গুৱাহাটী, ২ নবেম্বৰঃ এইবাৰ বোৰ্খা বিতৰ্ৰত সাঙুৰ খাইছে হোজাই জিলাৰ এখন চৰকাৰী বিদ্যালয় ৷ হোজাই জিলাৰ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত এই ঘটনাৰ পিছত অধ্যফ ফাইজ মহাম্মদ বৰভূঞাক সকিয়নি প্ৰদান কৰিছে হোজাই জিলা আমছুয়ে ৷ উল্লেখ্য চৰকাৰী বিদ্যালয়খনৰ এক সাংস্কৃতিক অনুষ্ঠানত নৃত্য পৰিবেশনৰ সময়ত প্ৰতিযোগী ছাত্ৰীক বোৰ্খা পিন্ধিবলৈ বাধ্য কৰোৱাৰ অভিযোগ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে(Nilbagan Model Higher Secondary School ) ৷ আমছুৰ অভিযোগ- এনে কাণ্ডৰ দ্বাৰা অধ্যক্ষ বৰভূঞাই নিজৰ সংকিৰ্ণতাৰ পৰিচয় দিয়াই নহয় কিশোৰী ছাত্ৰীসকলৰ ওপৰত বোৰ্খা জাপি দিয়াৰ প্ৰয়াস কৰিছে ৷ এই অভিযোগ হোজাই জিলাৰ আমছুৰ ।
আমছুৰ হোজাই জিলাৰ সভাপতি কবিৰ আহমেদ লস্কৰে প্ৰেৰণ কৰা বিজ্ঞপ্তিযোগে ছাত্ৰীক বোৰ্খা পিন্ধাই ডি জে নৃত্য কৰোৱা অধ্যক্ষগৰাকীৰ মানসিকতাক ধিক্কাৰ দিয়ে৷লগতে মুছলমান মহিলাৰ সাজ পোচাকক বিকৃত কৰি অধ্যক্ষগৰাকীয়ে চূড়ান্ত অপমান কৰা বুলি আমছুৰ অভিযোগ৷অধ্যক্ষগৰাকীযে ব বিগত দিনতো বিভিন্ন কাৰ্যসূচীত মঞ্চত উশৃংখলতা পদৰ্শনৰ অভিযোগ কৰা হয় বিজ্ঞপ্তিখনত৷কিশোৰী ছাত্ৰীক বোৰ্খা পিন্ধিবলৈ বাধ্য কৰোৱাটো ঘৃণনীয় আৰু জগণ্য বুলি অভিযোগ কৰি অধ্যক্ষগৰাকীৰ মানসিকতাক নিকৃষ্ট বুলি উল্লেখ কৰি ইয়াৰ বাবে অধ্যক্ষগৰাকীয়ে ক্ষমা বিচৰাৰো দাবী জনায় আমছুৱে৷অন্যতায় এনে দূস্কাৰ্যৰ বিৰুদ্ধে পদক্ষেপ লবলৈ আমছু বাধ্য হৈ পৰিব বুলি বিজ্ঞপ্তিযোগে সকীয়াই দিয়ে ৷
লগতে চাওক- ছাত্ৰীক বোৰ্খা পিন্ধোৱাক লৈ বিতৰ্ক…https://www.facebook.com/dainandinbartagroup.in/videos/1319147732850341