Krishnaguru: যুৱশক্তি মহাশক্তি : কৃষ্ণগুৰু আন্তর্জাতিক আধ্যাত্মিক যুৱ সমাজৰ অধিৱেশনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, ২৭ অক্টোবৰ : ভাৰতে যুগ যুগ ধৰি বিশ্বক শান্তি-সমন্বয়, ভাতৃত্ববোধ আৰু আধ্যাত্মিকতাৰ পথ প্ৰদৰ্শন কৰি আহিছে(Krishnaguru)। বসুধৈৱ কুটুম্বকম(‘Vasudhaiva Kutumbakam)-ভাৰতীয় সভ্যতা-সংস্কৃতিৰ মূলমন্ত্ৰ। মই উত্তৰ-পূৰ্বাঞ্চললৈ আহিলেই শান্তি-সমন্বয়, আত্ম-অন্বেষণ তথা ভক্তিচেতনাৰ বিশেষকৈ হৃদয়ংগম কৰোঁ।

আমাৰ দেশৰ বৈচিত্ৰ্যতাৰ মাজতেই আছে সমন্বয়ৰ বাৰ্তা। আমাৰ আধ্যাত্মিক জ্ঞান, ধ্যান-ধাৰণা শক্তিশালী হলেহে এখন সুস্থ-সবল সমাজ তথা ৰাষ্ট্ৰ নিৰ্মাণৰ ভেটি সুদৃঢ় হ’ব(Union Minister Sarbananda Sonowal)।-দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে(Vice President Jagdeep Dhankhar) তেওঁৰ সহধৰ্মিণী সুদেশ ধনখড়ৰ সৈতে কৃষ্ণগুৰু আন্তর্জাতিক আধ্যাত্মিক যুৱ সমাজৰ একবিংশতিতম দ্বি-বার্ষিক অধিৱেশনত(21st Biennial Convention of Krishnaguru International Spiritual Youth Society) অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত এই মন্তব্য আগবঢ়ায়।

উত্তৰ-পূবে শান্তি-সমন্বয়, ভাতৃত্ববোধ আৰু আধ্যাত্মিকতাৰ পথ প্ৰদৰ্শন কৰি আহিছে: উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতিগৰাকীক আজি গায়ন-বায়নেৰে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰৰ প্ৰাঙ্গণলৈ আদৰি অনা হয়। তেওঁ নিজেও খোলবাদন কৰি অসমীয়া সংস্কৃতিৰ প্ৰতি সন্মান যাচে আৰু কৃষ্ণগুৰু সেৱাশ্ৰমৰ এখন প্ৰদৰ্শনীও পৰিদৰ্শন কৰে।

এই অনুষ্ঠানত অসমৰ উপৰি উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানা আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তিপ্ৰাণ ৰাইজৰ আগমন ঘটে।

এই মাহেন্দ্ৰ ক্ষণত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা(CM Dr. Himanta Biswa Sarma), কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

পৰম পূজ্যপাদ; গুৰু; গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু আৰু ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামীৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, উত্তৰ-পূৰ্বাঞ্চলৰ বুকুত আধ্যাত্মিকতাৰ অপৰিসীম শক্তি নিহিত হৈ আছে।

একনামৰ মহৎ উদ্দেশ্যই সমাজৰ হিত সাধন কৰি ভক্তিচেতনা জাগ্ৰত কৰি আহিছে। এখন আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত উত্তৰ-পূবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব। আমাৰ ঐতিহ্য-পৰম্পৰা, আধ্যাত্মিকতাৰ উৎকৰ্ষ সাধনৰ বাবে আমি সকলোৱে ঐক্যবদ্ধভাৱে সংকল্প ল’ব লাগিব।

পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰে আধ্যাত্মিক শক্তি আৰু সমন্বয়ৰ বীজ সিঁচি এখন আদৰ্শ সমাজৰ পথ প্ৰশস্ত কৰি থৈ গৈছে। উত্তৰ-পূবৰ প্ৰাকৃতিক সমন্বয়ে আত্ম-আৱিষ্কাৰ আৰু আভ্যন্তৰীণ শান্তিৰ বাবে অনুপ্ৰেৰণা যোগায়। ম‌ই আজিৰ এই বাতাবৰণত এক আভ্যন্তৰীণ শান্তি অনুভৱ কৰিছোঁ। আজি ম‌ই ইয়ালৈ আহি ধন‍্য অনুভৱ কৰিছোঁ।

