Free LPG Cylinders For Diwali:দীপাৱলীত চৰকাৰে দিব বিনামূলীয়া এলপিজি চিলিণ্ডাৰ, কোনে কৰিব পাৰিব আবেদন

নতুন দিল্লী, ২৭ অক্টোবৰঃ দীপাৱলীৰ ঠিক আগে আগে আৰম্ভ হৈছে বিভিন্ন চৰকাৰৰ বিনামূলীয়া চিলিণ্ডাৰ আঁচনি। কেইবাখনো ৰাজ্যই উৎসৱৰ বতৰৰ বাবে বিনামূলীয়া গেছ চিলিণ্ডাৰ বিতৰণৰ বাবে সাজুও হৈছে।

শেহতীয়াকৈ উত্তৰ প্ৰদেশ চৰকাৰে বিনামূলীয়া গেছ চিলিণ্ডাৰৰ(Free LPG Cylinders For Diwali) আঁচনি ঘোষণা কৰিছে। ইয়াৰ পিছতে অন্ধ্ৰ প্ৰদেশেও দীপাৱলীৰ বাবে বিনামূলীয়া গেছ চিলিণ্ডাৰ প্ৰদানৰ পৰিকল্পনা ঘোষণা(Govt Announces) কৰে।

কেনেকৈ লাভ কৰিব পাৰি?
এই সুবিধা লাভ কৰিবলৈ গেছ সংযোগধাৰীসকলে গেছ চিলিণ্ডাৰৰ বাবে সম্পূৰ্ণ ধন আগতেই দিব লাগিব। কিন্তু তিনিৰ পৰা চাৰি দিনৰ ভিতৰত গ্ৰাহকৰ বেংক একাউণ্টলৈ ধসেই ন ঘূৰাই দিয়া হ’ব(Pradhan Mantri Ujjwala Yojana)।

বিনামূলীয়া গেছ চিলিণ্ডাৰ কোনে লাভ কৰিব?
এই আঁচনিখনে কেৱল সেইসকল গ্ৰাহককহে উপকৃত কৰিব যিসকলে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত পঞ্জীয়ন কৰি ই-কেৱাইচি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে।

যদি কোনোবাই এতিয়াও ই-কেৱাইচি সম্পূৰ্ণ কৰা নাই, তেন্তে এই সুবিধাৰ বাবে যোগ্য হ’বলৈ আধাৰ পৰীক্ষণৰ বাবে গেছ এজেন্সীলৈ যাব লাগিব।

বিনামূলীয়া চিলিণ্ডাৰৰ বাবে কেনেকৈ আবেদন কৰিব
উত্তৰ প্ৰদেশ চৰকাৰৰ এই ঘোষণাৰ পিছতে অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰাখণ্ডৰ চৰকাৰেও দীপাৱলীত উজ্জ্বলা যোজনাৰ অধীনত হিতাধিকাৰীৰ বাবে বিনামূলীয়া চিলিণ্ডাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

ইয়াৰ সুবিধা ল’বলৈ হ’লে উজ্জ্বলা যোজনাৰ অধীনত পঞ্জীয়ন হ’ব লাগিব।

গ্ৰাহকে কমন চাৰ্ভিচ চেণ্টাৰ বা এল পি জি বিতৰকলৈ গৈ আবেদন কৰিব পাৰে। মূলতঃ মহিলাসকলৰ বাবে কৰা এই আঁচনিখনত নামভৰ্তি কৰিবলৈ নিৰ্দিষ্ট যোগ্যতাৰ মাপকাঠী পূৰণ কৰিব লাগিব।

উজ্জ্বলা যোজনাৰ অধীনত হিতাধিকাৰীসকলে ইতিমধ্যে নিয়মীয়া গ্ৰাহকতকৈ কম মূল্যত চিলিণ্ডাৰ লাভ কৰে, প্ৰতিটো চিলিণ্ডাৰত প্ৰায় ৩০০ টকা ৰাজসাহায্য পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত জমা হয়।

Related Articles