Empty Stage: বিশিষ্ট নাট্যকাৰ, অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু

গুৱাহাটী, ১ অক্টোবৰঃ বিশিষ্ট নাট্যকাৰ-অনাতাঁৰ শিল্পী, অভিনেতা(Empty Stage) তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য(Director Kulda Kumar Bhattacharya) আৰু নাই।

গুৰুতৰভাৱে অসুস্থ হৈ পৰা প্ৰবীণ অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ শুকুৰবাৰে সন্ধিয়া প্ৰায় ৮.৩০ বজাত মৃত্যু ঘটে। গুৱাহাটীৰ এখন চিকিৎসালয় দুদিন ধৰি আইচিইউৰ ভেণ্টিলেচনত আছিল ভট্টাচাৰ্য।

জানিব পৰা মতে মৃত্যুৰ পূৰ্বে ভট্টাচাৰ্য নিউম’নিয়া আৰু হৃদৰোগৰ সমস্যাত ভুগি আছিল(Prominent Playwright and Actor)। কাইলৈ তেওঁৰ মৃতদেহ ৰিহাবাৰীৰ নিজা বাসগৃহলৈ নিয়া হ’ব। উল্লেখ্য, অবিবাহিত ভট্টাচাৰ্যই তেওঁৰ দেহ ইলোৰা বিজ্ঞান মঞ্চক দান কৰি থৈ গৈছে। সেয়ে তেওঁৰ শেষকৃত্যও সম্পন্ন কৰা নহ’ব। অসমীয়া সাংস্কৃতিক জগতৰ এটি নসম্য নাম কুলদা কুমাৰ ভট্টাচাৰ্য।

১৯৩৩ চনত গুৱাহাটী মহানগৰীত জন্মগ্ৰহণ কৰা ভট্টাচাৰ্য একেধাৰে অনাতাঁৰ শিল্পী, নাট্যকাৰ, অভিনেতা, পৰিচালক, ধাৰাভাষ্যকাৰ, আবৃত্তিকাৰ।

লণ্ডনত মঞ্চকলা, ফিল্ম আৰু টেলিভিছন বিষয়ত পেচাদাৰী প্ৰশিক্ষণ লোৱা শিল্পীসকলৰ ভিতৰত ভট্টাচাৰ্যও আছিল অন্যতম। অনাতাঁৰ নাট ‘পৰশুৰাম’ৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা শিল্পীগৰাকীয়ে অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰিত বহুকেইখন জনপ্ৰিয় ৰেডিঅ’ নাটত অভিনয় কৰিছিল।

এসময়ত অৰুণ শৰ্মাৰ বহুল জনপ্ৰিয় নাট ‘আহাৰ’ আৰু ‘নিবাৰণ ভট্টাচাৰ্য’ত কৰা অভিনয়েৰে দৰ্শকক মুগ্ধ কৰিছিল অভিনেতাগৰাকীয়ে। ১৯৬১ চনত ‘শকুন্তলা’ ছবিখনৰ জৰিয়তে ছবিজগতত খোজ পেলোৱা অভিনেতাগৰাকীয়ে ‘লটিঘটি’, ‘চিকমিক বিজুলী’, ‘প্ৰভাতী পখীৰ গান’, ‘ৰামধেনু’, ‘ভিলেজ ৰকষ্টাৰ’ আদিকে ধৰি কেইবাখনো ছবিত অভিনয় কৰিছে।

দূৰদৰ্শনৰ কেইবাখনো ধাৰাবাহিকত অভিনয় কৰাৰ লগতে পৰিচালনাও কৰিছিল তেওঁ। তাৰে ভিতৰত তেওঁৰ দ্বাৰা পৰিচালিত ধাৰাবাহিক ‘তেজাল ঘোঁৰা’ উল্লেখযোগ্য। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা আৰু ইণ্ডিয়ান পেনোৰামাৰ বাবে দুবাৰকৈ জুৰীৰ সদস্য হিচাপেও নিৰ্বাচিত হৈছিল ভট্টাচাৰ্য।

শেহতীয়াকৈ ‘৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ সমাৰোহত শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰ হিচাপে সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল কুলদা কুমাৰ ভট্টাচাৰ্যই। ‘হাতীবন্ধু’ ছবিখনৰ ধাৰাভাষ্যৰ বাবে এই সন্মান আগবঢ়োৱা হৈছিল কুলদা কুমাৰ ভট্টাচাৰ্যলৈ। কুলদা কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে শোকস্তব্ধ হৈ পৰিছে তেওঁৰ গুণমুগ্ধসকল।


