Bismoi: “বিস্ময়” সৃষ্টি কৰি গুচি গ’ল ‘বিস্ময় পুৰুষ’ শশী ফুকন

এটা সোণালী যুগৰ সমাপ্তি ঘটিল। অসমৰ চহকী সাহিত্যাকাশৰ এটি ভোটা তৰা যেন হঠাতে খহি পৰিল। ‘বিস্ময়’ৰ প্ৰাণপুৰুষ, অসমীয়া ভাষা-সাহিত্যৰ উজ্জ্বল জ্যোতিষ্ক, বিশিষ্ট সাহিত্যিক শশী ফুকন আৰু নাই। এটা সময় আছিল, যেতিয়া ফোন, ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ নাছিল।(Bismoi) সেই তেতিয়াই শশী ফুকনৰ সম্পাদনাত প্ৰকাশিত এখন আলোচনী অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ হাতে হাতে আছিল। আলোচনীখনে জন্মৰ পিছৰে পৰাই জনপ্ৰিয়তাৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছিল। আৰু সেইখন আলোচনীয়েই হ’ল ‘বিস্ময়’। যিখন আলোচনীয়ে অসমীয়া বিনোদন সাহিত্যৰ পৃথিৱীত খলকনি সৃষ্টিৰে এটা নতুন যুগৰ সৃষ্টি কৰিছিল। বিস্ময় বুলি ক’লেই প্ৰতিটো পৃষ্ঠা নপঢ়াকৈ কোনেও যেন এৰিবই পৰা নাছিল। কি নাছিল এই আলোচনীখনৰ পাতত। (Shashi Phukan)

গল্প, কবিতা, ৰস ৰচনা, ৰহস্য সাহিত্য, তত্ত্বগধূৰ প্ৰবন্ধ, যুৱ-প্ৰজন্মৰ বাবে উপযোগী লেখা সকলো আছিল এই আলোচনীখনত। বিশেষকৈ, বিস্ময়ৰ পাতত প্ৰকাশিত ‘পত্ৰবন্ধু’ শিতানটো প্ৰতিজন যুৱ-প্ৰজন্মৰ হিয়াৰ আমঠু। অকল যে যুৱ-প্ৰজন্মই এই শিতানটোৰ প্ৰতি আকৰ্ষিত হৈছিল এনে নহয়। সমাজৰ সকলো শ্ৰেণীৰ লোকৰে সমানে প্ৰিয় আছিল ‘পত্ৰবন্ধু’ শিতান। মোবাইল ফোনৰ জৰিয়তে আজিৰ প্ৰজন্মই যেনেদৰে নানান ঠাইৰ লোকৰ সৈতে ইজনে সিজনৰ সৈতে বন্ধুত্ব গঢ়িবলৈ সক্ষম হৈছে, ঠিক একেদৰে সেই সময়ত যদিও মোবাইল ফোনৰ ব্যৱহাৰ নাছিল তথাপি এই ‘বিস্ময়’ নামৰ আলোচনীখনত সন্নিৱিষ্ট ‘পত্ৰবন্ধু’ শিতানটোৰ জৰিয়তে বিভিন্ন ঠাইৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ অন্তৰংগ বন্ধুত্ব গঢ়ি তুলিছিল। বহু ক্ষেত্ৰত এনে বন্ধুত্বই কেতিয়াবা প্ৰেমলৈও পৰিণত হৈছিল আৰু পিছলৈ বিয়া পৰ্যন্ত হোৱাৰো উদাহৰণ বহুত আছে। এই শিতানটোৱেও বিস্ময়ৰ জনপ্ৰিয়তাত দুগুণ উৎসাহ বঢ়াইছিল পাঠক সমাজৰ মাজত।(Bismoi founding editor Shashi Phukan passes away)


