Koliabhomora: ধ্বংসস্তুপ পৰিণত অসম পৰ্যটন বিভাগৰ কলিয়াবৰস্থিত ‘কলিয়াভোমোৰা জলক্ৰীড়া আৰু পৰ্যটন উদ্যান’

কলিয়াবৰ, ৩ নৱেম্বৰঃ তুঙ্গত উঠিছে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচন(Koliabhomora)। চামগুৰি সমষ্টিৰ(Samguri By Election) বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ ঘৰ কলিয়াবৰত।

পিছে কলিয়াবৰত বিশেষ চৰ্চা লাভ কৰিছে চামগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ নাম। কিন্তু কি প্ৰসঙ্গত এই চৰ্চা হৈছে সেই বিষয়ে জানিবলৈ অসম পৰ্যটন বিভাগৰ দ্বাৰা কেইবা কোটি টকাৰে নিৰ্মাণ কৰা ‘কলিয়াভোমোৰা জলক্ৰীড়া আৰু পৰ্যটন উদ্যান’ৰ বিষয়ে জানি ল’ব লাগিব।

নগাঁও আৰু শোণিতপুৰ জিলাৰ সীমান্তৱৰ্তী এলেকা চুলুঙত অসম পৰ্যটন বিকাশ নিগম(Assam Tourism Department) স্থাপন কৰা ‘কলিয়াভোমোৰা জলক্ৰীড়া আৰু পৰ্যটক বিনোদন উদ্যান।'(Water Sports and Tourism Park) ২০১০ চনৰ ১০ অক্টোবৰত এই উদ্যানখন মুকলি কৰিছিল তদানীন্তন ৰাজ্যৰ পৰ্যটন বিভাগৰ মন্ত্ৰী ৰকিবুল হুছেইনে।

যি উদ্যানখনত ক’ভিড কালৰ আগলৈকৈ ৰাজ্যৰ বিভিন্ন স্থানৰ লোকৰ বিনোদনৰ এক উপযুক্ত স্থান হিচাপে চিহ্নিত হৈছিল। এই উদ্যানখনত শিশুৰ বাবে টয়-ট্ৰে’নকে ধৰি বিভিন ক্ৰীড়া সঁজুলি, জ্যেষ্ঠ-কনিষ্ঠৰ বাবে জল ক্ৰীড়াৰ অত্যাধুনিক সা-সৰঞ্জামেৰে সজ্জিত জল ভাণ্ডাৰৰ উপৰি খাদ্যৰ বাবে ৰেষ্টোৰাঁ, আকৰ্ষণীয় আলোক সজ্জা, ভিন্নৰঙী ফুল, আলংঙ্কৰিক গছেৰে সমৃদ্ধ আছিল।

নগাঁৱৰ দিশৰ কলিয়াভোমোৰা সেতুৰ মুখতে, বিশাল ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত এই উদ্যানখন নগাঁও, শোণিতপুৰ, গোলাঘাট জিলাৰ লোকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল(Brahmaputra River)। বন্ধৰ দিনত যথেষ্ট লোকৰ সমাগম হৈছিল। কলিয়াভোমোৰা সেতুৰে পাৰ হোৱা উত্তৰ-দক্ষিণ পাৰৰ লোকসকলেও ক্ষণিক জিৰাই খাদ্য গ্ৰহণ কৰিবলৈ এক উপযুক্ত স্থান বুলি আদৰি লৈছিল।

অসম চৰকাৰৰ ৰাজহো বৃদ্ধি কৰিছিল এই উদ্যানখনে। এই জনপ্ৰিয় আৰম্ভণিৰে পৰা উদ্যানখনে পৰিচিতি লাভ কৰিছিল ‘তাঞ্জ’ নামৰে। ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিলৰ নামৰ লগত সংগতি ৰাখি তাৰ নামৰে নামাকৰণ কৰা হৈছিল বুলি আজিও কলিয়াবৰৰ সচেতন মহলে দাবী কৰে। এই দাবী কিমান সত্য সি অৱশ্যে তদানীন্তন বিভাগীয় মন্ত্ৰী আৰু বিষয়াবৰ্গইহে জানিব।

স্থানীয় ৰাইজে বৰ্তমানৰ ধুবৰীৰ লোকসভাৰ সাংসদ ৰকিবুল হুছেইনকো তীক্ষ্ণ ভাষাৰে সমালোচনা কৰিছে। চৰকাৰী ধনেৰে পুত্ৰৰ নামৰে সজা উদ্যানখনৰ খা-খবৰ ৰখাটো সাংসদ গৰাকীৰ দায়িত্ব বুলি একাংশ লোকে মন্তব্য কৰিছে। সেয়ে চামগুৰি উপ-নিৰ্বাচনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আৰু পুত্ৰৰ নাম উচ্চাৰিত হৈছে।

অৱশ্যে বৰ্তমানৰ চৰকাৰখনৰ অকৰ্মণ্যতাৰ বিষয়টোও সমানে আলোচিত হৈছে।চৰকাৰী হেমাহীৰ বাবে ‘একালৰ বৃন্দাবন একালত পৰে চন’ বাক্যশাৰী প্ৰমাণিত হ’বলৈ বৰ বেছি দিন নালাগিল। কভিড কালৰ সময়ত বন্ধ হৈ পৰা উদ্যানখন আজিও বন্ধ হৈ এতিয়া পৰিত্যক্ত অৱস্থালৈ পর্যবেশিত হৈছে।

