Bhupen Hazarika।ভূপেনদাৰ ‘মে’ড ইন ইটালী’ৰ চছমাযোৰ আৰু দুগৰাকী কলিয়াবৰীয়াৰ কাহিনী

গুৱাহাটী, ৪ নৱেম্বৰঃ ভূপেনদাক কলিয়াবৰবাসীয়ে কলিয়াবৰীয়া বুলিয়ে কয়। শদিয়াত জন্ম লৈ তেজপুৰ, গুৱাহাটী, কলকতা, মুম্বাই যি ঠাইৰে বাসিন্দা নহাওক কিয়, ভূপেনদা(Bhupen Hazarika) কলিয়াবৰীয়া। কলিয়াবৰৰ লগত ভূপেনদাৰ সম্পৰ্ক ফেৰীৰে লুইত পাৰ হৈ শিলঘাটত নামি উজনিলে যোৱাৰ দিনৰে পৰা বুলি তেখেতে নিজেই কৈ গৈছে(Made in Italy)।

শিল্প প্ৰাণ চন্দ্ৰ ফুকন আৰু শশী ফুকনৰ লগত বন্ধুত্ব সুলভ সম্পৰ্ক গঢ় লোৱাৰ পৰাই ভূপেনদাৰ সেউজীয়া মনটোক বুজি উঠিছিল শিল্পপ্ৰাণে। বহুবাৰ অনুৰোধ কৰাৰ পিছত ‘শিল্পীৰ পৃথিৱী’ নাম আলোচনীত চন্দ্ৰ ফুকনে আহ্বান জনালে(story of two Kaliabaris)– কুঠৰীলৈ আহক, কুৰীৰ সেউজী শোভাৰ মাজতে জিৰণি লওক। কথা মতেই কাম। ভূপেনদাই কুঠৰীত এডোখৰ মাটি কিনি ঘৰ এটি সাজিলে।

উজনি লৈ আহোতে-যাওঁতে ‘আপোন ঘৰত’ জিৰণী লৈ ঘৰটি দীপালী কৰি ৰাখে(Tinsukia Sadiya Bridge)। এনেকৈয়ে ভূপেনদাৰ কলিয়াবৰৰ প্ৰতি মৰম গাঢ় হ’ল, কুঠৰীখনক, কুৰীৰ মানুহক নিজৰ বুলি ভাবিলে। নবৰ আলিৰ ঘৰচোৱা পাতিলে, পিচলৈ সেই ঘৰ-মাটি বিক্ৰী নোহোৱালৈকে সুৰেন নেওগে সেই ঘৰৰ চোৱা-চিতা কৰিলে। দিন বাগৰিল।

কুঠৰীৰ আপোন ঘৰত ভূপেনদা

ভাৰত ৰত্ন, সঙ্গীত সূৰ্য ড০ ভূপেন হাজৰিকাৰ(Bhupendra) ত্ৰয়োদশ স্মৃতি দিৱস সমগ্ৰ ৰাজ্যই পালন কৰিব। উকা হৈ ৰল ভূপেনদাৰ কুৰীৰ ‘আপোন ঘৰ’। ভূপেনদাৰ এই ‘আপোন ঘৰ’ৰ এক অকথিত কাহিনী সোঁৱৰণ কৰি সুধাকণ্ঠৰ স্মৃতি দিৱসৰ প্ৰাকক্ষণত আৱেগিক হৈ পৰিছে কলিয়াবৰৰ দুগৰাকী ভূপেনদাৰ অনুৰাগী।

ভূপেনদাৰ একান্ত অনুগামী, ভূপেনদাৰ মহাপ্ৰয়াণত পূত্ৰৱত ধৰ্ম পালন কৰা সাংস্কৃতিক কৰ্মী ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যৰ একান্ত যত্নত কলিয়াবৰৰ সংযোগৰ প্ৰযোজনাত ‘সূৰ্যাস্তৰ পিনে ধাৱমান কিয়’ নামৰ এক শ্ৰব্য কেছেটত ‘এইখন কলিয়াবৰ’ শীৰ্ষক গীত গাই কলিয়াবৰৰ সৈতে ভূপেনদাৰ সম্পৰ্ক যাউতিযুগীয়া কৰি থৈ গ’ল।

