কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park) সংৰক্ষণ ইতিহাসে গৰকিলে ১২০ বছৰ(120 Years of History)। ৰাষ্ট্ৰীয় উদ্যান ঘোষণায়ো অতিক্ৰম কৰিলে ৫০ বছৰ। ইতিমধ্যে চলিত বৰ্ষৰ পৰ্যটন আৰম্ভ হৈজে।
১ অক্টোবৰত আৰম্ভ হৈছে জীপ চাফাৰী। ১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব হাতী চাফাৰী। ইতিমধ্যে কাজিৰঙাত ভীৰ কৰিছে বিদেশী পৰ্য্যটকে।যোৱাটো পৰ্যটন বৰ্ষত কাজিৰঙাই পৰ্যটকৰ পৰা আয় কৰিছিল আঠ কোটিৰো অধিক টকা(50th Anniversary)।
এনে পৰিপ্ৰেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলক লৈ মানুহৰ মাজত সৃষ্টি হৈছে কিছু সন্দেহ আৰু সংশয়। ১৯০৫ চনত কাজিৰঙা সংৰক্ষণৰ ইতিহাস(International standard hospital) আৰম্ভ হোৱাৰে পৰা ১২০ বছৰ গৰকীলে কাজিৰঙাই।
১৯০৪ চনত কলিকতাৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী লেডী কাৰ্জনে কাজিৰঙাত এটা খড়্গ থকা গঁড়(Indian Rhinoceros and Tiger Reserve) আছে বুলি জানি চাবলৈ আহিছিল।হাতীত উঠাই গঁড় দেখুৱাবলৈ নিছিল তেতিয়াৰ কাজৰঙাৰ হাতী মাউট নিগনা চিকাৰীয়ে।ভাল নাম বলোৰামৰ হাজৰিকাই।
কিন্তু এটাও গঁড় দেখা নেপালে লেডীগৰাকীৰয়ে। কিন্তু নিগনা চিকাৰীৰ পৰা গম পাইছিল কাজিৰঙাৰ গঁড় সম্বন্ধে বিশেষ তথ্য। ঘূৰি গৈ গঁড় সংৰক্ষণৰ বাবে আহ্বান জনাইছিল লৰ্ড কাৰ্জনক। অৱশেষত পত্নীৰ কথা মতেই ১৯০৫ চনৰ ১ জুনত ২৩২ বৰ্গ কিলোমিটাৰ সামৰি “প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল” ঘোষণা কৰে।
এইদৰে সংৰক্ষণৰ ইতিহাস আৰম্ভ কৰি ১৯০৮ চনত “সংৰক্ষিত বনাঞ্চল”, ১৯১৬ চনৰ ১০ নৱেম্বৰত “প্ৰমোদ উদ্যান”,১৯৩৮ চনত পৰ্যটকৰ বাবে মুকলি,১৯৫০ চনত “বন্যপ্ৰানী অভয়াৰণ্য” ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰীত ৪৩০ বৰ্গ কিলোমিটাৰ সামৰি কাজিৰঙাক “ৰাষ্ট্ৰীয় উদ্যান” মৰ্যাদা দিয়া হয়।
ঠিক এবছৰৰ পিছতে ইউনেস্কোৱে কাজিৰঙাক “বিশ্ব ঐতিহ্য ক্ষেত্ৰ”ৰ সন্মান প্ৰদান কৰে। ইতিপূৰ্বে কাজিৰঙাৰ শতবৰ্ষ ২০০৫ চনত উদ্যান কৰ্তৃপক্ষই পালন কৰিলে। ইফালে যোৱা ১১ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ ৫০ বছৰ সম্পূৰ্ণ হ’ল।এই লৈ এতিয়া কাজিৰঙাক ভালপোৱা প্ৰকৃতিপ্ৰেমী সকলৰ মাজত চলিছে চৰ্চা।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৫০ বৰ্ষপূৰ্তিও সম্পন্ন হৈছ।
বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে চিহ্নিত হোৱা, ৰাষ্ট্ৰীয় উদ্যান মৰ্যাদা পোৱা, সংৰক্ষণ ইতিহাসৰ ১২০ বছৰ অতিক্ৰম কৰা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে আছেনে প্ৰয়োজনীয় আন্ত গাঁঠনি।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৫০ তম বৰ্ষৰ সময়ত স্বাভাবিকতে প্ৰকৃতিপ্ৰেমী সকলৰ মাজত উদ্বেগ ঘটিছে একাধিক প্ৰশ্নৰ। কাজিৰঙাৰ নিৰাপত্তাত নিয়োজিত বনৰক্ষী বনপালক সকল সততে বন্যপ্ৰাণীৰ আক্ৰমনৰ বলি হয়।
প্ৰয়োজন হয় তাৎক্ষণিক জৰুৰী চিকিৎসাৰ। সকলোৱে জানে,অসমৰ চাহ বাগিছা সমূহতো নিজাকৈ একোখন চিকিসালয় আছে। ব্যক্তিগত খণ্ডই হওক কিম্বা ৰাজহুৱা খণ্ডৰে হওক সকলো বৃহৎ উদ্যোগত আছে নিজা চিকিৎসালয়। কিন্তু ১২০ বছৰীয়া ইতিহাস গৰকা কাজিৰঙাত আজিও নহ’ল উদ্যানৰ নামত এখন সকলো সুবিধা থকা নিজা চিকিৎসালয়।বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয় আৰু কহঁৰাস্থিত শ্বহীদ বেজা বৈষ্ণৱ প্ৰাথমিক চিকিৎসালয়ৰ বাহিৰে নাই কোনো বিকল্প।
এই দুয়োখন চিকিৎসালয়ে বন্যপ্ৰাণীৰ আক্ৰমনৰ আহত সকলক মাত্ৰ ৰেফাৰহে কৰিব পাৰে। নিজা উন্নত চিকিৎসালয় নথকাৰ বাবেই এনে দৰে আহত ৰোগী অথবা পৰ্যটক মৃত্যুৰ মুখত পৰা উদাহৰণ আছে। বনকৰ্মী সকলৰ বাবে আৰু বন্যপ্ৰাণী আক্ৰমণত আহতজনৰ বাবে তৎকালীন চিকিৎসাৰ ব্যৱস্থা কৰাৰ বাবে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা কৰ্তৃপক্ষ আৰু চৰকাৰ কিয় নীৰৱ সিও চিন্তনীয় বিষয়৷
কিন্তু কাজিৰঙাৰ বনৰক্ষী, মাউত, তেওঁলোকৰ পৰিয়ালৰ বাবে আৰু দাঁতিকাষৰীয়া মানুহৰ বাবে এখন অত্যাধুনিক হস্পিতাল খুলিব নোৱাৰাটো দুৰ্ভাগ্যজনক৷কাজিৰঙাক অৱলম্বন ৰূপে লৈ বিশ্বৰ বিভিন্ন এনজিঅ বৰ্তি আছে। এনে এনজিঅসমূহক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ অথবা চৰকাৰে উন্নত চিকিৎসালয় এখন লাগে বুলি কেতিয়াও আহ্বান জনাৱাৰ কোনো উদাহৰণ নায়।
অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰেও এনেবোৰ কথাত গুৰুত্ব দিয়া দেখা নাই।দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আহি কাজিৰঙা দৰ্শন কৰিলে। কিন্তু এখন চিকিৎসালয়ৰ প্ৰয়োজনীয়তাৰ স্পৰ্শকাতৰ আৰু মৌলিক প্ৰয়োজনৰ কথাটো অসম চৰকাৰ অথৰা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কিয় দৃষ্টিগোচৰ নকৰিলে সিয়ো চিন্তনীয়। হয়তো এইবোৰ সৰু সৰু মানুহৰ বিপদ।