১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত চন্দ্ৰ কুমাৰ আগৰৱালাৰ সম্পাদনাত প্ৰথম প্ৰকাশিত হৈছিল অসমীয়া আলোচনী ‘জোনাকী’। এই আলোচনীখন প্ৰকাশ হৈছিল কলিকতাৰ পৰা। আৰু এই আলোচনীখনৰ জৰিয়তেই প্ৰথমবাৰৰ বাবে পশ্চিমীয়া সাহিত্যৰ আৰ্হিৰে অসমীয়া সাহিত্যৰ বিভিন্ন দিশ সংযোজন ঘটে আৰু অসমীয়া সাহিত্য ক্ষেত্ৰখন সমৃদ্ধিশালী হৈ উঠে। অসমীয়া ভাষা-সাহিত্যৰ বিকাশত ‘জোনাকী’ কাকতখনৰ অৱদান অনস্বীকাৰ্য। জোনাকী কাকতৰ পাততেই প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাৰ জন্ম হৈছিল। সেই কবিতাটো আছিল চন্দ্ৰ কুমাৰ আগৰৱালাৰ ‘বনকুঁৱৰী’। আনহাতে, এই জোনাকীৰ পাততে প্ৰকাশ হৈছিল অসমীয়া প্ৰথম ‘চনেট’ কবিতা। কবিতাটো হৈছে হেমচন্দ্ৰ গোস্বামী ৰচিত চনেট ‘প্ৰিয়তমাৰ চিঠি’। যিটো কবিতাই আজিও প্ৰতিগৰাকী অসমীয়াৰ মাজত সমাদ্ৰিত হৈ আছে। জোনাকী কাকতে সেই তেতিয়াই আলোচনীৰ যি ধাৰা বোৱাই থৈ গ’ল সেই ধাৰা আজিও বৈ আছে অসমৰ প্ৰতিটো চুকে-কোণে। জোনাকী কাকতৰ মাধ্যমেৰে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই প্ৰথম সাহিত্যৰ সৃষ্টি কৰে ‘কৃপাবৰ বৰুৱাৰ কাকতৰ তোপোলা’ৰ মাধ্যমেৰে। এই সমষ্ট শিতানৰ মাজেৰে সেই সময়তে আমাৰ অসমীয়া ভাষা-সাহিত্যলৈ যি বৰঙণি আগবঢ়াই গ’ল সেই অসমীয়া সাহিত্যৰ কাণ্ডাৰীসকলে সেই ধাৰাই আজি অসমীয়া জাতিৰ শিপা নিকপকপীয়াকৈ ধৰি ৰাখিবলৈ সক্ষম হৈছে আৰু যুগ-যুগান্তৰলৈ অলপো হাউলি নপৰাকৈ ধৰি ৰাখিব। এখন আলোচনীয়েই এটা জাতিক সুৰক্ষিত কৰি ৰাখিবলৈ সক্ষম হয়। একোখন আলোচনীয়েই হ’ল এটা জাতিৰ দাপোণস্বৰূপ। একোখন কাকত-আলোচনীৰ পৰাই প্ৰমাণ কৰিব পাৰি সেই জাতিটো কিমান সংস্কৃতিৱান অথবা চহকী। ভাষাটোৰ শিপা কিমান শক্তিশালী।(Monthly magazine Bismoi)

গতিকে এই কাকত-আলোচনী আৰু সেই সময়ৰ ভাষা-সাহিত্যৰ কাণ্ডাৰীসকলৰ প্ৰচেষ্টাতে আজিৰ অসমীয়া ভাষা-সাহিত্যই বিশ্বৰ বুকুত উচ্চ শিৰে জিলিকি আছে। সেই সময়ত এই ভাষা-সাহিত্যৰ কাণ্ডাৰীসকলৰ বলিষ্ঠ পদক্ষেপ আৰু উদাত্ত কণ্ঠ নোহোৱা হ’লে কেতিয়াবাই অসমীয়া ভাষা বিলুপ্ত হৈ গ’লহেঁতেন। গৈছিলেই। ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈ আমাৰ চিৰ চেনেহী অসমীয়া ভাষাটো অসমৰ বিদ্যালয়-মহাবিদ্যালয়, কাৰ্যালয়-আদালত আদিৰ পৰা উঠাই দিয়া হৈছিল সেই সময়ত অসমত কাম কৰি থকা বাঙালী আমোলা-বিষয়াসকলৰ প্ৰৰোচনাত পৰি ব্ৰিটিছসকলে। তেতিয়াৰ সময়খিনিত যদি আমাৰ সাহিত্যৰ কাণ্ডাৰী চন্দ্ৰ কুমাৰ আগৰৱালা, আনন্দ চন্দ্ৰ আগৰৱালা, চন্দ্ৰ কুমাৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা, জ্ঞানদাভিৰাম বৰুৱা আদি লোকসকলে ভাষা ৰক্ষাৰ ক্ষেত্ৰত গুৰিব’ঠা নধৰিলেহেঁতেন হয়তো সেই সময়তে অসমীয়া ভাষাৰ মৃত্যু হ’লহেঁতেন। সেই সময়ত ‘বাঁহী’, ‘জোনাকী’ আদি কাকতেও অসমীয়া ভাষা প্ৰতিষ্ঠা কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। ইয়াৰ লগে লগে খ্ৰীষ্টান মিছনেৰীসকলৰো অসমীয়া ভাষা-সাহিত্য ৰক্ষাৰ ক্ষেত্ৰত অৱদান অনস্বীকাৰ্য। তেওঁলোকে যদিও মুখ্যতঃ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবেহে আহিছিল তথাপি তেওঁলোকৰে একাংশ শুভ চিন্তকে ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰথমবাৰৰ বাবে ‘অৰুণোদয়’ নামেৰে এখন কাকত প্ৰকাশ কৰি উলিয়ায়। এই কাকতখন, যিখন কাকত বা আলোচনী অসমীয়া ভাষাৰ প্ৰথম ‘সংবাদ পত্ৰ’ হিচাপে প্ৰকাশ পায়। য’ত হেৰাই যাব ধৰা অসমীয়া ভাষাটো উদ্ধাৰৰ ক্ষেত্ৰত আৱদান আছিল অতুলনীয়। এইখন অৰুণোদয় কাকতৰ প্ৰতিষ্ঠাপক সম্পাদকগৰাকী আছিল নাথান ব্ৰাউন। অৰুণোদয়ৰ জৰিয়তেই অসমীয়া ভাষাই নতুন ৰূপ পাবলৈ সক্ষম হৈছিল। ১৮৪৬ চনৰ পৰা ১৮৮৮ এই সময়ছোৱা ‘অৰুণোদয় যুগ’ বুলি কোৱা হয়। লগতে, এই আলোচনীখনৰ পাততে কেইবাজনো লেখকৰো জন্ম হৈছিল। এই সময়ত খ্ৰীষ্টিয়ান লেখকসকলৰ উপৰি আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, লম্বোদৰ বৰা, ৰত্নেশ্বৰ মহন্ত আদি অখ্ৰীষ্টিয়ান লেখকসকলে অসমীয়া ভাষা-সাহিত্যক এক নতুন আলোকময় পথৰ সন্ধান দিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।(Bismoi launched in 1968)


