দৈনন্দিন বাৰ্তাৰ সেৱা, ২ নৱেম্বৰ ঃ (Assam bypolls )ৰাজ্যত উপ-নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে, সিমানে ক্ৰমাৎ গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ৷ এইবেলি ৰাজ্যৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহৰ ভিতৰত প্ৰধানকৈ দুটা সমষ্টিয়ে সমগ্ৰ ৰাজ্যবাসীৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ তাৰে এটা হৈছে চামগুৰি আৰু আনটো হৈছে বিহালী৷ চামগুৰি সমষ্টিত কংগ্ৰেছৰ শক্তিশালী নেতা তথা বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ঠিয় দিছে৷ ফলত সমষ্টিটোত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তয়াময়া নিৰ্বাচনী যুঁজ হ’ব বুলি ধাৰণা কৰা হৈছে ৷ (pijush hazarika) (পীয়ুষ হাজিৰকা)
একেদৰে বিহালী সমষ্টিটো এতিয়া কংগ্ৰেছ আৰু বিজেপিয়ে সমানে নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে৷ কংগ্ৰেছৰ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে বিহালী সমষ্টিত কংগ্ৰেছৰ স্থিতি সৱল কৰাৰ বাবে উদয়াস্ত শ্ৰম কৰিছে৷ বিহালীৰ বহু ভোটাৰে প্ৰকাশ কৰা অনুসৰি সমষ্টিটোত গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিত লাভ কৰা বিজয়কে প্ৰধান অস্ত্ৰ হিচাপে লৈ নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে৷ সমষ্টিৰ বহু লোকে প্ৰকাশ কৰা অনুসৰি যোৰহাট সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে লোকসভা নিৰ্বাচনত বিজয়ী হোৱাৰ পিছতে গৌৰৱ গগৈ এতিয়া গপতে গঙা টোপ হৈ আছে ৷
তেওঁ যোৰহাটত দেখাৰ দৰেই সপোন এতিয়া বিহালী সমষ্টিৰ ক্ষেত্ৰতো দেখিবলৈ লৈছে বুলি বহুতে বু বু বা বা কৰা পৰিলক্ষিত হৈছে৷ কিন্তু যোৰহাট লোকসভা সমষ্টি আৰু বিহালী বিধানসভা সমষ্টিৰ জৰবিন্যাস তথা পৰিস্থিতিগত কাৰকসমূহক গৌৰৱ গগৈয়ে উলাই কৰাৰ ফল হাতে হাতে পাব বুলিও বিভিন্নজনে এতিয়া মন্তব্য কৰা পৰিলক্ষিত হৈছে৷ যোৰহাটৰ বিজয়ৰ পৰা অৰ্জন কৰা আত্মবিশ্বাসক গৌৰৱ গগৈয়ে বিহালীত নিৰ্বাচনী জয়ৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰি চৰম ভুল কৰা বুলিও বহুতে মন্তব্য কৰিছে৷ বহুতে লগতে এইবুলিও কৈছে যে– যোৰহাটৰ পৰা শেনটো হৈ আহি বিহালীত ফেঁচাটো হৈ উভতিব লাগিব গৌৰৱ গগৈয়ে ৷
উপ-নিৰ্বাচনৰ সময়ত ৰাজ্যত বিৰোধী ঐক্যৰ একান্ত প্ৰয়োজন আছিল যদিও কেৱল মাত্ৰ গৌৰৱ গগৈৰ বাবে বিৰোধী ঐক্য কলিতে মৰহি গৈছে৷ ইয়াৰ ফলত উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচোটা সমষ্টিতে কংগ্ৰেছৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব বুলিও ৰাজনৈতিক বিশেষজ্ঞ মহলে ধাৰণা কৰিছে৷ কংগ্ৰেছে, বিশেষকৈ গৌৰৱ গগৈয়ে বিহালী সমষ্টিত যোৰহাটৰ বিজয়ৰ প্ৰতিচ্চবিখনকে প্ৰতিফলিত কৰিবলৈ গৈ পিছে সময়ত মুখ থেকেচা খোৱাৰো ঘটনা ঘটিছে৷ বিহালী সমষ্টিত এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে জয়ন্ত বৰা৷ এসময়ত বিজেপিৰ শক্তিশালী নেতা হিচাপে পৰিচিত জয়ন্ত বৰাই শিবিৰ সলাই কংগ্ৰেছত যোগদান কৰাৰ ফলত কংগ্ৰেছৰ যে কিবা লাভ হ’ব সেয়া বহুতে বিশ্বাস কৰিবলৈ টান পাইছে৷ কাৰণ জয়ন্ত বৰা আৰু তেওঁৰ পৰিয়ালৰ বহু লোক হাড়ে-হিমজুৱে এটা সময়ত বিজেপিয়ে আছিল ৷
