C-295 aircraft । Modi, Spain’s Sanchez launch India’s first private military Aircraft Plant । ভাৰতৰ বাবে নতুন যুগৰ আৰম্ভনিঃগুজৰাটত চি-২৯৫ বিমান নিৰ্মাণ কাৰখানা যৌথভাৱে উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদী, স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ২৮ অক্টোবৰঃ ভাৰতৰ বাবে নতুন যুগৰ আৰম্ভনি। ভাৰতৰ বিমান প্ৰযুক্তিৰ দিশৰ পৰা এক উল্লেখযোগ্য দিন হিচাবে পৰিগণিত হৈছে। সোমবাৰে ভদোদৰাৰ টাটা এডভান্সড চিষ্টেমছ লিমিটেড (টিএএছএল) (C-295 aircraft ) কেম্পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে যৌথভাৱে চি-২৯৫ বিমান নিৰ্মাণৰ অৰ্থে টাটা এয়াৰক্ৰাফ্ট কমপ্লেক্স উদ্বোধন কৰে।ভাৰতত এয়া হৈছে এনেধৰণৰ প্ৰথম প্ৰকল্প।(Modi, Spain’s Sanchez launch India’s first private military aircraft plant)

চি-২৯৫ কাৰ্যসূচীৰ অধীনত মুঠ ৫৬খন বিমান আছে, ইয়াৰে ১৬খন স্পেইনৰ এয়াৰবাছে পোনপটীয়াকৈ যোগান ধৰিব আৰু বাকী ৪০খন বিমান ভাৰতত নিৰ্মাণ কৰা হ’ব। ভাৰতত এই ৪০ খন বিমান নিৰ্মাণৰ দায়িত্ব টাটা এডভান্সড চিষ্টেমছ লিমিটেডক অৰ্পন কৰা হৈছে। ইয়াত চি-২৯৫ বিমানৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি এচেমব্লিং , পৰীক্ষণ আৰু বিমানখনৰ সম্পূৰ্ণ জীৱনচক্ৰ নিৰ্ধাৰণ তথা ৰক্ষণাবেক্ষণলৈকে সকলো সুবিধা থাকিব।

প্ৰকল্পটো উদ্বোধন উপলক্ষ্যে সমগ্ৰ বদোদাৰা চহৰখন আলোকসজ্জাৰে সজাই তোলা হয়। চহৰ খনৰ এজন বাসিন্দা ঋষি খাৰভাই কয়, “স্পেইনৰ প্ৰধানমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী মোদীৰ বদোদৰা ভ্ৰমণত আমি সুখী। তেওঁলোকৰ আগমনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ দেশক উপকৃত কৰিব। আমাৰ দেশৰ যুৱক-যুৱতীসকলো লাভৱান হ’ব। “

উল্লেখ্য প্ৰধানমন্ত্ৰী মোদীয়ে ২০২২ চনৰ অক্টোবৰ মাহত বদোদৰাত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল। বদোদৰাৰ পৰা প্ৰধানমন্ত্ৰীয়ে আমৰেলীলৈ যাত্ৰা কৰে , তাত তেওঁ ভাৰত মাতা সৰোৱৰ উদ্বোধন কৰিব। তেওঁ ৪৮০০ কোটিৰো অধিক টকা বিনিয়োগ কৰা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহে আমৰেলী, জামনগৰ, মৰ্বি, দেৱভূমি দ্বাৰকা, জুনাগড়, পৰবন্দৰ, কাছ্চ, আৰু বোটাড জিলাৰ নাগৰিকসকলক উপকৃত কৰিব।

প্ৰধানমন্ত্ৰীয়ে ২৮০০ কোটিৰো অধিক টকাৰ বিভিন্ন পথ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ১৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ, ১৫১এ, আৰু ৫১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন অংশৰ চাৰিলেনিং আৰু জুনাগড় বাইপাছ। জামনগৰ জিলাৰ ধ্রোল বাইপাছৰ পৰা মর্বি জিলাৰ আমৰাণলৈকে বাকী থকা অংশটোৰ চাৰিলেনযুক্ত প্রকল্পৰ আধাৰশিলাও স্থাপন কৰিব মোদীয়ে।

প্রধানমন্ত্রীয়ে প্রায় ১১০০ কোটি টকা ব্যয় সাপেক্ষে সম্পূর্ণ হোৱা ভুজ-নলীয়া ৰে’ল গেজ ৰূপান্তৰ প্রকল্প দেশৰ বাবে উৎসর্গ কৰিব৷ এই বিস্তৃত প্ৰকল্পটোত ২৪খন ডাঙৰ দলং, ২৫৪খন সৰু দলং, ৩খন পথৰ অভাৰব্ৰিজ, আৰু ৩০খন আণ্ডাৰব্ৰিজৰ ব্যৱস্থা আছে। প্ৰধানমন্ত্ৰীয়ে আমৰেলি জিলাৰ পৰা পানী যোগান বিভাগৰ ৭০০ কোটিৰো অধিকটকীয়া বিভিন্ন উন্নয়নমূলক প্ৰকল্পও উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব।

Related Articles