যোৱা কেইটামান দিনত কেইবাগৰাকীও বন কৰ্মী আৰু সাধাৰণ লোক কাজিৰঙাৰ বন্যপ্ৰানীৰ আক্ৰমণত গুৰুতৰভাৱে আহত আৰু নিহত হৈছে। ইফালে কাজিৰঙাৰ দাঁতি-কাষৰীয়া লোক বা পোহনীয়া জন্তু বন্য প্ৰাণীৰ দ্বাৰা আহত অথবা নিহত হ’লে দিব লগা উপযুক্ত ক্ষতিপূৰণ প্ৰসংগটো অসমত আজিও গুৰুত্বহীন কৰি ৰখা হৈছেনেকি, সিও প্ৰশ্নৰ বিষয়।
বন্যপ্ৰাণীৰ আক্ৰমণত আহত বা নিহত পশুধন, আক্ৰান্ত ব্যক্তি,কৃষি পথাৰ আদিৰ বাবে কাজিৰঙা বন বিভাগৰ হেনো কোনো নীতি নাই৷ নীতি নাই বাবেই পুঁজিও নাই৷ তাহানিতে বৃটিছে বনোৱা বন আইন এতিয়া সলনি কৰাৰ সময় আহি পৰিল৷ পূৰ্বৰ তুলনাত বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত বাঢ়িছে৷
অসম চৰকাৰ আৰু স্থানীয় প্ৰতিনিধিয়ে কাজিৰঙাৰ এই বহুদিনীয়া সমস্যাটোৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ ল’বনে, সিও প্ৰশ্নৰ বিষয়।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে আন এটা সমস্যা হ’ল- কেজুৱেল কৰ্মীৰ সমস্যা৷ প্ৰায় সত্তৰ শতাংশ মাউত, ঘাঁচী আদি কেজুৱেল৷
আন আন বহুতো কেজুৱেল বনকৰ্মী আছে৷ এওঁলোকে নিজৰ জীৱন, ভৱিষ্যত, পৰিয়ালক অদৃষ্টৰ হাতত বন্ধকতথৈ উদ্যানত সেৱা আগবঢ়াই আছে। তাৰোপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান থকাৰ বাবেই পৰিৱেশ স্পৰ্শকাতৰ অঞ্চল, নুমলীগড় শোধনাগাৰৰ বাবে উদ্যোগ ৰহিত অঞ্চল ৰূপে চিহ্নিত হোৱা বোকাখাতক লৈয়ো উদ্যান কৰ্তৃপক্ষ অথবা চৰকাৰৰ নাই কোনো বিশেষ উদ্যোগ।
এটা বন গৱেষণা কেন্দ্ৰ, ইণ্ডিয়ান ফৰেষ্ট ইঞ্চটিটিউটৰ দৰে অনুষ্ঠানত প্ৰতিষ্ঠাৰ কথাও কোনো দিন শুনা নাই। কাজিৰঙাৰ গাতে লাগি থকা বোকাখাত নগৰক পৰ্যটক নগৰ হিচাপে গঢ়ি তুলিবলৈ বোকাখাত বাসীয়ে ৫০ বছৰ ধৰি দাবী কৰি আহিছে যদিও,আজি পৰ্যন্ত নল’লে কোনো ব্যৱস্থা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে গৌৰৱ উজ্জ্বল ৫০ বছৰ অতিক্ৰম কৰিলে।
সেইদিনা উদ্যান কৰ্তৃপক্ষ অথবা চৰকাৰে কেৱল শুভেচ্ছা দিয়েই সামৰিলে কাৰ্যসূচী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মৌলিক সমস্যা সমূ্হৰ বিষয়ে কোনো আলোচনাই নহ’ল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া ৰাইজৰ সমস্যা সম্পৰ্কে কোনো সদিচ্ছা নাই কৰ্তৃপক্ষ অথবা চৰকাৰৰ।
লেখকঃ বুবুল দত্ত