Pita: চুমি ৰহমানৰ উপন্যাস ‘পিতা- নেপথ্যৰ নিৰৱ নাৱিক’উন্মোচন

গুৱাহাটী, ৩ নৱেম্বৰঃ আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাৱত শিনবাৰে গুৱাহাটী প্ৰেছ ক্লাবত বিশিষ্ট সাহিত্যিক প্ৰভাত গোস্বামীয়ে লেখিকা চুমি ৰহমানৰ “পিত- নেপথ্যৰ নিৰৱ নাৱিক”(Pita) শীৰ্ষক উপন্যাসখন উন্মোচন কৰে(Novelist Sumi Rohman)৷


উন্মোচনী সভাত ‘দৈনন্দিন বাৰ্তা'(Doinondin Barta) কাকতৰ কাৰ্যবাহী সম্পাদক তথা কবি-লেখক ডিম্পুল কুমাৰ চুতীয়া(Executive Editor Dimpul Chutia), জ্যেষ্ঠ সাংবাদিক-লেখিকা গীতিমালিকা নেওগ, জ্যেষ্ঠ সাংবাদিক-লেখক মণ্টু শইকীয়াই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে(Guwahati Press Club)৷

উন্মোচনী অনুষ্ঠানত ভাষণৰত সাংবাদিক তথা লেখিকা গীতিমালিকা নেওগ

গ্ৰন্থখন প্ৰকাশ কৰিছে পাণবজাৰৰ এম আৰ পাব্লিকেশ্যনৰ হৈ অপূৰ্ব কলিতাই৷ সভাৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বিশিষ্ট নাট্যকাৰ-সাহিত্যিক প্ৰভাত গোস্বামী আৰু বিশিষ্ট অতিথিসকলে বন্তি প্ৰজ্বলন কৰে৷

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে কেইবাখনো গ্ৰন্থ লিখি অসমীয়া সাহিত্যলৈ বৰঙনি আগবঢ়োৱা লেখিকা চুমি ৰহমানৰ ‘পিতা- নেপথ্যৰ নিৰৱ নাৱিক’ গ্ৰন্থখন ঔপন্যাসিকাই আমাৰ চৌপাশৰ সমাজখনৰ পিতৃসকলৰ বাস্তৱিক কিছু কৰ্ম আৰু অনুভৱ-অভিজ্ঞতাৰ ভেটিত ৰচনা কৰিছে৷

সাংবাদিক ডিম্পী ভৰালীয়ে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখনত লেখিকা-সাংবাদিক দৰ্শনা বৰুৱাই সভাৰ আহ্বায়ক হিচাপে অনুষ্ঠানত উপস্থিত সকলোকে কৃতজ্ঞতা জ্ঞাপনsৰে শলাগৰ শৰাই আগবঢ়ায়৷

গাম্ভীৰ্যপূৰ্ণ সভাখনত ব্যৱসায়ী জমিৰ ৰহমান, লেখক ৰিজু বৰা সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ লগত সভাত কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

Related Articles