Jyoti Chitraban । জ্যোতি চিত্ৰবনত চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰম মহোৎসৱ আৰম্ভ

গুৱাহাটী -২৬ অক্টোবৰ : চলচ্চিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰাৰ মহান উদ্দেশ্য সন্মুখত ৰাখি আয়োজিত অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৪ৰ আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে । গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন প্ৰাংগনত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই কয় যে, ছবি এখন নিৰ্মাণ কৰোতে কাৰিকৰ, ব্যৱসায়ীক, সাংস্কৃতিক দিশ আদিৰ প্ৰতি মনোযোগ দিয়াৰ সমান্তৰালভাৱে চৰিত্ৰ সমূহ উপস্হাপনত লক্ষ্য ৰাখিব লাগে ৷ (Jyoti Chitraban)

চলচ্চিত্ৰ নিৰ্মাণত চৰিত্ৰ সমূহ উপস্হাপনৰ বেলিকা বিশেষকৈ শিক্ষকৰ চৰিত্ৰ ৰূপায়ণত বেছিভাগ সময়তে নেতিবাচক দিশ সমূহ দেখুওৱালে সমাজত নেতিবাচক প্ৰভাৱ পৰে বুলি উপাচাৰ্য গৰাকীয়ে প্ৰকাশ কৰে ৷ চিনেমা বা নাটকত বিশেষকৈ শিক্ষক বা তেনে ধৰণৰ সম্মানীয় চৰিত্ৰৰ নেতিবাচকভাৱে প্ৰদৰ্শন কৰিব নালাগে বুলি তেখেতে আক্ষেপ প্ৰকাশ কৰে ৷ আনহাতে, চিনেমা প্ৰদৰ্শনৰ আৰম্ভণিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা পুস্তিকাখন মুকলি কৰি ৰাষ্ট্ৰীয় বঁটা প্ৰাপক সংগীত শিল্পী তৰালী শৰ্মাই কয় যে, চলচ্চিত্ৰমে মহোৎসৱ অনুষ্ঠিত কৰি উদ্যোগটোৰ লগত জড়িত লোক সকলক উৎসাহিত কৰিব ৷ এনে ধৰণৰ অনুষ্ঠান ব্যাপক হাৰত হ’ব লাগে বুলি তৰালী শৰ্মাই মন্তব্য কৰে ৷

উল্লেখ্য, চলচ্চিত্ৰমৰ ছবি মহোৎসৱত ৫০ খন তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। মহোৎসৱত মুঠ ২৮ খন ছবি প্ৰদৰ্শন কৰা হৈছে ৷ প্ৰতিযোগিতামুলক আৰু অনা-প্ৰতিযোগিতামুলক এই দুই শাখাত ছবিসমূহ প্ৰদৰ্শিত হ’ব। আজি মহোৎসৱৰ উদ্বোধনী চলচ্চিত্ৰ হ’ব প্ৰবাল খাউণ্ড পৰিচালিত আৰু গোপাল জালান আৰু ধ্ৰুৱজ্যোতি কাকতি প্ৰযোজিত ছবি “দ্য লাষ্ট জেনেৰেশ্যন” প্ৰদৰ্শন কৰা হয়।

কাইলৈ বঁটা বিজয়ী চিত্ৰ নিৰ্মাতাসকলক সামৰণি অনুষ্ঠানত অসমৰ স্বনামধন্য অভিনেত্ৰী মৃদুলা বৰুৱা, ইণ্ডিয়ান ডকুমেন্টৰী প্ৰযোজক সন্হাৰ সভাপতি সংস্কাৰ দেশাই, চলচ্চিত্ৰ নিৰ্মাতা ড: সন্তোষ পাঠাৰে, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ প্ৰাপ্ত পৰিচালক যদুমণি দত্ত, মণিপুৰৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ঐনাম গৌতমৰ লগতে চলচ্চিত্ৰ জগতৰ বিশিষ্ট ব্যক্তি তথা চিনেমা অনুৰাগীৰ উপস্থিতিত নগদ ধনৰ পুৰস্কাৰ, ট্ৰফী আৰু প্ৰমান পত্ৰেৰে সন্মানিত কৰা হ’ব। আয়োজক সমিতিৰ সম্পাদক তথা বিশিষ্ট অভিনেতা ভগৱৎ প্ৰীতমে জানিবলৈ দিয়া মতে , এই মহোৎসৱৰ আয়োজনে উদীয়মান চলচ্চিত্ৰ নিৰ্মাতা সকলক চলচ্চিত্ৰ নিৰ্মাণ অকল ধন ঘটাৰ মাধ্যম হিচাপে নহয়, সমগ্ৰ উপমহাদেশখনত সামাজিক পৰিবৰ্তনৰ শক্তিশালী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ বাবে অনুপ্ৰাণিত কৰিব ।

Related Articles