প্ৰটিন আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান যিয়ে আমাৰ পেশী শক্তিশালী কৰে, যিয়ে শৰীৰক শক্তিশালী কৰে। শৰীৰত এই পুষ্টিকৰ উপাদানৰ অভাৱ হ’বলৈ দিব নালাগে।(Protein Rich Fruits)
প্ৰটিনৰ বাবে বহুতে অত্যধিক মাংস খাই, কাৰণ ই আপোনাক বহুত চৰ্বি দিয়ে যিয়ে পেট আৰু কঁকালত চৰ্বি জমা কৰিব পাৰে। ইয়াৰ বাবে আপুনি এনে খাদ্য বাছি ল’ব লাগিব য’ত চৰ্বি নাথাকে আৰু লগতে প্ৰচুৰ পৰিমাণে প্ৰ’টিন থাকে। (avoid eating meat fish egg)আজি আমি আপোনালোকক জনাম মাছ-মাংস, কণী আদিৰ বাহিৰেও এই ৪ টা ফলৰ সহায়ত শৰীৰে পাব প্ৰটিন-(veg foods)
মধুৰি অতি সোৱাদযুক্ত ফল। মধুৰি কেঁচাকৈও খাব পাৰে বা চালাডৰ বনাইও খাব পাৰে। ইয়াৰ সহায়ত ৰস আৰু জেলীও প্ৰস্তুত কৰা হয়। ১০০ গ্ৰাম মধুৰি খালে প্ৰায় ২.৬ গ্ৰাম প্ৰটিন পোৱা যাব।
মধ্যপ্ৰাচ্যৰ দেশসমূহত যুগ যুগ ধৰি খেজুৰ প্ৰধান ফল হিচাপে খাই আহিছে। ভাৰততো ইয়াৰ খেতি কৰা হয়। ইয়াৰ সোৱাদে আমাৰ সকলোকে আকৰ্ষণ কৰে। বহু ধৰণে খাব পাৰে খেজুৰ। আমেৰিকাৰ কৃষি বিভাগৰ তথ্য অনুসৰি ১০০ গ্ৰাম খেজুৰত ২.৪৫ গ্ৰাম প্ৰটিন আৰু ৮ গ্ৰাম আঁহ থাকে।(Dates)
কিচমিচ বহু ধৰণৰ ৰেচিপি আৰু মিঠাইত ব্যৱহাৰ কৰা হয়। ইয়াক আঙুৰ শুকুৱাই প্ৰস্তুত কৰা হয়, আমেৰিকাৰ কৃষি বিভাগৰ মতে, প্ৰতি ১০০ গ্ৰাম কিচমিচত প্ৰায় ৩ গ্ৰাম প্ৰটিন থাকে।
প্ৰুন এবিধ শুকান ফলও যিটোক প্ৰটিনৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়। ইয়াক প্লাম শুকুৱাই তৈয়াৰ কৰা হয়, সেয়েহে আমি ইয়াক শুকান প্লাম বুলিও কওঁ যিটো বহু ধৰণৰ ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ। ১০০ গ্ৰাম প্ৰুন খালে ২.১৮ গ্ৰাম প্ৰটিনৰ লগতে ৭ গ্ৰাম ডায়েটাৰী ফাইবাৰ পোৱা যাব।(Prune)