কুলদা কুমাৰ ভট্টাচাৰ্যৰ বিয়োগত গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিম™ন্ত বিশ্ব শৰ্মাৰঃ আকাশবাণী, চলচ্চিত্ৰ আৰু সৰু পৰ্দাৰ প্ৰবীণ অভিনেতা মোৰ অতি শ্ৰদ্ধাৰ কুলদা কুমাৰ ভট্টাচাৰ্যদেৱৰ প্ৰয়াণৰ খবৰ শুনি অতি মৰ্মাহত হ’লোঁ। বলিষ্ঠ কণ্ঠৰ অধিকাৰী ভট্টাচাৰ্যদেৱ আছিল এগৰাকী সু-আবৃত্তিকাৰ আৰু তথ্যচিত্ৰ পৰিচালকো।

বহুকেইখন অসমীয়া চিনেমা, আকাশবাণীৰ নাটককে ধৰি মঞ্চ অভিনয়তো দক্ষতাৰ পৰিচয় দি অভিনয়প্ৰেমীৰ হৃদয়ত বিশেষ আসন দখল কৰা ভট্টাচাৰ্যদেৱৰ প্ৰয়াণত অসমৰ সাংস্কৃতিক জগতখনত পূৰাব নোৱৰা ক্ষতি হ’ল।

প্ৰখ্যাত অভিনয় শিল্পীগৰাকীৰ অসমৰ সাংস্কৃতিক জগতখনলৈ অৱদান উত্তৰসুৰীয়ে যুগে যুগে স্মৰণ কৰিব। তেখেতৰ পুণ্য আত্মাই বৈকুণ্ঠত স্থান লাভ কৰক, সেয়াই ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।


কুলদা কুমাৰ ভট্টাচাৰ্যৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰঃ প্ৰখ্যাত অভিনেতা, পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যদেৱৰ অবিস্মৰণীয় অৰিহণাৰে সমৃদ্ধ আমাৰ কলা-সংস্কৃতিৰ পথাৰ।

এইগৰাকী স্বনামধন্য ব্যক্তিসত্তাৰ বিয়োগৰ খবৰটো পাই অত্যন্ত মৰ্মাহত হৈছোঁ। অসমৰ সাংস্কৃতিক জগতৰ বাবে তেখেতৰ বিয়োগ এক অপূৰণীয় ক্ষতি।’ কুলদা কুমাৰ ভট্টাচাৰ্যৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে উল্লেখ কৰে।

সদ্যপ্ৰয়াত কুলদা কুমাৰ ভট্টাচাৰ্যৰ বিদেহ আত্মাৰ সদ্‌গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনায় সোণোৱালে।
প্ৰদেশ কংগ্ৰেছৰ গভীৰ শোকঃ অসমীয়া শিল্প সাহিত্য জগতৰ পুৰোধা ব্যক্তি কুলদা কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

অসমীয়া জাতিৰ অভিভাৱকস্বৰূপ কুলদা কুমাৰ ভট্টাচাৰ্য কেৱল এগৰাকী নাট পৰিচালক বা অভিনেতাই নাছিল, তেওঁ আছিল জাতীয় চেতনাৰ ধ্বজাবহনকাৰী এগৰাকী মহীৰুহ। তেওঁৰ বিয়োগত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।


নাট্যেŽত্ৰৰ মহীৰুহ কুলদা কুমাৰ ভট্টাচাৰ্যৰ মহাপ্ৰয়াণত অসম জাতীয় পৰিষদৰ শোকঃ বৰেণ্য শিল্পী, পৰিচালক, সংস্কৃতিৰ সাধক কুলদা কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে।

বিশিষ্ট নাট্যযোদ্ধাগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি যাচি দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘অসমৰ অপেছাদাৰী নাট্যক্ষেত্ৰলৈ প্ৰভূত অৰিহণা আগবঢ়াই যোৱা বিশিষ্ট নাট্যকাৰ তথা অভিনেতাগৰাকীৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি।

অসমৰ অভিনয় জগতখনত প্ৰাণস্পৰ্শী অভিনয়েৰে কেইবাটাও দশক দৰ্শকক আলোড়িত কৰি ৰখা কুলদা ভট্টাচাৰ্য আছিল মাটি আৰু মানুহৰ আৱেগৰে সংপৃক্ত এজন সঁচা মানুহ। আজি এইগৰাকী বৰেণ্য অসমীয়াৰ বিয়োগত অসমে এটি ৰত্ন হেৰুৱালে। অসমখনক আৰু অসমীয়া মানুহক মনেপ্ৰাণে ভালপোৱা এইগৰাকী মহীৰুহলৈ আমি শ্ৰদ্ধাঞ্জলি যাচিছোঁ।’

Related Articles