হিন্দুসকলৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ হ’ল দীপাৱলী উৎসৱ। বছৰৰ শেষৰ এই উৎসৱৰ বাবে অপেক্ষা কৰে সকলোৱে। চাকি-বন্তি, বিভিন্ন ৰঙৰ লাইটেৰে আলোকিত কৰি তোলে সকলো। এইবাৰ ৩১ অক্টোবৰত দীপাৱলী উৎসৱ পালন কৰা হ’ব।(Diwali 2024)দীপাৱলী উপলক্ষে মাতৃ লক্ষ্মী আৰু গণেশক পূজা কৰা হয়। দীপাৱলীৰ দিনা কিছু কথা মনত ৰখাটো অতি প্ৰয়োজনীয়। (Diwali 2024 do not make these mistakes)যদি এই নিয়মবোৰ মানি নচলে তেতিয়া দেৱী লক্ষ্মীৰ খং উঠিব পাৰে। দীপাৱলীৰ দিনা কি কৰিব আৰু কি নকৰিব জানো আহক-(Diwali Festivel)
দীপাৱলীত কি নকৰিব-
- দীপাৱলীৰ দিনা ঘৰ খন পৰিষ্কাৰ কৰি ৰাখিব। লেতেৰা ঠাইত দেৱী লক্ষ্মীয়ে বাস নকৰে।(Maa Laxmi can get angry)
- দীপাৱলী উপলক্ষে কাকো নিজৰ দুৱাৰমুখৰ পৰা খালী হাতেৰে ঘূৰাই নিদিব।
- দীপাৱলীত জুৱা খেলিব নালাগে, মদ খাব নালাগে আৰু টেঙা খাদ্য খাব।
- দীপাৱলীত কাৰো পৰা ঋণ ল’ব নালাগে।(Don’t borrow from anyone on Diwali)
- দীপাৱলীৰ দিনা নখ নাকাটিব।
- দীপাৱলীত কোনো নাৰীক অপমান নকৰিব।
- এই দিনটোত কাৰো লগত কাজিয়া কৰিব নালাগে।
দীপাৱলীত কি কৰিব-- দীপাৱলী উপলক্ষে গোটেই ঘৰখন ভালদৰে পৰিষ্কাৰ কৰি চাকি-বন্তি আু ফুলেৰে সজাই তুলিব।
- শুভ সময়ত দেৱী লক্ষ্মী আৰু গণেশ ভগৱানক পূজা কৰিব। সেই দিনটোত, ঘনিষ্ঠ, আত্মীয় আৰু পৰিয়ালৰ লোকক মিঠাই আৰু প্ৰসাদ বিতৰণ কৰাটো শুভ বুলি বিবেচিত হয়।
- দীপাৱলী উপলক্ষে বেয়া অভ্যাস এৰি ভাল কাম আৰু অভ্যাস গ্ৰহণ কৰক।
- দীপাৱলীত নিজৰ সামৰ্থ্য অনুযায়ী দান-বৰঙণি কৰক।(Donate on Diwali)