চোৱা-চিতা কৰাৰ বাবে কোনো নথকাত উদ্যানখনত সংযোজিত বৈদ্যুতিক মটৰ, জেনেৰেটৰকে ধৰি অন্যান্য মূল্যবান সা-সামগ্ৰীসমূহ চোৰে চুৰি কৰি লৈ গ’ল। এই বিশাল চৌহদত থকা এসময়ৰ জিলিকি থকা গৃহ সমূহৰ অৱস্থা নাই।

চোৰে দুৱাৰ-খিৰিকীৰ লগতে চৌকাঠ পৰ্যন্ত খুলি নিবলৈ নেৰিলে চোৰে। বৰ্তমান হাবি-জংঘলৰে ভৰি পৰা উদ্যানখনৰ ভিতৰভাগত মদৰ আড্ডা, অসামাজিক কাৰ্যকলাপ চলাৰ লগতে চোৰ-ডকাইতৰ নিৰাপদ আশ্ৰয়স্থলীলৈ ৰূপান্তৰ হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

কোটি-কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই উদ্যান খনৰ মূল্যবান সামগ্ৰীসমূহ এইদৰে নষ্ট হোৱাৰ লগতে চুৰি হোৱা কাৰ্য ৰাজহুৱা ধনৰ অপব্যৱহাৰ হোৱাৰ অভিযোগ তুলি স্থানীয় ৰাইজে পৰ্যটন বিভাগ তথা চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰিছে।

তদুপৰি, নৱনিৰ্মিত কলিয়াভোমোৰা সেতুৰ দ্বিতীয়খন দলং নিৰ্মাণৰ সময়ত এই বিনোদন কেন্দ্ৰটো দলং সংযোগী পথ নিৰ্মাণৰ বাবে উচ্ছেদ হোৱাৰ ধাৰণা হৈছিল। কিন্তু তেনে নহ’ল। কিয়নো উদ্যানখনৰ চৌহদৰ বহু আঁতৰৰে দলং সংযোগী পথটো নিৰ্মাণ হোৱাত উদ্যানখন পুনৰ মুকলি কৰিব পৰা অৱস্থাত আছে।

কিন্তু কথা হ’ল কভিড কালৰ পৰা বৰ্তমানলৈকে এই সময়ছোৱাত বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে কিয় উদ্যানখনৰ ৰক্ষণা-বেক্ষণত গুৰুত্ব নিদিলে তেনে প্ৰশ্নও উত্থাপিত হৈছে। যিটো সময়ত বলিউড-হলিউদৰ অভিনেত্ৰী প্ৰিয়ঙ্কা চোপ্ৰাক কোটি টকাৰ মাননী দি ‘বিপনন দূত’ হিচাপে নিয়োগ কৰিছিল, সেই সময়ত ৰাজ্যৰ পৰ্যটন বিভাগৰ উদ্যানখনলৈ চকু দিবলৈও সময় নহ’ল।

আনকি ৰাজ্যলৈ পৰ্যটকক আকৰ্ষণৰ কৰিবলৈ মন্ত্ৰী-বিষয়া, নৰ্তক-নৰ্তকীৰে দেশে-বিদেশে ব্যয়বহুল অভিযান চলোৱাতহে ব্যস্ত থাকিল। অথচ একে সময়তে পৰ্যটন বিভাগৰ গুৰুত্বপূৰ্ণ ৰাজহৰ উৎস কলিয়াভোমোৰা জলক্ৰীড়া আৰু পৰ্যটন উদ্যান তিল-তিলকৈ মৃত্যুৰ ক্ষণ গণি থাকিল।বৰ্তমানৰ বিভাগীয় মন্ত্ৰীগৰকীয়ে ব্যয়বহুল উদ্যানখনৰ বিষয়ে জ্ঞাত হয় নে নহয় সিও প্ৰশ্নৰ বিষয় বুলি স্থানীয় ৰাইজে অৱগত কৰিছে।

আনহাতে, কলিয়াবৰৰ স্থানীয় বিধায়ক-মন্ত্ৰী কেশৱ মহন্তৰো বিষয়টোত প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছে কলিয়াবৰবাসীয়ে।কিয়নো নিজ বিভাগীয় বিষয় নহ’লেও, কলিয়াবৰত তেনেদৰে বিভিন্ন বিভাগীয় কাম-কাজৰ অতি সুচল গতিত ৰূপায়ণ হয়, ঠিক এই বিষয়টোৰ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু মুখ্যমন্ত্ৰীক গুৰুত্বসহকাৰে অৱগত কৰিলে ৰাজ্য চৰকাৰৰ ৰাজহ সংগ্ৰহৰ উৎস এটাই পুনৰ প্ৰাণ পাব। উদ্যানখন সজাই পৰাই পুনৰ আগৰ ৰূপ দিবৰ বাবে ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে।

Related Articles