C-295 Aircraft: এতিয়াৰ পৰা বদোদৰাত নিৰ্মাণ হ’ব লগা C-295 বিমানখনৰ বৈশিষ্ট্যসমূহ জানো আহক

বদোদৰা, ২৯ অক্টোবৰ: দেশৰ প্ৰধানমন্ত্ৰী মোডী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজৰ মাজত প্ৰথমে এখন বিশেষ বৈঠক অনুষ্ঠিত হয় । ইয়াৰ পিছতেই দুয়োগৰাকী নেতাই বদোদৰাত এক বৃহৎ ৰোড শ্ব’ অনুষ্ঠিত কৰি ভাৰত-স্পেইনৰ মজবুত বন্ধুত্বক কৰিলে প্ৰদৰ্শন । – C-295 Aircraft

স্পেইনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ বিশেষ গুৰুত্বপূৰ্ণ; কাৰণ এতিয়াৰ পৰা স্পেইনৰ চি-২৯৫ বিমানখন ভাৰতৰ বদোদৰাৰ টাটা এয়াৰক্ৰাফ্ট প্লাণ্টত নিৰ্মাণ কৰা হ’ব(Indian Air Force transport aircraft)। এই সন্দৰ্ভত ভাৰত আৰু স্পেইনৰ মাজত ৫৬খন বিমান নিৰ্মাণৰ চুক্তি স্বাক্ষৰ কৰা হৈছে।

দেশৰ নতুন শক্তি হৈছে চি-২৯৫ বিমান

চি-২৯৫ৰ প্ৰথম ১৬খন বিমান নিৰ্মাণ কৰা হ’ব স্পেইনত আৰু বাকী ৪০ খন বিমানৰ আটাইকেইখন টাটা এডভান্স চিষ্টেমছ লিমিটেডে ভাৰতৰ বদোদৰা প্লাণ্টত নিৰ্মাণ কৰিব(India-Spain defense collaboration)। এই প্ৰকল্পটোও গুৰুত্বপূৰ্ণ, কাৰণ দেশৰ কোনো ব্যক্তিগত কোম্পানীয়ে প্ৰথমবাৰৰ বাবে সেনাবাহিনীৰ বাবে সামৰিক বিমান নিৰ্মাণ কৰিব(Military aerospace manufacturing)।

ভাৰতীয় বায়ুসেনাৰ বাবে পৰিবহণ বিমান অতি গুৰুত্বপূৰ্ণ, যাতে ই এটা স্থানৰ পৰা আন এটা স্থানলৈ সৈন্য, অস্ত্ৰ-শস্ত্ৰ, ইন্ধন আৰু বিভিন্ন সামগ্ৰী পৰিবহণ কৰিব পাৰে(Indian Air Force transport aircraft)। তাৰোপৰি লঘু ওজনৰ পৰিবহণৰ ক্ষেত্ৰতো ভাৰতীয় সেনাৰ বাবে চি-২৯৫ বিমানখন খুবেই গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’বলৈ গৈ আছে।

চি-২৯৫ বিমানৰ ক্ষমতা আৰু বৈশিষ্ট্যসমূহ

চি-২৯৫ বিমানৰ বিশেষত্বৰ বিষয়ে ক’বলৈ গ’লে ইয়াক দুজন পাইলটে পৰিচালনা কৰে (C-295 aircraft features)। ইয়াত ৭৩ জন সেনা জোৱান, ৪৮ জন পেৰাট্ৰুপাৰ, ১২ খন ষ্ট্ৰেচাৰ ইনটেনচিভ কেয়াৰ মেডেভেক অথবা ২৭ খন ষ্ট্ৰেচাৰ মেডেভেক আৰু ৪ জন মেডিকেল এটেণ্ডেণ্ট কঢ়িয়াই নিব পাৰে। এই বিমানখনে ৯২৫০ কিলোগ্ৰাম ওজন বহন কৰিব পাৰে। বিমানখনৰ দৈৰ্ঘ্য ৮০.৩ ফুট, পাখিৰ দৈৰ্ঘ্য ৮৪.৮ ফুট আৰু উচ্চতা ২৮.৫ ফুট। তাৰোপৰি চি-২৯৫ বিমানখনে প্ৰায় ৭৬৫০ কিলোগ্ৰাম ইন্ধন কঢ়িয়াব পাৰে।

ইয়াৰ বাহিৰেও ই ঘণ্টাত ৪৮২ কিলোমিটাৰ বেগত উৰিব পাৰে। ইয়াৰ আন এটা বিশেষ গুণ হ’ল, বিমানখনে সৰু ৰানৱেতে অৱতৰণ কৰিব পাৰে। ৪২০ মিটাৰ দৈৰ্ঘ্যৰ ৰাণৱে এটাত বিমানখনে সহজেই অৱতৰণ কৰিব পাৰে। তাৰোপৰি উৰা মাৰিবলৈ অৰ্থাৎ টেক অফৰ বাবে বিমানখনক ৮৪৪ মিটাৰৰ পৰা ৯৩৪ মিটাৰ দৈৰ্ঘ্যৰ ৰাণৱেৰ প্ৰয়োজন। ইয়াৰ উপৰিও এই বিমানখনত ৮০০ কেজি ওজনৰ অস্ত্ৰ-শস্ত্ৰও সংস্থাপন কৰিব পৰা যায়।

কেইমিনিটমানৰ ভিতৰতে কোনো এটা স্থানৰ পৰা পৰা অন্য এটা স্থানলৈ সৈন্য, অস্ত্ৰ-শস্ত্ৰ, ইন্ধন আৰু বিভিন্ন সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব লগা এই বিমানখনে গ্ৰহণ কৰিব ভাৰতৰ পুৰণি HS748 বিমানখনৰ স্থান ।

লগতে পঢ়ক: বদোদৰাত ভাৰত আৰু স্পেইনৰ দুই মূৰব্বীৰ বিশাল ৰোড শ্ব’; দুয়ো উদ্বোধন কৰিলে এয়াৰবাছৰ এচেম্বলিৰ এটা প্ৰকল্প

Related Articles