মৰিয়নি সমষ্টিৰ অন্তৰ্গত নকছাৰিত ১৯৭৪ বৰ্ষৰ নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যাল়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনীয়ে বিদ্যাল়য় খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত ললিত চন্দ্ৰ বৰপূজাৰীৰ সমাধি ক্ষেত্ৰত এখনি সেতু নিৰ্মাণ কৰি দেখুৱালে গুৰু শিষ্যৰ প্ৰকৃত প্ৰেম।(Nakachari) ললিত বৰপূজাৰী এজন শিক্ষকেই নহয় তেখেত এজন শিক্ষিত সমাজ গঢ়োতা আদৰ্শবান ব্যক্তি আছিল।(Jorhat, Mariani)
২০০১ চনৰ ১৪মাৰ্চত তেখেতৰ দেহাৱসান ঘটিছিল।(Nakchari Higher Secondary School)নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখতে থকা তেখেতৰ সমাধি ক্ষেত্ৰলৈ যাবৰ বাবে অসুবিধা হোৱা অনুভৱ কৰি ১৯৭৪ বৰ্ষৰ নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে সমাধি সেতু নাম দি এখন ষ্টীলৰ দলং নিৰ্মাণ কৰোৱাই উৎসর্গা কৰে।প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে গুৰু শ্ৰদ্ধাৰ এক আদৰ্শ নৱপ্ৰজন্মৰ আগত দাঙি ধৰে।
এই সমাধি সেতু খনৰ কাৰ্য্যসূচীৰ বন্তি প্ৰজলন কৰি শুভ আৰম্ভণি কৰে প্ৰাক্তন ছাত্ৰ সন্মিলনৰ কোষাধক্ষ ভৈৰৱ মহন্তই আৰু ফিটা কাটি সেতুৰ পথ মুকলি কৰে বিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ অলকানন্দ চুতীয়াই। সমাধিৰ স্মিতি ফলক উন্মোচন কৰে প্ৰাক্তন ছাত্ৰ তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক পূৰ্ণ চন্দ্ৰ বৰুৱাই।(Assam Agricultural University)প্ৰয়াত ললিত বৰপূজাৰীৰ তিনিওজনী কন্যাই সমাধি ক্ষেত্ৰত বন্তি প্ৰজলন কৰি দেউতাকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।(Lalit Chandra Barpujari)
প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সম্পাদক জগত মোহন গগৈ আৰু প্ৰাক্তন ছাত্ৰী ৰেবতী বৰাই আঁত ধৰা মুকলি সভাত সন্মিলনৰ সভাপতি খগেন বড়া , প্ৰয়াত ললিত বৰপূজাৰীৰৰ তিনি কন্যা, নকচাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তোলন গগৈ, প্ৰাক্তন অধ্যক্ষ অলকানন্দ চুতীয়া, নকচাৰি জেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি ৰুদ্ৰ শৰ্মা, চাদিমুল্লা আহমেদ, জিতেন চন্দ্ৰ গগৈ, আৰু দুৰ দূৰণিৰ পৰা অহা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ লগতে বহুকেইজন জেষ্ট, বিশিষ্ট ব্যক্তি উপস্থিত থাকে।সন্মিলনৰ সদস্য হেমন্ত লাহনে বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলকৰ মাজত এটি জলপানীৰ ব্যৱস্থা কৰে।(Construction of bridges)
প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ এই মহান কৰ্মই গুৰু শিষ্যৰ প্ৰকৃত প্ৰেমৰ আদৰ্শ দাঙি ধৰিলে।(Relationship between teacher and disciple) সভাৰ পাছত প্ৰাক্তন ছাত্র ছাত্ৰী সন্মিলনৰ সদস্য সকলৰ মাজত এটি প্ৰীতি ভোজৰ লগতে পৰৱৰ্তী কৰ্মআচনীৰ ওপৰত আলোচনা হয় স্থানীয় “গিৱন ৰিজৰ্ট’ত।