গুৱাহাটী, ১ অক্টোবৰঃ চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই(Don Padma Hazarika) বিহালী বিজেপি কাৰ্যালয়ত শুক্ৰবাৰে এখনি সংবাদ মেল আয়োজন কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে(North Assam)।
লগতে বিহালীত নিশ্চিত ভাৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল জয় হ’ব বুলি উল্লেখ কৰে সংবাদ মেলত। ইফালে এই সংবাদ মেলতে বিধায়ক পদ্ম হাজৰিকাই(Minister Piyush Hazarika) কয় বিহালীত ২৫ বছৰে ৰঞ্জিত দত্তই ইমানেই উন্নয়ন কৰি ৰাখিছে ইয়াত কোনো কংগ্ৰেছে প্ৰভাৱ পেলাব নোৱাৰে কাৰণ উত্তৰ অসমৰ অন্যতম এটা সমষ্টি বিহালী এই সমষ্টিত বিজেপিৰ প্ৰভূত্ব আছে(Congress Workers Join BJP)।
লগতে কয়, বিহালী সমষ্টিৰ পূৱ পশ্চিম দুয়োটা ফালে থকা সকলো সমষ্টিয়েই বিজেপিৰ দখলত আছে য’ত শান্তি আছে। ফলত শান্তিপূৰ্ণভাৱে নিৰ্বাচনী প্ৰচাৰ অভিযান চলি আছে(Bihali By Election 2024)।
কিন্তু তাৰ তুলনাত নগাঁও চামগুৰী সমষ্টি হ’ল সাংসদ ৰকিবুল হুছেইনৰ দুৰ্গ, তাত কংগ্ৰেছৰ প্ৰভূত আছে। সেয়েহে চামগুৰি নিৰ্বাচনী প্ৰচাৰত অশান্তিময় পৰিবেশে বিৰাজ কৰিছে। ইয়াৰ দ্বাৰা প্ৰমান হয় যে কংগ্ৰেছ দলৰ প্ৰভূত্ব থকা স্থান সমূহ অশান্তিময় পৰিবেশৰ সৃষ্টি কৰে কংগ্ৰেছে।
তৰুণ গগৈ দিনত বিহালীত বিশ্বনাথ তথা অসমত এক অৰাজক পৰিবেশ আছিল, চাৰিওফালে অশান্তিৰে জৰ্জৰিত হৈ আছিল। সেই সময়ত কিন্তু গৌৰৱ গগৈয়ে সংসদত চিঞৰ বাখৰ কৰা নাছিল।কাৰণ তেতিয়া তেওঁ সংসদত চিঞৰ বাখৰ কৰিলে তেওৰ পিতৃৰ বদনাম হল হয়।
বিহালীত হাতী মানুহৰ সংঘাতৰ ক্ষেত্ৰতো বিধায়ক গৰাকীয়ে কয় যে হাতী মানুহৰ সংঘাত দুৰ কৰিবলৈ বিহালী বনাঞ্চলত বিজেপি চৰকাৰে কেইবা শ হেক্টৰ ভূমি গছ পুলি ৰূপন কৰিছে।
বিধায়কগৰাকীয়ে কংগ্ৰেছ চৰকাৰৰ দিনত ঘটা কেইবাটাও হত্যা হিংসাৰ ঘটনাৰ চিত্ৰ তথ্য দাঙি ধৰে।পুনৰ বিধায়ক গৰাকীয়ে কংগ্ৰেছ চৰকাৰৰ দিনত উগ্ৰপন্থীৰ লগত সমান্তৰাল চৰকাৰ চলাইছিল বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে।
ইফালে কংগ্ৰেছল মুখপাত্ৰ ৰাতুল কলিতাই ২০২৬ চনত কংগ্ৰেছ চৰকাৰ আহিলে পদ্ম হাজৰিকাক জেলত প্ৰেৰণ কৰিব বুলি কোৱা মন্তব্যৰ বিৰুদ্ধে কয় যে কংগ্ৰেছ চৰকাৰ বিশ বছৰলৈ নাহে আৰু তেওঁলোকে মোক জেলতো ভৰাব নোৱাৰে। মই সক্ৰিয় ৰাজনীতিত কেৱল নিজৰ জীৱন ৰক্ষাৰ বাবেহে জড়িত হৈছো।
