Age Controversy: ঝল, মুছলমানক সন্তুষ্ট কৰাই জেএমএণৰ উদ্দেশ্য…

গুৱাহাটী, ১ নবেম্বৰঃ ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচন দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত বিজেপিয়েও প্ৰচাৰ জৰদাৰ কৰি তুলিছে। এই প্ৰচাৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Age Controversy)।


বয়স সম্পৰ্কীয় বিতৰ্কক লৈ ভাৰতীয় জনতা পাৰ্টিয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক উভতি ধৰিছে। অসমৰ মুখ্যমন্ত্ৰী(Assam Chief Minister Himanta Biswa Sarma) তথা ঝাৰখণ্ড(Jharkhand Chief Minister) বিধানসভা নিৰ্বাচনৰ বিজেপিৰ সহ-ভাৰপ্ৰাপ্ত হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ঝাৰখণ্ড মুক্তি মৰ্চাৰ সমগ্ৰ ব্যৱস্থাটোকে ‘ভুৱা’ বুলি অভিহিত কৰে।

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই জেএমএমক তীব্ৰ সমালোচনা কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কয়, জেএমএমৰ সমগ্ৰ ব্যৱস্থাটো ভুৱা। শপতনামাত তেওঁলোকৰ সম্পত্তিৰ সবিশেষ চালে দেখা পাব তেওঁলোকৰ বয়সো বাঢ়িছে… এইখন অনুপ্ৰৱেশকাৰীৰ চৰকাৰ।

তেওঁলোকক ক্ষমতাৰ পৰা আঁতৰোৱাটো ঝাৰখণ্ডৰ জনসাধাৰণৰ দায়িত্ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানৰ হেমন্ত ছোৰেণ চৰকাৰ আৰু ঝাৰখণ্ড মুক্তি মৰ্চাক তীব্ৰ আক্ৰমণ কৰে। তেওঁ জেএমএমৰ চৰকাৰক সমালোচনা কৰি কয়, যদি এই চৰকাৰ পুনৰ শাসনলৈ আহে, ৰাজ্যখনত কোনেও সুৰক্ষিত থাকিব নোৱাৰে।

লগতে তেওঁ জে এম এম চৰকাৰক অনুপ্ৰৱেশকাৰীসকলক সুৰক্ষা প্ৰদান কৰা চৰকাৰ বুলিও উল্লেখ কৰে। আনহাতে, জে এম এমৰ সমগ্ৰ ব্যৱস্থাটোক ভণ্ডামি বুলিও অভিহিত কৰে ।

অনুপ্ৰৱেশৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ঝাৰখণ্ডৰ পৰিস্থিতি অসমতকৈও বেয়া। মই ঝাৰখণ্ড ভ্ৰমণ কৰাৰ ৩ মাহৰ ভিতৰত দেখিছোঁ যে ঝাৰখণ্ডৰ অৱস্থা অসমতকৈও বেয়া। সেয়ে ইয়াত চৰকাৰ সলনি কৰাটো প্ৰয়োজনীয় আৰু এয়া সকলোৰে দায়িত্ব।

এই চৰকাৰখন অনুপ্ৰৱেশকাৰীৰ চৰকাৰ। যদি এই চৰকাৰ পুনৰ আহে, আমাৰ নিৰাপত্তা বিপদত পৰিব।


ইয়াৰ পূৰ্বে আজি বিজেপি নেতা শ্বেহজাদ পুনাৱালাই কয় যে জেএমএমৰ অৰ্থ হৈছে ‘ঝোল, মুছলমান তুষ্টিকৰণ, আৰু মাফিয়াৰাজ’।

ঝাৰখণ্ড বিধানসভাৰ ৮১খন আসনৰ বাবে ১৩ নৱেম্বৰ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ২৩ নৱেম্বৰত ভোটগণনা অনুষ্ঠিত হ’ব।

Related Articles