যি ধন ম‌ই আজি ইয়াৰ পৰা লৈ যাবলৈ ওলাইছোঁ, তাৰ শক্তিৰ কথা অনুমান কৰিব নোৱাৰি, হৃদয়ংগমহে কৰিব পাৰি। আমাৰ আধ‍্যাত্মিক ঐতিহ্য পৃথিৱীৰ ভিতৰতে বিৰল।

ৰামায়ণ, মহাভাৰত, শ্ৰীমদ্ভাগৱতগীতাৰ জ্ঞান বিশ্বৰ ভিতৰতে অতুলনীয়। আমাৰ যুৱ সমাজক এই জ্ঞানৰ বিশেষ প্ৰয়োজন আছে। এই আধ‍্যাত্মিক মহাজ্ঞানক জীৱন্ত কৰি ৰখাত পৰম ভুমিকা গ্ৰহণ কৰিছিল পৰমগুৰু কৃষ্ণগুৰুৱে।

আজিৰ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কয়, প্ৰেমানন্দ প্ৰভুৰ পথ প্ৰদৰ্শনে যুৱ সমাজক জনসেৱাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে আগুৱাই দিছে, যাৰ জৰিয়তে হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে কল্যাণমূলক কাৰ্যকলাপত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত নিয়োজিত হৈছে।

ৰাজ্যপালগৰাকীয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত যুৱচামৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি কয়, আমাৰ ভাৰত এখন যুৱ প্ৰধান দেশ, আৰু আমাৰ দেশখনক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠিত কৰাৰ লক্ষ্যৰে যুৱচামে গুৰি-বঠা ধৰিব লাগিব।

পৰমগুৰু কৃষ্ণগুৰুৰ অসাধাৰণ আধ্যাত্মিক চেতনাশক্তি আৰু শান্তি তথা ভাতৃত্ববোধৰ দিশত আগবঢ়োৱা অনবদ্য অৱদানে সমাজ জীৱনক উদ্বুদ্ধ কৰি থাকিব বুলি তেখেতে উল্লেখ কৰে। আনহাতে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰে আধ্যাত্মিকতাৰ উপৰি আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত কৰি থৈ গৈছে। এখন উদ্যমী যুৱ সমাজৰ বাট তেখেতে দেখুৱাই থৈ গৈছে।

২০৪৭ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত যুৱচামে সবল ভূমিকা পালন কৰিব। এই দিশত আধ্যাত্মিক চেতনাশক্তিও হ’ব অত্যন্ত প্ৰয়োজনীয়। আজি এই বিশেষ ক্ষণত উপস্থিত থাকি অসমবাসীক উদ্বুদ্ধ কৰাৰ বাবে উপ-ৰাষ্ট্ৰপতিক অশেষ ধন্যবাদ জনাইছোঁ।

যুৱশক্তি মহাশক্তি। যুৱ সমাজৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সামগ্ৰিক সবলীকৰণে এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব। আজি যুৱ সমাজৰ এই দ্বি-বাৰ্ষিক অধিৱেশনত শান্তি-সমন্বয়, ভাতৃত্ববোধ আৰু যুৱ সবলীকৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰতিফলিত হ’ল।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি উল্লেখ কৰে। ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উপস্থিত সহস্ৰাধিক ভক্তক সম্বোধন কৰি কয়, পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ সান্নিধ্যভৰা স্মৃতিয়ে মোক কৰ্মক্ষেত্ৰত ন-উদ্যমেৰে আগুৱাই যাবলৈ সাহস আৰু শক্তি দিয়ে।

পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰে আধ্যাত্মিকতাৰ মাজেৰে সমাজত আমূল পৰিৱৰ্তনৰ সূচনা কৰিছিল। তেৰাই আধ্যাত্মিক, সাংস্কৃতিক, শৈক্ষিকভাৱে সমাজক সংস্কাৰ প্ৰদান কৰি থৈ গৈছে। গুৰুৰ আশিস শিৰত লৈ সমাজ, ৰাজ্য তথা দেশক সৰ্বাংগসুন্দৰ কৰাৰ বাবে আমি সংকল্প ল’ব লাগিব।

তেখেতৰ আদৰ্শ অনুসৰণ কৰি আমি সকলোৱে মানৱীয় প্ৰমূল্যবোধ আৰু সাতামপুৰুষীয়া সমন্বয় সুদৃঢ় কৰাত মনোনিৱেশ কৰোঁ আহক। সমন্বয় আৰু ভক্তিচেতনাই সমাজ সুদৃঢ় কৰে।

