Union Home Minister’s Skill Medal: আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তসহ পাঁচ বিষয়া জোৱানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক

গুৱাহাটী, ৩১ অক্টোবৰঃ অসম আৰক্ষীৰ বিশেষ টাস্কফ’ৰ্চৰ চাৰিজন সদস্য ক্রমে এছ টি এফৰ মুৰব্বী আই জি পি পার্থসাৰথি মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক, লেন্সনায়ক হেমন্ত কছাৰী আৰু ইউ বি কনিষ্টবল ৰাজকুমাৰ কৈৱৰ্তলৈ গৃহ পবিক্রমা মন্ত্ৰালয়ৰ দ্বাৰা বিশেষ অভিযানৰ ক্ষেত্ৰত কেন্দ্রীয় গৃহ মন্ত্ৰীৰ দক্ষতা পদক(Union Home Minister’s Skill Medal) প্রদান কৰা হৈছে।

এই সন্মানীয় পদক ২০২৩ চনৰ ২১ মাৰ্চৰ পৰা ২০২৪ চনৰ ২০ মাৰ্চলৈকে অসমৰ কিছুমান গুৰুতৰ অপৰাধ যেনেঃ ড্ৰাগছ সৰবৰাহ, নকল মুদ্রা, গঁড়ৰ চোৰাং চিকাৰৰ বিৰুদ্ধে অভিযান আদিৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে প্ৰদান কৰা হৈছে(Inspector General of Police)।

অসম আৰক্ষীৰ আৰক্ষী মহাপৰিদৰ্শক পার্থসাৰথি মহন্তৰ নেতৃত্বত এছ টি এফে ড্রাগছ সবববাহ, নকল মুদ্ৰা সৰবৰাহ আৰু গঁড়ৰ চোৰাং চিকাৰৰ বিৰুদ্ধে দীর্ঘদিন ধৰি সেৱা আগবঢ়াই আহিছে(Award)। আৰক্ষী বিষয়াজনৰ নেতৃত্বত এছ টি এফে ড্ৰাগছ সৰবৰাহ, নকল মুদ্রা আৰু গঁড়ৰ চোৰাং চিকাৰৰ বিৰুদ্ধে কৌশলগত অভিযানৰ জৰিয়তে ধাৰাবাহিক সফলতা লাভ কৰি আহিছে(Excellence in Investigation)।

উল্লেখ্য যে পার্থসাৰথি মহন্তৰ নেতৃত্বত এছ টি এফে বৃহৎ পৰিসৰৰ ড্ৰাগছৰ নেটৱৰ্ক ধ্বংস কৰি অসমত অনুপ্ৰৱেশ কৰা হেৰ’ইনকে ধৰি যথেষ্ট পৰিমাণৰ নিচাজাতীয় সামগ্রী জব্দ কৰিছে(Special Operation Medal)।

এই অভিযানসমূহত সংগঠিত অপৰাধক নাইকিয়া কৰাৰ লগতে অসমৰ যুৱক-যুৱতীসকলক নিচাযুক্ত দ্রব্য সেৱনৰ ভাবুকিৰ পৰাও বহু পৰিমাণে সুৰক্ষিত কৰাত সহায় কৰিছে। এইসমূহ সফলতা লাভৰ উপৰিও আৰক্ষী মহাপৰিদৰ্শক পার্থসাৰথি মহন্তৰ নেতৃত্বত এছ টি এফে বাংলাদেশৰ পৰা অসমত ৰোহিংগাৰ অনুপ্ৰৱেশ বোধ কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে।

চলিত বৰ্ষৰ মাৰ্চ মাহত এছ টি এফে উত্তৰ- পূর্বাঞ্চলত বিধ্বংসী তথা সন্ত্রাসবাদী কাৰ্যকলাপৰ পৰিকল্পনা কৰা আইছিছৰ মুৰব্বী হৰিশ ফাৰুকী আৰু তেওঁৰ সহযোগীসকলক গ্ৰেপ্তাৰ কৰাত বিশেষ সফলতা লাভ কৰে। এই অভিযানে ভাৰতত আইছিছৰ অভিযানৰ মেৰুদণ্ড ভাঙি পেলায়। অসমৰ নিৰাপত্তাৰ ক্ষেত্ৰত পাৰ্থসাৰথি মহন্তৰ এই ভূমিকা গুরুত্বপূর্ণ।

এছ টি এফৰ এই চাৰিগৰাকী বিষয়াৰ উপৰি কাছাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্রত কুমাৰ সেন আৰু শিলচৰ থানাৰ পৰিদৰ্শক ভাৰপ্ৰাপ্ত বিষয়া অমৃত কুমাৰ সিংহলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ দক্ষতা পদক আগবঢ়োৱা হৈছে। গোচৰৰ পদ্ধতিগত তদন্তব ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবেই এই দুজন বিষয়াক সন্মানিত কৰা হৈছে।

শিলচৰ থানাত ৰুজু হৈ থকা ২৭৫৪/২২ নম্বৰৰ গোচৰটোৰ তদন্তৰ ক্ষেত্ৰত এই দুয়োগৰাকী বিষয়াই বিশেষ সফলতা লাভ কৰিছিল। উল্লেখ কৰিব পাৰি যে ২০২২ চনৰ ৭ নৱেম্বৰত শিলচৰৰ কঁঠাল ৰোডত সংঘটিত এক দুর্ঘটনাৰ তদন্ত কৰিছিল দুয়োগৰাকী বিষয়াই।

এই ঘটনাত ৩৬ বছৰীয়া ঝর্ণা পাণ্ডা নামৰ এগৰাকী যুৱতীৰ মৃত্যু হৈছিল আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঝর্ণা পাণ্ডাৰ মৃতদেহ উদ্ধাৰ কৰিছিল। য’ত মৃতদেহৰ মূৰটো সম্পূর্ণভাৱে থেতালি পেলোৱা হৈছিল।

অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্রত সেনৰ নেতৃত্বত এটা এছ আই টি দল গঠন কৰা হৈছিল আৰু এই গোটটোরে বিস্তৃত তদন্তৰ অন্তত চি চি টিভিৰ ফুটেজ নিখুতভাৱে বিশ্লেষণ কৰি অভিযুক্ত তিনিজনক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্রেপ্তাৰ কৰা লোককেইজন হ’ল বিজয় দাস, বিক্রম দাস আৰু পৰিমল দাস।

এই ঘটনাৰ সৈতে জড়িত থকা বাহনখনো আৰক্ষীয়ে উদ্ধাৰ কৰে আৰু গাড়ীখনৰ চালকে ঝর্ণা পাণ্ডাৰ দেহৰ ওপৰেৰে গাড়ীখন চলাই নিয়াৰো কথা স্বীকাৰ কৰে। ৪৮ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Related Articles