গীতটিৰ ৰচনা কলিয়াবৰৰ সাহিত্যিক পেঞ্চনাৰ তথা শিক্ষক প্ৰয়াত কুসুম বৰাদেৱে, সুৰ শিল্পী পেঞ্চনাৰ যোগেন বৰদলৈৰ। ২০০১ চনৰ নৱেম্বৰ মাহৰ ৯ তাৰিখে গুৱাহাটীত ‘সূৰ্যাস্তৰ পিনে ধাৱমান কিয়’ শ্ৰব্য কেছটটিৰ উন্মোচনী সভাত কলিয়াবৰক মূল বিষয় হিচাপে লৈ এখন তথ্যচিত্ৰ নিৰ্মাণৰ বাবে ইচ্ছা প্ৰকাশ কৰে আৰু সেই দায়িত্ব ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যৰ হাততেই অৰ্পণ কৰে।

পৰৱৰ্তী সময়ত ‘সংযোগ’ৰ প্ৰযোজনাত ‘কলিয়াবৰ আজীৱন কলিয়াবৰ’ শীৰ্ষক তথ্যচিত্ৰ নিৰ্মাণৰ যো-জা সম্পূৰ্ণ কৰাৰ পাছত ২০০২ চনৰ এপ্ৰিল মাহৰ ২৬ তাৰিখে শুভ মহুৰতৰ বাবে কলিয়াবৰৰ কুঠৰীস্থিত ‘আপোন ঘৰ’ত ভূপেনদা উপস্থিত হয়। কলিয়াবৰৰ বিভিন্ন স্থানৰ ভিন্ন স্তৰৰ ব্যক্তিৰ উপস্থিতিত মাঙ্গলিক নীতি-নিয়মেৰে ‘কলিয়াবৰ আজীৱন কলিয়াবৰ’ তথ্যচিত্ৰৰ শুভ মহুৰত সমাপন হয়।

মূহুৰ্ত স্থাপনৰ পাছতেই ভূপেনদা ৰাওনা হয় শিৱসাগৰৰ এক সাংস্কৃতিক কাৰ্যসূচীত যোগ দিবলৈ। লাহে-লাহে কুঠৰীৰ ভূপেনদাৰ গৃহৰ পৰাও উপস্থিত ৰাইজ ঘৰমূৱা হ’ল। দুই-এটা থাকি যোৱা কাম কৰিবলৈ তাত থাকিল ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যৰ লগতে দুই-এজন। তেনে সময়তে এখন টেবুলত আৱিস্কাৰ হ’ল এজোৰ চশ্মা। কাৰ চশ্মা জানিবলৈ বৰ বেছি সময় নালাগিছিল, সেইবোৰ ভূপেনদাৰ চশ্মা।

এই সন্দৰ্ভত ৰৰঞ্জিত কুমাৰ ভট্টাচাৰ্যই কয় – চশ্মাযোৰ পালোঁ হয়, কিন্ত এতিয়া কি কৰা যায়? ভূপেন বহু দূৰেই পালেগৈ, যোগাযোগৰো আজিৰ দৰে সহজ নাছিল। শিৱসাগৰলৈ যাব বুলিহে গম পাইছোঁ, কাৰোবাক পঠিয়াবলৈও ক’লৈ পঠিয়ায়, কাক পঠিয়ায়? মনলৈ আহিল, ভূপেনদা তেজপুৰৰ ডা০ লক্ষী গোস্বামীৰ ঘৰৰ পৰা আহিছে।

ভাগ্য ভাল লক্ষী গোস্বামীৰ ঘৰৰ ফোন নম্বৰটো আছিল। ফোন কৰিলোঁ, ফোনটো দীপ বাইদেউয়ে ধৰিলে। জীপ বাইদেউ মানে লক্ষী গোস্বামীৰ পৰিবাৰ।

