Bihali Is Not Jorhat: বিহালী যোৰহাট নহয়- কোন গগৈৰ ওপৰত ক’লে বিধায়ক পদ্ম হাজৰিকা

গুৱাহাটী, ২৮ অক্টোবৰঃ কংগ্ৰেছ দলৰ ১৫ বছৰীয়া শাসনকালত অসমত গোষ্ঠী সংঘৰ্ষ, তিনিখুঁটি কাণ্ড হৈছিল, অসম-অৰুণাচল সীমান্তত অৰুণাচলৰ মানুহৰ বাবে সীমান্তৰ লোকসকলে শংকাত দিন পৰা কৰিবলগীয়া হৈছিল, সেইকথা আজি বিহালীৰ(Bihali Is Not Jorhat) ৰাইজে পাহৰিলে নহ’ব।

যেতিয়াই দুৰ্যোগ হৈছে, আমি তেতিয়াই বিহালীৰ ৰাইজৰ কাষত উপস্থিত হৈছোঁ, ৰাইজৰ সৈতে আছোঁ কিন্তু সেইসময়ত কংগ্ৰেছ দলৰ এজনো লোক আহি খবৰ লোৱাতো বাদেই ৰাইজৰ দুখ বুজিবলৈ চেষ্টা কৰা নাছিল।”- দেওবাৰে বিহালীত বিজেপি দলৰ হৈ সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ দল তথা সাংসদ গৌৰৱ গগৈক ক্ষোৰধাৰ সমালোচনা কৰে বিধায়ক পদ্ম হাজৰিকাই(MLA Padma Hazarika)।

ক্ৰমে গৰম হৈ পৰিছে বিহালীৰ উপ-নিৰ্বাচনৰ বতাহ। দেওবাৰে বিহালীত এক সংবাদমেল অনুষ্ঠিত কৰি পদ্ম হাজৰিকাই গৌৰৱ গগৈয়ে যোৰহাটৰ দৰে বিহালীতো একেই পৰিস্থিতি হ’ব বুলি কোৱা কথাৰ প্ৰত্যাহ্বান জনাই কয় যে এইখন নৰ্থ বেংক হয়।

নৰ্থ বেংকত পদ্ম হাজৰিকা আছে, ৰঞ্জিত দত্ত আছে। গৌৰৱ গগৈয়ে(MP Gaurav Gogoi) নৰ্থ বেংকৰ(North Bank Assam) মানুহৰ মাজত পূৰ্বৰে পৰা নাছিল, গতিকে ৰাইজৰ ক্ষোভ বুজি পোৱা নাই।

গতিকে তেওঁ নৰ্থ বেংকৰ মানুহৰ মহিমা বুজি উঠা নাই। পূৰ্বৰ চৰকাৰৰ দিনত ঢেকিয়াজুলিৰ পৰা গহপুৰলৈকে কোনবিলাক ঘটনা সংঘটিত হৈছিল, হত্যালিলা সংঘটিত হৈছিল সেইকথা তেওঁ নাজানে নহয়।

ক্ষুদ্ৰ চাহখেতিয়কৰ পৰা আৰম্ভ কৰি পঞ্চায়ত সচিবলৈকে পিএমৱাইৰ ঘৰ পোৱা মানুহৰ পৰাও কিদৰে ধনদাবী কৰি ইয়াত চলিছিল, সেইকথা তেওঁ নাজানে নহয়।

তেওঁ ভাবে কংগ্ৰেছৰ শাসন কালত ইয়াৰ মানুহে বৰ সুখত আছিল, লৰা-ছোৱালীয়ে পঢ়াশুনা কৰিব নাছিল, সেইসময়ত এটা ব্লকত যিমান পইছা আহিছিল এতিয়া পঞ্চায়তত তাতকৈ বেছি পইছা আমাৰ মোদী চৰকাৰৰ দিনত উন্নয়নমূলক কামৰ কাৰণে দিছে। তেওঁ ২৩ তাৰিখৰ পাছত এনেকুৱা কথা আৰু নকয়।

সেই পৰিবেশ ইয়াত তেওঁ নাপায়।কংগ্ৰেছ দলে যেনে ধৰণে ৰাইজৰ মাজত বিভ্রান্তি সৃষ্টি কৰি ভোট আদায়ৰ চেষ্টা কৰিছে সেয়া কৰিব নালাগে। কংগ্ৰেছ দল যে প্ৰতাৰক বা বিশ্বাসঘাতক ! সেই কথা আমি কোৱা নাই, সৌ সিদিনালৈকে একেলগে নলে-গলে লাগি থকা অজিত ভূঞা, লুৰিণজ্যোতি গগৈ, অখিল গগৈয়ে নিজে কৈছে।