ইয়াৰ পৰৱৰ্তী সময়ত ‘প্ৰকাশ’, ‘প্ৰান্তিক’, ‘গৰীয়সী’ আদি আলোচনীয়েও অসমীয়া ভাষা-সাহিত্যৰ অনেক অৱদান আগবঢ়াই আহিছে। এই আলোচনীসমূহৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যৰ উত্তৰণ ঘটোৱাৰ লগে লগে বহুতো অসমীয়া লেখক-লেখিকাৰ জন্ম হ’ল। কাৰণ এই কাকত-আলোচনীসমূহৰ জৰিয়তে লিখাৰ বাবে সুযোগ লাভ কৰিছে। যিটো আমাৰ অসমীয়াৰ বাবে অতিকে গৌৰৱৰ বিষয়। তদুপৰি বৰ্তমান অসমত কেইবাখনো দৈনিক বাতৰি কাকত প্ৰকাশ হৈ আছে। তাৰ ভিতৰত– ‘দৈনিক অসম’, ‘দৈনন্দিন বাৰ্তা’, ‘আমাৰ অসম’, ‘নিয়মীয়া বাৰ্তা’, ‘অগ্ৰদূত’ আদি কাকতে অসমীয়া- ভাষা-সাহিত্যৰ ক্ষেত্ৰখনত অনবদ্য বৰঙণি যোগাই আহিছে। লগে লগে সৃষ্টি হৈছে অসমীয়া লেখক-লেখিকাৰ।
বিস্ময়ৰ প্ৰসংগতে উল্লিখিত প্ৰসংগ উনুকিয়াব লগা হ’ল। বিস্ময় মানেই যেন শশী ফুকন। যিজনে ‘বিস্ময়’ আলোচনীখন জানে সেইজনে সম্পাদকগৰাকীৰো নামটো ভালকৈয়ে জানে। বহুত আলোচনীয়ে হয়তো বহুতে পঢ়িছে, কিন্তু আলোচনীখনৰ নামটো নাপাহৰিলেও আলোচনীখনৰ সম্পাদকগৰাকীৰ নামটো কিন্তু তেওঁ মনত নাই। শশী ফুকন এনে এজন ব্যক্তি যিজনৰ ‘বিস্ময়’ নামটোৰ লগে লগে শশী ফুকনৰ নামটো একেলগে উচ্চাৰিত হ’বই। এয়াও হয়তো শশী ফুকনৰ অন্য এক আকৰ্ষণ। প্ৰচাৰবিমুখ এই মহান ব্যক্তিগৰাকী সম্পাদক হ’ব লাগে কাৰণেই সম্পাদক হোৱা নাছিল। তেওঁৰ এজন সফল সম্পাদক হোৱাৰ এশ শতাংশই গুণ আছিল। এখন আলোচনী সম্পাদন কৰোতে কি কি সমলৰ দৰকাৰ এইগৰাকী সম্পাদকে খুব নিখুঁতভাৱে জানিছিল। আৰু এইখিনি মহান গুণৰ অধিকাৰী হোৱাৰ বাবেই হয়তো ৪০ বছৰ কাল একেৰাহে আলোচনীখন একে জনপ্ৰিয়তাৰে পাঠক সমাজে আঁকোৱালি ধৰি ৰাখিছিল। সাহিত্যৰ সকলোবোৰ দিশ তথা সকলোখিনি গুণ আছিল ‘বিস্ময়’ আলোচনীখনৰ মাজত। এখন আলোচনী সুদীৰ্ঘ দিন একে জনপ্ৰিয়তাৰে পাঠক সমাজৰ মাজত প্ৰচলিত আলোচনী সম্ভৱ এইখনেই হ’ব। ‘বিস্ময়ে’ সেয়ে আজিও ‘বিস্ময়’ সৃষ্টি কৰি আছে পাঠকৰ মাজত। এইসকল অসমীয়া ভাষা-সাহিত্যৰ পূজাৰীৰ অশেষ চেষ্টা আৰু সাধনা, একাগ্ৰতা, জাতি-ভাষা-সাহিত্যৰ প্ৰতি থকা নিৰ্ভেজাৰ স্বাৰ্থৰ বাবেই হয়তো অসমীয়া ভাষাই আজি ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাবলৈ সক্ষম হ’ল। এইগৰাকী নীৰৱ সাহিত্য সাধকে হঠাতে ২৫ অক্টোবৰৰ নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৭৮ বছৰ বয়সত পৰলোকলৈ গমন কৰে। পাঁচ দশক ধৰি যুৱ-প্ৰজন্মক লগতে অসমীয়া জাতিক আলোড়িত কৰি ৰখা ‘বিস্ময়-ব্যক্তি’গৰাকীয়ে অসমৰ সাহিত্যাকাশ সুদা কৰি সকলোকে শোক সাগৰত এৰি গুচি গ’ল নীৰৱে-নিৰলে। অসমীয়া সাহিত্য জগতত বহু লেখক-সাহিত্যিক সৃষ্টিকাৰী আছিল এইগৰাকী মহান ব্যক্তি। ১৯৬৯ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ পোৱা ‘বিস্ময়’ আলোচনীখনে অসমীয়া সাহিত্য জগতত এক অনন্য ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। বিস্ময়ৰ উপৰি শশী ফুকনৰ উদ্যোগতে আন দুখন আলোচনী ‘ৰংঘৰ’ আৰু ‘প্ৰিয় সখী’ প্ৰকাশ পাইছিল। উল্লেখ্য যে এই বিস্ময়ক সাৰথি কৰিয়েই পৰৱৰ্তী সময়ত আন কেইবাখনো বিনোদনধৰ্মী আলোচনী প্ৰকাশ পাইছিল।