তেখেতে ভূপেনদাৰ শিৱসাগৰৰ ফুকন নগৰৰ ব’ৰ্ডিং খেল পথাৰত সাংস্কৃতিক কাৰ্যসূচী লৈ গৈছিল বুলি ক’লে। ঠিকনাটো বাৰু পালোঁ, এতিয়া কাক পঠিয়াওঁ? মোৰ কাষতে আছিল ৰবীন বৰা, মোৰ ঘৰৰ ওচৰৰ দলিবাৰী গাঁৱৰ। সাংস্কৃতিক প্ৰাণ ল’ৰা, ভূপেনদাৰ গান গাই, গান শুনি ভাল পোৱা ল’ৰা। ইতিমধ্যে বিহু গীত লিখি জনপ্ৰিয় হৈছে।

জুবিন গাৰ্গ, অনুপম শইকীয়া, কৃষ্ণমণি নাথে ৰবীনৰ বিহু গাই জনপ্ৰিয় হৈছে; লগতে ৰবীনকো চিনি পোৱা হৈছে। ৰবীনে চশ্মাৰ কথাবোৰ গম পাই মোৰ লগতে ইফাল-সিফাল কৰি আছে। মই সুধিলোঁ– যাবি? সিও তপৰাই উত্তৰ দিলে যাম। পিছে তাৰ হাতত পইচা নাই। মই বোলো চিন্তা কৰিব নালাগে।

লগে-লগে ভূপেনদাৰ ঘৰৰ মুখৰ পৰাই শিৱসাগৰৰ গাড়ীত উঠাই দিলোঁ। ঈশ্বৰক চিন্তা কৰিলোঁ, যাতে গীতৰ অনুষ্ঠান আৰম্ভ হোৱা আগেয়ে ৰবীন গৈ নিৰ্দিষ্ট ঠাই পাইগৈ। এই বিৰল অভিজ্ঞতাৰ সাক্ষী গীতিকাৰ-সুৰকাৰ ৰবীন বৰাই সুঁৱৰী কয়– আমি সেইদিনা তথ্যচিত্ৰৰ মহুৰতলৈ আনসকলে লগত হাটবৰৰ পৰা ৰঞ্জিতদাৰ নেতৃত্বত ৰাওনা হ’লোঁ। ভূপেনদাৰ গীত শুনি, গীত গাই ভাল পোৱা ল’ৰা।

তেনে প্ৰৰণাতে দুই-একে বিহুগীত লিখিছোঁ। জুবিন গাৰ্গ, কৃষ্ণ মণি নাথ, অনুপম শইকীয়াৰ কৃপাত ৰাইজে চিন পোৱা হৈছে। ভূপেনদাক সেই দিনা লগ পাই ভৰি চুই আশীৰ্বাদ ল’বলৈ সুবিধা পাই ধন্য হৈছিলোঁ। গীতৰ চৰ্চা চলাই যাবলৈ আমাক প্ৰেৰণা দিছিল। সেই আশীৰ্বাদৰ ফলতেই হয়তু পাছলৈ সঙ্গীতৰ ক্ষেত্ৰখনত জড়িত হৈ থাকিবলৈ সুবিধা পালোঁ।

কুঠৰীত ভূপেন দাই চশ্মাজোৰ এৰি থৈ বিৰল যোৱাৰ ঘটনাটোৰ লগত জড়িত হ’বলৈ পোৱা তোৰ জীৱনৰ সৌভাগ্যৰ বিষয় আছিল যিটোয়ে আজিও মোৰ মন প্ৰাণ শিহৰিত কৰি তোলে। চশ্মাযোৰক লৈ ৰঞ্জিতদাৰ চিন্তাৰ দেখি মইও ভাবিলোঁ, চশ্মাযোৰ নহ’লে ভূপেনদাৰ বহুত অসুবিধা হ’ব।

