Bhai Dooj 2024: ভাতৃ দ্বিতীয়া, আজি কৰক এই সমূহ কাম! পূজাৰ শুভ সময়, পূজা পদ্ধতি জানি লওক

ভাতৃ-ভগ্নীসকলে প্ৰতি বছৰে এই বিশেষ দিনটোৰ বাবে আগ্ৰহেৰে বাট চাই থাকে। (Bhai Dooj 2024) আজি সমগ্ৰ দেশতে ভাতৃ দ্বিতীয়া উৎসৱ উদযাপন কৰা হৈছে। পোহৰৰ উৎসৱোৰ পিছতে ভাতৃ দ্বিতীয়া উৎসৱ পালন কৰে দেশবাসীয়ে। ভাতৃ-ভগ্নীৰ মাজত থকা সম্পৰ্কৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।(bhai dooj 2024 date and time)


প্ৰতি বছৰে কাতি মাহৰ দ্বিতীয়া তিথিত উদযাপন কৰা হয় ভাতৃ দ্বিতীয়া। এই বছৰ আজি অৰ্থাৎ ৩ নৱেম্বৰত উদযাপন কৰা হৈছে ভাতৃ দ্বিতীয়া। আজিৰ দিনটোত সকলো ভগ্নীয়ে ভাতৃৰ কপালত তিলক লগাই তেওঁৰ মঙ্গল আৰু দীৰ্ঘায়ু কামনা কৰে। এই পূজাৰ শুভ সময় আৰু পূজাৰ পদ্ধতি বিষয়ে জানো আহকঃ

বৈদিক পঞ্জিকা অনুসৰি কাৰ্তিক মাহৰ শুক্ল পক্ষৰ দ্বিতীয় তাৰিখ কালি ​​অৰ্থাৎ ২ নৱেম্বৰৰ নিশা ৮.২২ বজাৰ পৰা আৰম্ভ হৈছে। আনহাতে আজি অৰ্থাৎ ৩ নৱেম্বৰত নিশা ১০:০৬ বজাত ইয়াৰ অন্ত পৰিব। ইয়াৰ উপৰিও পুৱা ১১:৩৯ বজাত সৌভাগ্য যোগো গঠন কৰা হৈছে।(tradition,Tilak, significance)

তিলকৰ বাবে আটাইতকৈ শুভ সময় ৩ নৱেম্বৰৰ দুপৰীয়া ১:১০ বজাৰ পৰা বিয়লি ৩:২২ বজালৈ। ভগ্নীসকলে এই ২ ঘন্টা ১২ মিনিটৰ সময়ছোৱাত তিলক কৰিব পাৰে। এই সময়ৰ পিছত ৰাহুকাল আৰম্ভ হ’ব।

ভাতৃৰ তিলকৰ বাবে ভগ্নীসকলে পূজাৰ প্লেটত এইসমূহ সামগ্ৰী অন্তৰ্ভুক্ত কৰিব লাগিব, নহলে এই উৎসৱক অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। ভাতৃৰ কপালত তিলক বা ফোঁট দিওঁতে তামোল-পাণ, চাউল, ৰূপ, মুদ্ৰা ইত্যাদি দিব লাগিব। তাৰ পিছত এইবোৰ বস্তু এজন আৰ্তজনক দান কৰক। ইয়াৰ দ্বাৰা আপোনাৰ ভাতৃৰ জীৱনলৈ সুখ আহিব। কেৱল এয়াই নহয়, ভাতৃক ফোঁট দিওঁতে ভাতৃক নাৰিকল, চেনি, ৰঙা বুট, বুটমাহ আদি দিব। যমৰাজৰ নামত জ্বলাব এগছি বন্তি।

পূজাৰ পদ্ধতি

  • ভাতৃ দ্বীতিয়া দিনা ৰাতিপুৱা ব্ৰহ্ম মুহুৰ্তাত সাৰ পাই গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব।
  • শুভ সময়ত পূজা থালি প্ৰস্তুত কৰৰক। তাত প্ৰয়োজনীয় সামগ্ৰী ৰাখক।
  • ভগৱান গণেশৰ নাম লৈ সঠিক ৰীতি-নীতিৰে পূজা কৰা।
  • ইয়াৰ পিছত ভগ্নীসকলে ভাতৃসকলক তিলক লগাব।
  • ভাতৃক মিঠাই খুৱাই আৰতি কৰিব।
  • ইয়াৰ পিছত ভাতৃসকলে ভগ্নীসকলৰ পৰা আশীৰ্বাদ লৈ কিছু উপহাৰ উপহাৰ হিচাপে দিয়ে।

Related Articles