সেয়েহে আমাৰ সমাজত আধ্যাত্মিকতাৰ অতিকৈ প্ৰয়োজন। ইয়াৰ দ্বাৰা সমাজে ভক্তিৰ আলোকেৰে উদ্ভাসিত হৈ ন-উদ্যমেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত আগুৱাই যোৱাৰ শক্তি লাভ কৰে। আজি উপ-ৰাষ্ট্ৰপতি গদীপ ধনখড়ৰ বহুমূলীয়া উপস্থিতিয়ে আমাক উদ্বুদ্ধ কৰিছে। ভক্তিচেতনা আৰু আধ্যাত্মিকতাক জীৱন যাত্ৰাৰ শক্তিশালী অংশ হিচাপে লৈ দেশক সবল কৰাত তেখেতে অগ্ৰণী ভূমিকা লৈ আহিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ বুকুত আধ্যাত্মিক চেতনা জাগ্ৰত কৰি তুলিছে আৰু প্ৰাচীন ভাৰতীয় জ্ঞান, সেৱা আৰু মানৱতাৰ পৰম্পৰাৰ প্ৰসাৰ কৰিছে। আমাৰ দেশৰ মনীষীসকলে আধ্যাত্মিক জ্ঞান, মানৱপ্ৰেম আৰু শান্তি-সমন্বয়ৰ বাৰ্তাৰে সমাজক উদ্বুদ্ধ কৰি থৈ গৈছে।

ভাতৃত্ববোধসম্পন্ন এখন সুস্থ-সবল সমাজ গঢ়াৰ ক্ষেত্ৰত তেৰাসৱৰ আদৰ্শ আৰু অমৃত বাণীয়ে আমাক সদায়েই পথ প্ৰদৰ্শন কৰি থাকিব। এইক্ষেত্ৰত পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰো অন্যতম।

সোণোৱালে কয়, ভক্তিতেই আছে শক্তি-শান্তি-সম্প্ৰীতি। ভক্তিমাৰ্গে আমাক সুস্থ আৰু যোগাত্মক চিন্তাৰ অধিকাৰী হৈ আগুৱাই যাবলৈ উৎসাহিত কৰে।

সেয়েহে ভক্তিমাৰ্গৰ পৰা বিচলিত নহৈ একান্তচিত্তে আমি সমাজৰ হকে, দহৰ হকে কাম কৰি যাব লাগিব আৰু মোদী ডাঙৰীয়াৰ দূৰদৰ্শী দৃষ্টিভংগীক সাৰোগত কৰি ভাৰতবৰ্ষক ২০৪৭ চনৰ ভিতৰত আত্মনিৰ্ভৰ তথা আগশাৰীৰ উন্নত ৰাষ্ট্ৰ হিচাপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিব লাগিব।

বিগত ১০ বছৰ হৈছে ভাৰতৰ বিকাশৰ সোণালী সময়, যি সময়ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত আমাৰ দেশখনে পঞ্চম বৃহৎ অৰ্থনীতিলৈ উন্নীত হৈছে। আমাৰ চৰকাৰৰ দিনত সকলো জাতি-জনগোষ্ঠীৰ লোকে সম-মৰ্যাদা আৰু সম-বিকাশ লাভ কৰিছে।

ইতিমধ্যে মোদীয়ে বিকশিত ভাৰতৰ চাৰিটা মূল স্তম্ভ হিচাপে নাৰী শক্তি, যুৱ শক্তি, কৃষক আৰু দৰিদ্ৰ পৰিয়ালসমূহক অভিহিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত উত্তৰ-পূব ভাৰত ৰূপান্তৰিত হৈছে ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ এক শক্তিক্ষেত্ৰ হিচাপে।

মোদীৰ বলিষ্ঠ আৰু দূৰদৰ্শী নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলে এতিয়া উন্নয়ন আৰু স্থায়ী শান্তিৰ এক নতুন অধ্যায় লিপিবদ্ধ কৰি দেশৰ বিকাশৰ নতুন ইঞ্জিনৰূপে চিহ্নিত হৈছে।

এই সময়ছোৱাত লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰীসকল- চন্দ্ৰমোহন পাটোৱাৰী, ডাঃ ৰণোজ পেগু, যোগেন মহন, ইউ জি ব্ৰহ্ম, অতুল বৰা, কেশৱ মহন্ত, জয়ন্ত মল্ল বৰুৱা, সঞ্জয় কিষাণ, বিমল বড়া, বিধায়ক নৱ কুমাৰ দলে প্ৰমুখ্যে অন্যান্য জনপ্ৰতিনিধিসকল আৰু বিশিষ্ট ব্যক্তিসকল।

Related Articles