সেয়ে তেওঁলোকৰ বহু সমৰ্থকে শিবিৰ সলনি কৰিলেও জয়ন্ত বৰাক ভোট দি কংগ্ৰেছক হয়তো উপকৃত কৰিব নিবিচাৰিব বুলি বহুতে এতিয়া মন্তব্য কৰিছে৷ এনে চৰ্চাৰ মাজতে আজি কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ গৃহ পঞ্চায়ত খৰা শিমলু পঞ্চায়তত বিজেপিয়ে আয়োজন কৰা এখন নিৰ্বাচনী জনসভাত হিলদল ভাঙি জনতাই যোগদান কৰাৰ কথাই গৃহ পঞ্চায়ততে যে জয়ন্ত বৰাই নিজৰ ভেটি হেৰুৱাইছে, তাকেই প্ৰমাণ কৰা বুলি বহুতে আলোচনা কৰা দেখা গৈছে৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল ১৭ টা পঞ্চায়ত থকা বিহালী সমষ্টিত খৰা শিমলু পঞ্চায়তটো অতি গুৰুত্বপূৰ্ণ পঞ্চায়ত হিচাপে বিবেচিত হৈ আহিছে৷ বিজেপিয়ে এইবেলি প্ৰতিটো পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আদি তদাৰক কৰিবলৈ একো একোগৰাকী বিশেষ নেতাক দায়িত্ব অৰ্পন কৰিছে৷ সেই মৰ্মে খৰা শিমলু পঞ্চায়তৰ প্ৰভাৰী হিচাপে বিজেপিয়ে যুৱ নেতা তথা অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাক দায়িত্বভাৰ দিছিল৷
যুৱ নেতা ৰাতুল শৰ্মাই আজি জয়ন্ত বৰাৰ গৃহ পঞ্চায়ত খৰা শিমলু পঞ্চায়তত নিজৰ চমক দেখুবাবলৈ সক্ষম হয়৷ কংগ্ৰেছ নেতাগৰাকীৰ গৃহ পঞ্চায়ততে আজি হিলদল ভাঙি বহু বিজেপি কৰ্মীয়ে নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰা কথাই জয়ন্ত বৰাৰ প্ৰতি অশনি সংকেত কঢ়িয়াই অনা বুলি বহুতেই এতিয়া আলোচনা কৰিছে৷ উল্লেখ্য কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই বিহালীত নিজে উপস্থিত থাকি অতি নিৰৱে নিৰ্বাচনী প্ৰচাৰৰ তদাৰক কৰি আহিছে৷ যিটো সময়ত গৌৰৱ গগৈৰ দৰে নেতাই যোৰহাটৰ বিজয়কে সমল কৰি সমষ্টিটোত লম্ফ-জম্ফ কৰি আহিছে, সেই সময়তে কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই অতি নিৰৱে কথাৰ সলনি হাতে কামে ভোটাৰসকলক গেৰুৱা শিবিৰৰ পক্ষলৈ অনাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে আৰু এই চেষ্টা বহু পৰিমাণ সফল কাম হোৱা বুলিও বহুতে এতিয়া আলোচনা কৰিছে৷ মন্ত্ৰী হাজৰিকাৰ অতি ঘনিষ্ঠ ৰাতুল শৰ্মাই খৰাশিমলু পঞ্চায়তত আজি যি চমক দিলে সেই চমক আগন্তুক উপ-নিৰ্বাচনত বিজেপিৰ বাবে এক ইতিবাচক দিশ হৈ পৰিব বুলি বহুতে আলোচনা কৰিছে৷
সমষ্টিটোৰ খৰাশিমলুত দলৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ প্ৰচাৰ চলায় কেন্দ্ৰীয় মন্ত্ৰী[ৰাজ্যিক] পৱিত্ৰ মাৰ্ঘেৰিটা আৰু জল সম্পদ, তথ্য আৰু জনসম্পৰ্ক, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ুুষ হাজৰিকাই৷ দলৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰক লগত লৈ অনুষ্ঠিত কৰা প্ৰচাৰ সভাত মন্ত্ৰী পীয়ুষ হাজৰিকাই ভাষণত বিশেষকৈ মহিলাসকলক উদ্দেশ্যি অৰুণোদয় আঁচনিৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে৷ তেওঁ বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি সেই প্ৰতিশ্ৰুতিসমূহ কিদৰে পালন কৰিছে সেই বিষয়ে কয়৷ মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা বিধানসভা নিৰ্বাচনৰ এবছৰ পূৰ্বে আমি অৰুণোদয় দিছিলো৷ সেই অৰুণোদয় দিয়াৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে অৰুণোদয়ৰ ধন বৃদ্ধি কৰা হ’ব লগতে অৰুণোদয়ৰ সংখ্যাও বৃদ্ধি কৰা হ’ব৷ ৮৩০ টকাৰে আৰম্ভ কৰা অৰুণোদয়ৰ ধন পিছলৈ ১০০০ টকালৈ আৰু বৰ্তমান সেই ধন ১২৫০ টকালৈ বৃদ্ধি কৰা হ’ল৷ মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে প্ৰথম অৰুণোদয় আমি ১৯ লাখ ৫০ হাজাৰ মহিলাক দিছিলো আৰু আজি আমি অসমত চ্ছ লাখ ৫০ হাজাৰ মহিলাক অৰুণোদয় দিবলৈ সক্ষম হৈছো৷ নিৰ্বাচনী প্ৰচাৰ সভাখনত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ লগতে বিধায়ক প্ৰমোদ বৰঠাকুৰ, চক্ৰধৰ গগৈ, অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাসহ দলীয় নেতা-কৰ্মীসকল উপস্থিত থাকে৷