Sindhura Hazarika Memorial Football Tournament: ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আৰম্ভ

গুৱাহাটী, ১ নৱেম্বৰঃ নগাঁৱৰ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ ব্যৱস্থাপনাত আজিৰে পৰা ঐতিহ্যমণ্ডিত উৰিয়াগাঁও খেলপথাৰত ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা(Sindhura Hazarika Memorial Football Tournament) আৰম্ভ হৈছে।

উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াই(Women’s Football Match)। ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কৰে সমিতিৰ সাধাৰণ সম্পাদক জনাৰ্দ্দন গোস্বামীয়ে। বিয়লি অনুষ্ঠিত হয় খেল উদ্বোধনী অনুষ্ঠান(Morigaon Kushtali FC)।

ফুটবল খেলখন আনুষ্ঠানিক ভাৱে মুকলি কৰে নগাঁও ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ দাসে।ভাষণত ক্ৰীড়া সংগঠক দাসে ইতিহাসপ্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা সোঁৱৰণী প্ৰাইজমানি প্ৰতিযোগিতামূলক ফুটবল প্ৰতিযোগিতাই যুৱ প্ৰজন্মৰ মাজত প্রতিভা বিকশিত কৰাত সহায় কৰিব বুলি মন্তব্য কৰাৰ লগতে এই অঞ্চলৰ ৰাইজৰ মাজত সুস্থিৰ বাতাবৰণ সৃষ্টি কৰিবৰ বাবে এনে ধৰণৰ খেলা-ধূলাৰ আৱশ্যক বুলি তেওঁ ভাষণত উল্লেখ কৰে(Bhupen Hazarika memorial footbal)।

উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ উপ-সভাপতি ৰাজ হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোৰ উদ্বোধনী মহিলা প্ৰীতি ফুটবল খেলখনত মৰিগাঁৱৰ কুশতলি এফচি দলে নগাঁও জে.বি ক্লাৱক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰে।

উদ্বোধনী অনুষ্ঠানটোত উন্নয়ন সমিতিৰ কাৰ্যকৰী সভাপতি পীতাম্বৰ শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক নাৰায়ণ চন্দ্ৰ বনিয়া, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য গীতাৰ্থ শইকীয়া, কমলেশ শইকীয়া, পদুম বৰুৱা, প্ৰবোধ কুমাৰ বৰা, প্ৰভাত বৰা, ৰূপৰাম হাজৰিকা, বিকি হাজৰিকা, দেবেন বৰা, তোষেশ্বৰ কলিতা প্ৰমুখ্যে বহু লোক উপস্থিত আছিল। প্ৰতিযোগিতাখনত ১৬টা দলে অংশগ্ৰহণ কৰে(Football Leagues and Competitions)।

Related Articles