Tata-Airbus Aircraft Plant: বদোদৰাত ভাৰত আৰু স্পেইনৰ দুই মূৰব্বীৰ বিশাল ৰোড শ্ব’; দুয়ো উদ্বোধন কৰিলে এয়াৰবাছৰ এচেম্বলিৰ এটা প্ৰকল্প

বদোদৰা, ২৮ অক্টোবৰ: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi) আৰু স্পেইনৰ ৰাষ্ট্ৰপতি পেড্ৰ’ ছানচেজে(Spain President Pedro Sanchez) আজি উপস্থিত হয় বদোদৰাত। প্ৰথমতে মোডী আৰু ছানচেজে বদোদৰা বিমানবন্দৰৰ পৰা টাটা প্লাণ্টলৈকে প্ৰায় আঢ়ৈ কিলোমিটাৰ দূৰত্বৰ এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰে । ইয়াৰ পিছত দুয়োজন নেতাই চি-২৯৫ সামৰিক বিমান নিৰ্মাণৰ বাবে টাটা এয়াৰবাছৰ এটা এছেম্বলি ইউনিট উদ্বোধন কৰে(Tata-Airbus Aircraft Plant)।

টাটা এডভান্সড চিষ্টেমছ লিমিটেডৰ কেম্পাছত এয়াৰবাছৰ এছেম্বলি প্ৰকল্পটো উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি নতুন পথৰে আগুৱাই যোৱাৰ লগতে নতুন লক্ষ্য স্থিৰ কৰিছো আৰু ইয়াৰ ফলাফল সকলোৱে দেখিবলৈ পাইছে। সম্ভাৱনাক সমৃদ্ধিলৈ ৰূপান্তৰিত কৰিবলৈ হ’লে সঠিক পৰিকল্পনা আৰু সঠিক অংশীদাৰিত্ব থকাটো প্ৰয়োজনীয়। এই উদ্বোধনী কাৰ্যসূচীলৈ দেশৰ প্ৰায় ১৫০০ উদ্যোগপতিকো আমন্ত্ৰণ জনোৱা হৈছিল।

চি-২৯৫ কাৰ্যসূচীৰ অধীনত মুঠ ৫৬খন বিমান সামৰি লোৱা হৈছে, ইয়াৰে ১৬খন স্পেইন এয়াৰবাছে পোনপটীয়াকৈ ডেলিভাৰী কৰিছে আৰু বাকী ৪০খন ভাৰতত নিৰ্মাণ কৰা হ’ব। ভাৰতত এই ৪০ খন বিমান নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে টাটা এডভান্সড চিষ্টেমছ লিমিটেডক(C295 manufacture in India)। এই সুবিধাটো হ’ব ভাৰতৰ সামৰিক বিমানৰ বাবে ব্যক্তিগত খণ্ডৰ প্ৰথম ফাইনেল এছেম্বলি লাইন (Final Assembly Line)।

উল্লেখ্য যে, ১৮ বছৰৰ পাছত স্পেইনৰ এগৰাকী ৰাষ্ট্ৰপতিয়ে কৰিলে ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে ২০০৬ চনৰ জুলাই মাহত স্পেইনৰ তদানীন্তন ৰাষ্ট্ৰপতি জ’চ লুইছে ভাৰত ভ্ৰমণ কৰিছিল।

Related Articles