তেনেতে ৰঞ্জিত দাই মোক ক’লে ভূপেনদাৰ চশ্মাযোৰ দিবলৈ তই শিৱসাগৰলৈ যাবি? মই ক’লোঁ যাব লাগিলে যাম, কিন্তু মোৰ হাতত ইমান টকা নাই। ৰঞ্জিত দাই চশ্মাযোৰ মোৰ হাতত দি ক’লে, যি চিন্তা কৰিব নালাগে, টকা কেইটামান হাতী গুজি দি ক’লে এয়া ল আৰু হ’ল। মোক একপ্ৰকাৰ টানি আনি ৰাষ্টাৰ পোৱালেহি। শিৱসাগৰলৈ যোৱা উঠাই দিলে।

ইতিমধ্যে বিয়লি চাৰি বাঢ়িছে। বাছত উঠিছে মই চশ্মাযোৰ ভালকৈ চালোঁ। ‘মে’ড ইন ইটালী’ লিখা চশ্মাযোৰ আটোম-টোকাৰিকৈ তোলাৰ জেপত ভৰাই ল’লোঁ, যাতে কোনো ক্ষতি নহয় তাৰ বাবে ওৰে বাট জেপতে হাত এটা সাৱটি গৈ নিশা আখ্যান বজাত শিৱসাগৰ পালোঁগৈ। শিৱসাগৰ পাই ফুকন নগৰৰ ঠিকনা সুধি কোনোমতে ওলালোগৈ।

সাংস্কৃতিক অনুষ্ঠান হ’বলগীয়া অস্থায়ী প্ৰেক্ষাগৃহত জন সমাগমৰ হৈছিলেই। ভূপেনদাৰ অনুষ্ঠানলৈ সময় আছে। কাকো চিনি নোপোৱা ঠাইখন ভূপেনদাক কেনেকৈ লগ পাম তাকে চিন্তা কৰিলে। লাহে-লাহে মঞ্চৰ কাষ পালোঁগৈ। তাতে পোৱা ইজন-সিজনক সুধিলোঁ ভূপেনদা ক’ত আছে? কাৰো বৰ বিশেষ সহাৰি নাপালোঁ। তেওঁলোকেনো কেনেকৈ জানিব, মই কিয় আহিছোঁ।

তেনেতে মঞ্চৰ পৰা ওলাই অহা পৰমেশ্বৰদা মানে বাঁহীবাদক পৰমেশ্বৰ বসুমতাৰীক লগ পালোঁ। মোক দেখি সুধিলে, ৰবীন তুমি, ইয়াত কেনেকৈ? মই বোলো ভুপেনদাৰ চশ্মাযোৰ… শেষ নহ’লেও, পৰমেশ্বৰ দাই ক’লে ভূপেনদাৰ চশ্মাযোৰ বিচাৰি পোৱা নাই, ক’ত ধৰিলে কোনেও নাজানে। মই চশ্মাযোৰ দেখুৱাই ক’লোঁ এইবোৰ।

পৰমেশ্বৰদা আচৰিত। ক’লে আঁহা-আঁহা। একপ্ৰকাৰ টানি নি গ্ৰীণ ৰুম পোৱালেগৈ। গুৰু-গম্ভীৰভাৱে ভূপেনদা চকী এখনত বহি আছে। পৰমেশ্বৰ দাই ভূপেনদাক ক’লে, এয়া ৰবীন, কলিয়াবৰৰ পৰা আহিছে। মই সেৱা এটা জনালোঁ। ভূপেনদাই মোলৈ চাই ক’লে, তোমাকতো কুঠৰীত পাই আহিছোঁ।

লগে-লগে পৰমেশ্বৰ দাই মোৰ হাতৰ পৰা চশ্মাযোৰ লৈ ভূপেনদাক দেখুৱাই ক’লে এইবোৰ আপোনাৰ চশ্মা। কুঠৰীত এৰি থৈ আহিছিল, ৰবীনে লৈ আহিছে। ইমান দূৰৰ পৰা চশ্মাযোৰ লৈ শিৱসাগৰ পোৱা বিষয়টোত ভূপেনদা আচৰিত হ’ল যদিও মনত এক সন্তুষ্টিৰ বাবে এটাও দেখা পালোঁ।

