Census । জাতিগত লোকপিয়লৰ দাবীত অটল কংগ্ৰেছ

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ২৮ অক্টোবৰঃ ভাৰতত প্ৰতি দহ বছৰৰ মূৰে মূৰে লোকপিয়ল অনুষ্ঠিত হয় যদিও নানান কাৰকৰ বাবে শেহতীয়াকৈ লোকপিয়ল (Census) দহ বছৰৰ মূৰত অনুষ্ঠিত কৰিব পৰা হোৱা নাই। কিন্তু শেহতীয়া এক খবৰ অনুসৰি বহু বিলম্ব ঘটাৰ অন্তত এতিয়া চৰকাৰে লোকপিয়ল কৰিবলৈ সাজু হৈছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অহা বছৰৰ পৰা আৰম্ভ হ’ব লোকপিয়ল। খবৰ অনুসৰি ২০২৫ চনৰ পৰা লোকপিয়ল আৰম্ভ হ’ব আৰু ২০২৬ চনলৈকে চলি থাকিব। ফলত পৰৱৰ্তী লোকপিয়ল ২০৩৫ চনত হ’ব । একমাত্ৰ প্ৰতি দহ বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰিবলগীয়া লোকপিয়লত বিলম্ব ঘটাৰ বাবেই লোকপিয়লৰ চক্ৰটোও সলনি হ’ব পাৰে।

২০২২ চনৰ জুলাই মাহত চৰকাৰে লোকসভাত জনাইছিল যে ২০২১ চনৰ লোকপিয়ল অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ভাৰতৰ গেজেটত ২৮ মাৰ্চ, ২০১৯ তাৰিখে অধিসূচনা কৰা হৈছিল। আগন্তুক লোকপিয়লৰ তথ্য সংগ্ৰহৰ বাবে প্ৰথমবাৰৰ বাবে ডিজিটেল মোবাইল এপ আৰু লোকপিয়ল সম্পৰ্কীয় বিভিন্ন কাৰ্য্যকলাপ পৰিচালনা তথা নিৰীক্ষণৰ বাবে এটা লোকপিয়ল পৰ্টেল প্ৰস্তুত কৰা হৈছে।’


চলিত বৰ্ষৰ আৰম্ভণিতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে অতি শীঘ্ৰে লোকপিয়ল অনুষ্ঠিত হ’ব। অৱশ্যে এইবাৰৰ লোকপিয়লত জাতি সম্পৰ্কীয় তথ্যও অন্তৰ্ভুক্ত হ’ব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে দেশজুৰি জাতি সম্পৰ্কীয় লোকপিয়লৰ দাবী জনাই আহিছে। উল্লেখ্য ২০২৪-২৫ চনৰ বাজেটত লোকপিয়লৰ বাবে ধন আবণ্টন দিয়া হোৱা নাছিল। ভাৰতে ১৮৮১ চনৰ পৰা প্ৰতি ১০ বছৰৰ মূৰে মূৰে লোকপিয়ল অনুষ্ঠিত কৰি আহিছে।

Related Articles