গুৱাহাটী, ৩ নৱেম্বৰঃ অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ৰ(Khagarijan Colleg) অৱসৰপ্ৰাপ্ত অধ্যক্ষ সাগৰ বৰুৱাৰ দদেওবাৰে পুৱা হোজাই জিলাৰ(Hojai District) লংকাস্থিত বাসভৱনত মৃত্যু হয়।
গোলাঘাট(Golaghat) জিলাৰ বোকাখাটৰ(Bokakhat) লখৌজানত(Lakhoujan) জন্মগ্ৰহণ কৰা প্ৰয়াত বৰুৱাই লংকা(Lanka) মহাবিদ্যালয়ত অধ্যাপনা আৰম্ভ কৰি পৰৱৰ্তী সময়ত নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে যোগদান কৰে।
২০০৭ চনৰ পৰা অধ্যক্ষ হিচাপে নিষ্ঠাৰে সেৱাৰ আগবঢ়াই ২০১৮ চনত অৱসৰ গ্ৰহণ কৰে।
তেওঁ অসমীয়া সাহিত্য সন্মিলনীৰ ৰাজ্যিক সভাপতিৰ দ্বায়িত্ব পালন কৰিছিল। কবি হিচাপেও তেওঁৰ খ্যাতি আছিল। কেবাখনো গ্ৰন্থৰ ৰচক বৰুৱাই নিজা খৰচত কেবাখনো উচ্চ মানৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিল।
আলোচনা চক্ৰ, সভা-সমিতিত অংশগ্ৰহণ কৰিবলৈ গ’লে সেই অনুষ্ঠানসমূহক গ্ৰন্থৰ টোপোলা দিয়াটো তেওঁৰ মহৎ গুণ আছিল। তেওঁ নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত গৱেষণা তত্বাৱধ্যায়ক হিচাপে কিছুদিন কাম কৰিছিল।
শিক্ষাবিদগৰাকীৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰিছে। তেওঁৰ নশ্বৰদেহ বোকাখাটৰ ঘৰলৈ নিয়াৰ পথত বৰঘাট বাইপাছৰ ওচৰত খাগৰিজান মহাবিদ্যালয়ৰ শিক্ষক পৰিষদ, অসমীয়া সাহিত্য সন্মিলনীৰ উপ-সভাপতি ঋষেশ্বৰ ঠেঙাল শইকীয়া, নগাঁও জিলা সমিতিৰ সভাপতি খগেন শইকীয়া, সম্পাদক মুকুল বৰাৰ লগতে বিভিন্ন জনে শেষ শ্ৰদ্ধা জনাই।
তেওঁৰ মৃত্যুত বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, খাগৰিজান মহাবিদ্যালয়, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, নগাঁও মহাবিদ্যালয়, এডিপি কলেজ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক কনক হাজৰিকা, ভাৰতীয় গণনাট্য সংঘৰ নগাঁও জিলা সমিত ৰূপহী কলেজ, চিপিআই আদি বিভিন্ন অনুষ্ঠান আদিয়ে শোক প্ৰকাশ কৰিছে।
তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে লংকাৰ বাসগৃহত অগনন গুণমুগ্ধ উপস্থিত হৈ তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধাৰ জ্ঞাপন কৰে।
লংকা মহাবিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰীৰ লগতে লংকাৰ বিভিন্ন অনুষ্ঠানেও তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জনায়। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই পুত্ৰসহ বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়।