নিৰ্বাচন আহিলেই পদ্ম হাজৰিকাৰ কন্যাকা ব্যক্তিগত সম্পত্তি বুলি নেকি প্ৰশ্ন কৰাত বিধায়কগৰাকীয়ে কয় যে নিৰ্বাচন আহিলেই কন্যাকাৰ ক্ষেত্ৰত এই প্ৰশ্ন আহে আৰু বহু আৰ টি আই পৰে।কন্যাকা অসমৰ গৌৰৱ, স্বাভিমান হয়।
কংগ্ৰেছে মুখপাত্ৰগৰাকীয়ে পদ্ম হাজৰিকা নৰ্থ বেংকৰ ডন নেকি প্ৰশ্নৰ উত্তৰত বিধায়কগৰাকীয়ে কয় যে হয় যদি কংগ্ৰেছৰ ভয় ভাবুকি, দুৰ্নীতিৰ বিৰুদ্ধে যদি মাত মাতিলে মোক ডন বুলি অভিহিত কৰে। তেনেহলে মই উত্তৰ অসমৰ ৰাইজৰ সমস্যা সমাধানৰ বাবে ডন হ’বলৈ কুন্ঠবোধ নকৰো।
আনহাতে বিধাযক পদ্ম হাজৰিকাৰ বিৰুদ্ধে কথা কবলৈ আনক লগোৱাৰ পৰিবৰ্তে গৌৰৱ গোগৈক মুখা-মুখিকৈ বহিবলৈ প্ৰত্যাহবান জনাই। ইফালে বিহালী বিজেপি কাৰ্যালয়ত মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ সন্মুখত ১৪গৰাকী কংগ্ৰেছৰ নেতাই বিজেপিত যোগদান কৰে।
বিশ্বনাথ জিলা যুৱ কংগ্ৰেছৰ অনূসুচীত মৰ্চাৰ জিলা সম্পাদক পংকজ বৰ্মনকে ধৰি জৰাবাৰী মণ্ডলৰ কেইবাগৰাকীয়ে যোগদান কৰে। আনহাতে, মন্ত্ৰী হাজৰিকা উপস্থিতত বিহালী সমষ্টিৰ দক্ষিণ ৰাংছালীত অনুষ্ঠিত হোৱা এখনি নিৰ্বাচনী সভাত ৩০ জনকৈ কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে।
এই নিৰ্বাচনী সভাত মন্ত্ৰী পিযূষ হাজৰিকাই দক্ষিণ ৰাংছালী অনূসুচীত জাতি লোক সকলৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত মই সদায় আছোঁ বুলি উল্লেখ কৰা লগতে সাংসদ ৰঞ্জিত দত্ত সদায় আছে বুলি উল্লেখ কৰে।
আনহাতে, শুক্ৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত হয় বিহালী সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাল হৈ নিৰ্বাচানী প্ৰচাৰ চলাবলৈ। মন্ত্ৰীগৰাকীয়ে বিহালী বটিয়ামাৰী গাঁও পঞ্চায়ত আৰু বৰালিমাৰা গাওঁ পঞ্চায়ত অধিনৰ কেইবাখনো বুথ কমিটিত উপস্থিত হৈ বিজেপি কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰা লগতে বিজেপি চৰকাৰৰ উন্নয়ন ওপৰত খতিয়ান দাঙি ধৰে মন্ত্ৰী গৰাকীয়ে।
আনহাতে, সাংবাদিকৰ সৈতে হোৱা এক এছুটীয়া সাৎক্ষাকাৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ নেতা কৰ্মীয়ে বিজেপি দলক সমালোচনা কৰা সন্দৰ্ভত কয়, কংগ্ৰেছৰ অধিকাৰ নাই বিজেপি দলক সমালোচনা কৰা কাৰণ কংগ্ৰেছ চৰকাৰৰ থকা সময়ত অশান্তি আছিল এতিয়া শান্তি আছে অসম।
গতিকে কংগ্ৰেছে যাতে অসমীয়া সমাজখন ভাগ ভাগ কৰি অশান্তি নকৰিবলৈ কংগ্ৰেছক আহ্বান জনাই। ইফালে উপ নিৰ্বাচানত আমি মাথো ৰাইজ পদূলিত উপস্থিত হৈ আমাৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল হৈ আশীৰ্বাদ লম বুলি উল্লেখ উল্লেখ কৰে।