Fake Amul Ghee: সাৱধান! উৎসৱৰ বতৰত বজাৰত আমূলৰ নকল ঘিউ; কেনেকৈ চিনাক্ত কৰিব এই নকল ঘিউ ?

গুৱাহাটী, ২৭ অক্টোবৰ: এতিয়া চলি আছে উৎসৱৰ বতৰ(Festive Season)। পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী। এই উৎসৱৰ বতৰত বিশেষকৈ দীপাৱলীত সকলোৱে ঘৰতে তৈয়াৰ কৰে বিভিন্ন সুস্বাদু ব্যঞ্জন(Diwali sweets) । তাৰ বাবে মহিলাসকলে তেল, ঘিউ, চেনি, আটা , মইদা আদি প্ৰয়োজনীয় সামগ্ৰীসমূহ ক্ৰয় কৰিবৰৰ বাবে ভিৰ কৰেগৈ বজাৰ । অৱশ্যে এই সামগ্ৰীসমূহ ক্ৰয় কৰাৰ সময়ত গ্ৰাহকসকলে সাৱধান হোৱা উচিত। কাৰণ দীপাৱলীৰ উৎসৱৰ বজাৰত নকল ঘিউ বিক্ৰি কৰি অহা পৰিলক্ষিত হৈছে(Fake Amul Ghee)। সেয়ে এই সন্দৰ্ভত আমূল কৰ্তৃপক্ষই এক সতৰ্কতামূলক বিজ্ঞাপন প্ৰকাশ কৰি সাৱধান কৰি দিছে গ্ৰাহকসকলক।

কেনেকৈ চিনাক্ত কৰিব নকল ঘিউ :

‘আমুল’ ভাৰতীয় গাখীৰৰ ব্ৰেণ্ডসমূহৰ ভিতৰত আমূলক এক জনপ্ৰিয় আৰু বিশ্বাসযোগ্য গাখীৰৰ ব্ৰেণ্ড হিচাপে গণ্য কৰা হয়(Amul Company)। আমূলৰ উৎপাদিত বহু সামগ্ৰী বজাৰত বিক্ৰী হৈ আহিছে । ইয়াৰ ভিতৰত গাখীৰ, ঘিউ, মাখন, দৈ আদি সামগ্ৰী উল্লেখযোগ্য। কিন্তু বৰ্তমান বজাৰত আমূল কোম্পানীৰ নামত ভুৱা ঘিউ বিক্ৰী হৈ অহা কোম্পানীটোৰ দৃষ্টিগোচৰ হৈছে। এই সন্দৰ্ভত আমূল কোম্পানীয়ে এক বিজ্ঞাপন জাৰি কৰি গ্ৰাহকসকলক সাৱধান হ’বলৈ সকীয়াই দিছে। একাংশ এজেণ্টে আমূল কোম্পানীৰ ঘিউ বুলি কৈ আমূলৰ লেবেল লগাই নকল ঘিউ বিতৰণ কৰিছে। এই নকল ঘিউক এক লিটাৰৰ পেকেটত পেক কৰি বিক্ৰী কৰা হৈছে। কিন্তু যোৱা ৩ বছৰৰ পৰা এনে এক লিটাৰৰ পেকেট উৎপাদন কৰাই হোৱা নাই বুলি কোম্পানীটোয়ে জানিবলৈ দিয়ে।

অভিযোগৰ বাবে ক’ত আৰু কেনেকৈ কৰিব যোগাযোগ ?

সাধাৰণতে, গ্ৰাহকসকলে যিকোনো সামগ্ৰী ক্ৰয় কৰাৰ সময়ত সামগ্ৰাবিধ পৰীক্ষা কৰি চাব লাগে। আন সামগ্ৰীৰ দৰে আমূলৰ ঘিউ কিনাৰ সময়তো ইয়াক ভালদৰে এবাৰ পৰীক্ষা কৰক। “অমুলৰ নামত উলোৱা ভুৱা ঘিউৰ পৰা হাত সাৰিবলৈ ডুপ্লিকেচন প্ৰুফ কাৰ্টন পেক মুকলি কৰা হৈছে। আমূলৰ আই এছ অ’ প্ৰমাণিত ডেইৰীত উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি এই পেকেজিং প্ৰস্তুত কৰা হৈছে। এই প্ৰযুক্তিয়ে ঘিউৰ মান নিশ্চিত কৰে। সেয়েহে গ্ৰাহকে ঘিউ ক্ৰয় কৰাৰ আগতে এবাৰ এই পেকেজিং পৰীক্ষা কৰি লব লাগে। লগতে, যদি যিকোনো অনিয়ম প্ৰত্যক্ষ কৰিলে গ্ৰাহকে অভিযোগৰ বাবে ১৮০০ ২৫৮ ৩৩৩৩ নম্বৰত ফোন কৰি যোগাযোগ কৰক।’- গ্ৰাহকসকলক এই আহ্বান জনাইছে আমূল কোম্পানীয়ে ।

Related Articles