বিস্ময়ে ৰাজ্যখনৰ প্ৰতিখন ঠাই, প্ৰতিটো অঞ্চলতে হাজাৰ হাজাৰ পঢ়ুৱৈৰ সৃষ্টি কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ বিভিন্ন কাৰণত ‘বিস্ময়’ আলোচনীখন প্ৰায় দুবছৰমান বন্ধ হৈছিল যদিও সুখৰ খবৰ যে যোৱা পূজাৰ সময়ত আলোচনীখনে পুনৰ পাঠক সমাজৰ মাজলৈ ওলাই আহিছিল। এই ধাৰা পুনৰ অব্যাহত থাকক তাকেই আজিৰ সময়ত আমি আশা কৰিম। শশী ফুকনৰ জন্ম হৈছিল বিশ্বনাথ চাৰিআলিত। তেওঁ এগৰাকী দক্ষ, বিচক্ষণ আৰু এগৰাকী ৰুচিপূৰ্ণ সম্পাদকেই নাছিল। তেওঁ আছিল প্ৰতিজন পাঠকৰ মন বুজি পোৱা অসাধাৰণ ব্যক্তি আৰু তেওঁ পাঠকে এখন আলোচনী বা কাকতৰ পৰা কি বিচাৰে তাক খুব ভালদৰে জানিছিল, বুজিছিল। সেয়ে হয়তো বঁটা-বাহনে এইগৰাকী ভাষা-সাহিত্যৰ পূজাৰীক ঢুকি নাপালেও প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত থিতাপি ল’বলৈ সক্ষম হৈছিল। জয় কৰিব পাৰিছিল সকলোৰে অন্তৰ। আৰু সেয়া ‘বিস্ময়ে’ই প্ৰমাণ। আজি এইগৰাকী সাহিত্যৰ পূজাৰীৰ বিয়োগত মৰ্মাহত অসমীয়া। শশী ফুকনৰ বিদেহ আত্মাই সৰগত বাস কৰক আজি তাকেই প্ৰাৰ্থনা জনালোঁ। আমি অসমীয়া হিচাপে সদায় কৃতজ্ঞ হৈ থাকিম এইগৰাকী পুৰোধা ব্যক্তিৰ ওচৰত। অসমীয়া ভাষা-সাহিত্য যিদিনালৈ জীয়াই থাকিব সেইদিনালৈ জীয়াই থাকি ‘বিস্ময় পুৰুষ’ শশী ফুকন।

Related Articles