BTC Elections: বিটিচি নিৰ্বাচনত বিপিএফে কাৰো লগত নকৰে মিত্ৰতা

গুৱাহাটী, ২৬ অক্টোবৰঃ বিটিচিৰ নিৰ্বাচন ২০২৫ চনৰ এপ্ৰিল মাহতে অনুষ্ঠিত হ’ব আৰু বিপিএফ দলে কমেও ২৫-৩০খন আসনত জয়লাভ কৰি অকলেই চৰকাৰ বনাব। নিৰ্বাচনৰ(BTC Elections) আগে পাছে বিপিএফ দলে কোনো দলৰ লগত মিত্ৰতা নকৰে। মিত্ৰতাৰ বিষয়ে ইউপিপি এল দলে যি বিলাক কথা কয় সেই বিলাক কথা বিশ্বাস নকৰিব৷

ৰাইজক বিভ্ৰান্ত কৰিবলৈ ইউপিপিএলৰ এয়া ষড়যন্ত্ৰ। অকল ইউপিপিএল নহয় বিপিএফে কংগ্ৰেছ, অগপ, বিজেপি বা অন্য কোনো দলৰ লগত মিত্ৰতা নকৰে এয়া স্পষ্ট কথা৷ মিত্ৰতা সম্পৰ্কীয় কোনো কথাতে দলৰ কৰ্মী-সমৰ্থকক দুশ্চিন্তাত ভূগিব নালাগে৷ বিপিএফ(BPF) দলে ১৭ বছৰে শান্তিৰে শাসন কৰিছে৷

অলপ সময় ধৈৰ্য ধৰক৷ পুনৰায় বিটিচিত বিপিএফ দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব৷” এই ভাষ্য বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ(Hagrama Mohilary)। তেঁও আজি বিটিচিৰ ২ নম্বৰ গুমা সমষ্টিৰ চাকমাত অনুষ্ঠিত গুমা ব্লক বিপিএফৰ ষষ্ঠ ত্ৰিবাৰ্ষিক অধিবেশনৰ মুকলি সভাত মুখ্য অতিথিৰ ভাষনত বিগত চাৰে চাৰি বছৰে ইউপিপিএল দলে ক’ত উন্নয়ণ কৰিছে বুলি প্ৰশ্ন কৰে৷

প্ৰমোদ বড়োই আমি সম্পূৰ্ণ কৰি যোৱা ৰাস্তা ঘাট বিলাকৰ মেৰামতিয়ে কৰিব পৰা নাই। তেঁও উন্নয়ণ কৰিছে যদি সেয়া হ’ল কোকৰাঝাৰৰ পৰা কাৰিগাঁওলৈ যোৱা ৰাস্তাত গতিৰোধ বনোৱাৰ কাম। তেঁও কামৰ গতি ৰোধ কৰাত সিদ্ধহস্ত বুলি হাগ্ৰামাই কটাক্ষ কৰে৷

আমাৰ ১৭ বছৰৰ শাসনত অতিকৈ পাছ পৰা বিটিএডি অঞ্চলত শান্তি আৰু উন্নয়নৰ জোৱাৰ উঠিছিল। কিন্তু বৰ্তমানত শাসনত থকা সকলেই বিপিএফৰ বদনাম কৰিবলৈ অহৰহ চেষ্টা চলাই ৰাইজক ভূল বুজাই পৰিৱৰ্তনৰ শ্লোগান আওৰাই ইউপিপিএল দল বিটিচিৰ শাসনত আহি কি পৰিৱৰ্তন কৰিব পাৰিছে সেয়া আজি ৰাইজে দেখিছে আৰু উপলদ্ধি কৰিছে৷

বিপিএফ দলৰ দিনতে বহু উন্নয়ণ হৈছে সেয়া ৰাইজেই কয় আমি কোৱা কথা নহয়৷ চাৰি বছৰ পাৰ হ’ল ইউপিপিএল(UPPL) দল বিটিচিৰ শাসনত আছে কিন্তু এই দলে বিটিচিৰ উন্নয়ণ কৰাটো দূৰৰ কথা আমি কৰা উন্নয়নৰ কাম বিলাক ৰক্ষণাবেক্ষণ কৰাতো ব্যৰ্থ হৈছে। পৰিৱৰ্তনৰ আশাত ৰাইজে বিশেষ বড়ো সকলে প্ৰমোদ বড়োক বিশ্বাস কৰিছিল৷

এবছুৰ নেতা হিচাপে প্ৰমোদ বড়ো বড়ো জাতিৰ স্বাৰ্থত কাম কৰিব লাগিছিল৷ তাৰ পৰিৱৰ্তে বড়ো জাতিকে তিনিবাৰ উচ্ছেদ কৰিছে। বড়ো জাতিক তেঁও ঠগিছে(BTR)। নিজৰ জাতিৰ লগত প্ৰতাৰণা কৰা প্ৰমোদ বড়োই আন জাতিৰ বাবে কী কৰিব বুলি মহিলাৰীয়ে প্ৰশ্ন কৰি পুনৰ কয় আমি কাকো উচ্ছেদ নকৰো৷

২০০৩ চনত বিটিচি চুক্তিৰ আগৰ পৰা যি সকলে বিটিচিত বসবসাস কৰি আছে সেই সকলেই বিটিচিৰ বাসিন্দা। যদি কাৰো ভূমি নাই আমি সকলোকে ভূমি দিম৷ তেঁও প্ৰমোদ বড়োৰ মন্ত্ৰীসভাৰ সদস্য এজনৰ বিৰুদ্ধেও বিস্ফোৰক মন্তব্য কৰে।

বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেংগা বিটিচিৰ বাসিন্দা নহয় বুলি তেঁও দাবী কৰে৷ ফেৰংগা ২০০৮তহে বিটিচিত আহিছে। আমি শাসনত আহিলে তেঁওৰ বাসিন্দাৰ প্ৰমান পত্ৰ পৰীক্ষা কৰিম আৰু বিধিগত ব্যৱস্থা গ্ৰহণ কৰিম৷” চিদলীৰ উপ-নিৰ্বাচনত বিপিএফ জিকিব বুলিও হাগ্ৰামাই দাবী কৰে৷

বিপিএফ দলৰ গুমা ব্লকৰ সভাপতি তথা পাৰিষদ ৰহিন্দ্ৰ কুমাৰ ব্ৰহ্মই পৰিচালনা কৰা সভাত বিপিএফৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় উপ-সভাপতি বক্তাৰ আলী আহমেদে তেওঁৰ ভাষণত পৰোক্ষভাৱে বিজেপি দলৰ সমালোচনা কৰি কয় “ধৰ্মৰ দোহাই দি ৰাজনীতি কৰিলে সেই ৰাজনীতি দীৰ্ঘম্যাদি নহয়৷

বিজেপি দলে সদায় সাম্প্ৰ দায়িক বিষবাষ্প বিয়পিয়াই দি এটা গোষ্ঠীৰ লগত আন এটা গোষ্ঠীৰ মনোমালিন্য সৃষ্টি কৰি নিকৃষ্ট ৰাজনীতি কৰাৰ মনোবৃত্তি লৈছে৷ কিন্ত অসমৰ ৰাইজ বিজেপি দলৰ সম্প্ৰাদায়িক ৰাজনীতিৰ পৰা বহু যোজন দূৰত থাকি সমিলমিলেৰে বসবাস কৰি শংকৰ-আজানৰ অসমৰ মানমৰ্য্যাদা অক্ষুণ্ণ ৰাখিছে৷

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতাধীন চৰকাৰখনৰ কামেই হৈছে মানুহৰ মাজত বিভেদ সৃষ্টি কৰি ৰাজনৈতিক মুনাফা আদায় কৰা। বিপিএফ দলক লৈ যাতে কোনো অশুভ শক্তিয়ে ষড়যন্ত্ৰ কৰিব নোৱাৰে তাৰ বাবে সকলোৱে সচেতন হ’ব লাগিব৷ সন্মুখত বিটিচি নিৰ্বাচন৷

বিপিএফ দলত যাতে প্ৰাৰ্থীত্ব কেন্দ্ৰিক কোনো সংঘাতৰ সৃষ্টি নহয় তাৰ প্ৰতি বিপিএফ প্ৰেমী ৰাইজৰো লক্ষ্য ৰাখিব লাগিব৷ দলৰ হাইকামাণ্ডে যাকে প্ৰাৰ্থীত্ব প্ৰদান কৰিব সেইজন প্ৰাৰ্থীৰ হকে দলৰ কৰ্মী-নেতা-নেত্ৰী, সমৰ্থকসকলে নিৰ্বাচনী যুদ্ধ ক্ষেত্ৰত মাৰবান্ধি নামিব লাগিব আৰু প্ৰাৰ্থীজনৰ জয় নিশ্চিত কৰিব লাগিব বুলি জ্যেষ্ঠ নেতাগৰাকীয়ে দলীয় কৰ্মী সমৰ্থকৰ প্ৰতি আহ্বান জনায়৷

২০২৫ চনত বিটিচিত বিপিএফ দলৰ হাতত শাসনভাৰ তুলি দিয়াৰ বাবে সকলো জনগোষ্ঠীৰ লোকক পুনৰ হাগ্ৰামা মহিলাৰীৰ হাত মজবুত কৰাৰ বাবে আহ্বান জনায়৷ বিপিএফ দল শাসনত আহিলে বিটিচিৰ উন্নয়ণ আগৰ দৰে তৰাণ্বিত হোৱাৰ লগতে সকলো জাতি-জনগোষ্ঠীৰ সম উন্নয়ন সম বিকাশ ঘটিব বুলি কয় অভিজ্ঞ নেতা বক্তাৰ আলী আহমেদে৷

উক্ত সভাত চৰাইবিল সমষ্টিৰ পাৰিষদ মৃত্যুঞ্জয় নাৰ্জাৰী, বিপিএফৰ জ্যেষ্ঠ নেতা ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী, বিল্লা কুমাৰ ব্ৰহ্ম, গুমা সমষ্টিৰ সম্ভাব্য প্ৰাৰ্থী ইন্তাজ আলী আদিকে ধৰি পাঁচ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। উক্ত সভাত পাঁচ শতাধিক লোক বেলেগ দল এৰি বিপিএফত যোগদান কৰে।

আজি অনুষ্ঠিত প্ৰতিনিধি সভাত পুনৰ ৰহিন্দ্ৰ কুমাৰ ব্ৰহ্মক সভাপতি আৰু নতুনকৈ মকেন্দ্ৰ নাৰ্জাৰীক সাধাৰণ সম্পাদক হিচাপে লৈ বিপিএফৰ গুমা ব্লক সমিতি গঠন কৰা হয়।

Related Articles