সেইবাবে আমি কিবা চাৰ্টিফিকেট নতুনকৈ দিব লাগিব বুলি আমি নাই ভবা। গতিকে প্ৰতাৰক, প্ৰবঞ্চক কংগ্ৰেছ দলটোক আমি উতখাত কৰিব লাগিব, অসমীয়া জাতিৰ স্বাৰ্থত, সুৰক্ষাৰ স্বাৰ্থত, প্ৰগতিৰ স্বাৰ্থত আৰু নতুন প্ৰজন্মৰ আশা-আকাংক্ষাৰ স্বাৰ্থত আমি বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিব কাৰণে ৰাইজলৈ অনুৰোধ যে এইকেইদিন প্ৰচাৰৰ দিনকেইটাত আমাৰ দলৰ ফালৰ পৰা সহাঁৰি জনাবলৈ আহ্বান জনাইছোঁ(Ex CM Tarun Gogoi)।

ইফালে কংগ্ৰেছৰ দিনৰ সেই সন্ত্ৰাস জৰ্জৰ পৰিৱেশৰ কথা উনুকিয়াই কয় যে তৰুণ গগৈৰ পোন্ধৰ বছৰীয়া শাসন কালত মানুহে নিৰাপত্তা লাভ কৰা নাছিল, উগ্রপন্থীৰ হাতত বহু লোকৰ প্রাণ গৈছিল, বিহালী বনাঞ্চলত অৰুণাচলী আততায়ীৰ হাতত বহু অসমীয়াই প্রাণ হেৰুৱাব লগীয়া হৈছিল।

বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ ভিমাজুলী, সোনাজুলীত উগ্ৰপন্থীৰ গুলীত মাতৃৰ বুকুত দুগ্ধ পান কৰি থকা দেৱ শিশুক গুলীয়াই হত্যা কৰিছিল। কিন্তু সেই সময়ত কংগ্ৰেছ চৰকাৰৰ কোনো মন্ত্রী-বিধায়ক সেই স্থানত গৈ ভুক্তভোগী ৰাইজৰ কাষত থিয় হোৱা নাছিল। মই সেই সময়ত মাত্ৰ মোৰ এছকৰ্ট লৈ গৈছিলো।

সাংসদ গৌৰৱ গগৈক প্রত্যাহ্বান জনাই পুনৰ বিধায়ক গৰাকীয়ে কয় যে তেওঁৰ পিতৃ মুখ্যমন্ত্ৰী হৈ থকা সময়ত ৰাজ্যৰ কথা কবলৈ দুখ লাগে। বিশ্বনাথ বিহালীৰ অৱস্থা কেনেকুৱা আছিল। কিন্তু কেন্দ্রত বিজেপি চৰকাৰ অহাৰ পিছতে অপাৰেচন অলআউটৰ জৰিয়তে উগ্রপন্থী দমন কৰি এতিয়া শান্তি প্রতিষ্ঠা কৰিছে। আজি শান্তিৰ অসম ২০১৪ চনৰ শেষৰ ফালে দিল্লীত যেতিয়া বিজেপি দলে চৰকাৰ গঠন কৰিলে তেতিয়াৰ পৰাই অসমলৈ শান্তি ঘূৰি আহিছে।

হয় আমাৰ চৰকাৰৰ দিনটো মানুহৰ অসন্তুষ্টি নাই বুলি মই নকও, কিন্তু ১৪ চনৰ ডিচেম্বৰত সেইসময়ত গৃহমন্ত্ৰী ৰাজনাথ সিং বিশ্বনাথ চাৰিআলিলৈ আহি শান্তিৰ অসমৰ কথা কৈছিল। তাৰ পাছতে বহু উগ্ৰপন্থী কৰায়ত্ত হৈছিল, বহুজন মূলসূঁতিলৈ উভতি আহিছিল আৰু এনেদৰেই শান্তিৰ সোণৰ অসম হৈ উঠিছিল।

গৌৰৱ গগৈয়ে কৰা লোকেল-চালানিৰ ৰাজনীতি আৰু অসমীয়া আদিবাসীৰ ৰাজনীতিৰ সন্দৰ্ভত বিধায়ক হাজৰিকাই গৌৰৱ গগৈক আহ্বান জনাই কয় যে আমি সকলো অসমীয়া। জাতি-জনগোষ্ঠীক ভাগ ভাগ কৰি সাতামপুৰুষীয়া এনাজৰি চিঙিব নালাগে বুলিও তেওঁ আহ্বান জনায়।


ইফালে জয়ন্ত বৰাৰ লগতে নিৰ্বাচনী প্ৰচাৰ চোলোৱা লোকসকল পুনৰ বিজেপিলৈ ঘুৰি অহাৰ আহ্বান জনাই বিধায়ক পদ্ম হাজৰিকাই কয় যে খৰাশিমলুৰ ৰাইজৰ লগত আমাৰ ভাল সম্পৰ্ক আছে, মোৰ বিশ্বাস জয়ন্ত বৰাতকৈ তাত আমাৰ প্ৰতি ৰাইজৰ বেছি বিশ্বাস আছে।

গতিকে আমি যেতিয়া তালৈ যাম সেই ৰাইজে নিশ্চয় আমাক সহাৰি জনাব। কোনোবা যদি বিজেপি দলৰ কাৰ্যকৰ্তা তেওঁৰ লগত এতিয়া আছেও মোৰ বিশ্বাস তাত আমি গলেই তেওঁলোক আকৌ বিজেপি দললৈ ঘূৰি আহিব।

Related Articles