ গৰিহনা দিয়াৰ লগতে গভীৰ উদ্বেগ প্ৰকাশ কৰে । এই আক্ৰমণক সাৰ্বভৌমত্ব উলংঘন আৰু আন্তঃৰাষ্ট্ৰীয় আইন আৰু নীতি-নিয়ম উলংঘা কৰা বুলি ছৌদি আৰবে উল্লেখ কৰে ।

চৌদি আৰবৰ বৈদেশিক মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিৰ জৰিয়তে বৰ্তমান অব্যাহত থকা তীব্ৰ সংঘাত আৰু অঞ্চলটোৰ দেশ আৰু জনসাধাৰণৰ নিৰাপত্তা আৰু স্থিৰতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা সংঘাতৰ সম্প্ৰসাৰণক প্ৰত্যাখ্যান কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰখনে নিজৰ অটল স্থিতি নিশ্চিত কৰিছে । ৰাষ্ট্ৰখনে সকলো পক্ষকে অত্যাধিক সংযম হৈ উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান জনাইছে। লগতে অঞ্চলটোত অব্যাহত সামৰিক সংঘৰ্ষৰ পৰিণতিৰ বিষয়ে সতৰ্ক কৰি দিছে।

লগতে বিবৃতিটোত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় আৰু প্ৰভাৱশালী আৰু সক্ৰিয় পক্ষসমূহক উত্তেজনা হ্ৰাস কৰা আৰু অঞ্চলটোত সংঘাতৰ অন্ত পেলোৱাৰ দিশত নিজৰ ভূমিকা আৰু দায়িত্ব পালন কৰিবলৈ আহ্বান জনোৱা হৈছে। ইফালে ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে শনিবাৰে ঘোষণা কৰে যে ইৰাণৰ একাধিক সামৰিক ঘাটিৰ বিৰুদ্ধে “সঠিক আৰু লক্ষ্যভিত্তিক আক্ৰমণ” সফলতাৰে সম্পূৰ্ণ কৰা হৈছে যিয়ে ইজৰাইলৰ বাবে তাৎক্ষণিক ভাবুকিৰ সৃষ্টি কৰিছে।

ইজৰাইলী বায়ুসেনাৰ সহযোগত শনিবাৰে পুৱতি নিশা তিনিটা ৱেভত চলোৱা এই আক্ৰমণ যোৱা ১ অক্টোবৰত বেলিষ্টিক মিছাইল আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে সংঘটিত হৈছিল বুলি আইডিএফৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল ডেনিয়েল হাগাৰে প্ৰকাশ কৰে।

“আমাৰ বাৰ্তা স্পষ্ট – যিসকলে ইজৰাইলক ভাবুকি দিয়ে আৰু অঞ্চলটোক অধিক অস্থিৰ কৰিবলৈ চেষ্টা কৰিব, তেন্তে তাৰ মূল্য যথেষ্ট ভুগিব লাগিব । আমি আজি প্ৰমাণ কৰিলোঁ যে আমাৰ নিৰ্ণায়কভাৱে কাৰ্য কৰাৰ ক্ষমতা আছে আৰু আক্ৰমণ আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আমি সাজু।” ইজৰাইল আৰু ইজৰাইলী নাগৰিকসকলক সুৰক্ষা দিবলৈ এইদৰে কলে আইডিএফৰ মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে। তেওঁ লগতে কয় যে, “আইডিএফে(Israeli Air Force) নিজৰ মিছন সফলতাৰে সমাপ্ত কৰিছে।ইৰাণ চৰকাৰে যদি নতুনকৈ কোনো সংঘাত সূচনা কৰাৰ ভুল কৰে তেন্তে আমি ইয়াৰ উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিম।”

লগতে পঢ়ক: ইৰাণৰ ওপৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, তেহৰাণৰ সামৰিক ঘাটি আৰু দাতিকাষৰীয়া অঞ্চলত বোমা বিস্ফোৰণ

Related Articles