মোক ক’লে, তুমি বৰ কষ্ট কৰি মোৰ চশ্মাযোৰ ইয়ালৈ লৈ আহিলা। গতিকে, তুমি এনেকৈ যাব নোৱাৰিবা। মোৰ অনুষ্ঠান চাই, খাই-বৈহে যাব পাৰিবা। সেই বুলি উদ্যোক্তা এজনক মাত মোক প্ৰেক্ষাগৃহত হোৱাৰ দায়িত্ব দিলে। ক’লে– মোৰ আলহী, ভালকৈ চোৱা-চিতা কৰিবা। মই পুনৰ সেৱা এটা কৰি প্ৰেক্ষাগৃহত বহিলোঁগৈ।

ভূপেনদাৰ সম্পূৰ্ণ অনুষ্ঠান চাই শেষ কৰি শেহ নিশা বাছত উঠি ঘৰ পালোঁহি। এই বিৰল অভিজ্ঞতাৰটোৱে মোক এতিয়াও শিহৰিত কৰি তোলে। এজন মহান অসমীয়াক অকণমান হ’লেও সেৱা আগবঢ়াবলৈ সুবিধা পালোঁ। মোৰ জীৱন ধন্য হ’ল। ৫ নৱেম্বৰত ভূপেনদাৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী।

এই দিনটোত সমগ্ৰ অসমে সঙ্গীত সূৰ্যক স্মৰণ কৰিব। মোৰ দৰে এগৰাকী সামান্য সঙ্গীত অনুৰাগীয়ে তেখেতক সোঁৱৰিম, পুনৰ যাতে অসমতে জন্ম লৈ অসমৰ গৌৰৱ বঢ়াই তাৰে কামনা কৰিম। কুঠৰীৰ দুগৰাকী বন্ধু শিল্পপ্ৰাণ চন্দ্ৰ ফুকন আৰু শশী ফুকনক। এই দুইগৰকী ব‍্যক্তিৰ অধীৰ আগ্ৰহক আওকাণ কৰিব নোৱাৰি কলিয়াবৰৰ কুঠৰীত এখনি নিজাপি ঘৰ সজাৰ সিদ্ধান্ত ল’লে।

সেই উদ্দেশ‍্যে কুঠৰীত মাটি বিচৰা কামটো দুই কলিয়াবৰীয়াৰ ওপৰতেই দায়িত্ব পৰিল, মাটিও পালে–চাহাব আলীৰ এবিঘা, পদুম বাহাদুৰৰ দুবিঘা, ইচমাইল শ্বেখৰ এবিঘাকে ধৰি প্ৰায় বিশ বিঘা মাটি ভূপেনদাই কিনিলে। ১৯৭২ চনৰ আগে-পাছে কুঠৰীত এটি ঘৰো সাজিলে।

আজীৱন উৰণীয়া মৌ ৰূপে সুধাকণ্ঠ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা জীৱন চাহাৰাৰ বেদুইন এইজনা শিল্পীৰ কুঠৰী আছিল মৰুদ‍্যান। তেখেতে কৈ গৈছে ‘কুঠৰীত মোৰ প্ৰাণটো সোমাই আছে’। সুধাকণ্ঠৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস‍্যৰ কুঠৰীৰ ঘৰখনৰ প্ৰতি আছিল প্ৰৱল হেঁপাহ। কুঠৰীৰ ঘৰখনৰ বাদে সঙ্গীত সূৰ্য‍্য ড০ ভূপেন হাজৰিকাৰ নিজাপি ঘৰ নাই।

ই কলিয়াবৰীয়াৰ এক অনন‍্য আপুৰুগীয়া সম্পদ। ড০ ভূপেন হাজৰিকাই নিজে কৈছিল– কুঠৰীত এটা সাংস্কৃতিক কেন্দ্ৰ আৰু পুত্ৰ তেজৰ ইচ্ছা মতে বৌদ্ধ ধৰ্মাৱলম্বীৰ বাবে জিৰণিস্থল গঢ়ি তোলা হ’ব। সেই ইচ্ছা জীৱিত কালৰ পূৰ্ণ নহ’ল যদিও চৰকাৰৰ সদিচ্ছা থাকিলে সেই আশা পূৰণ হোৱা আশা ৰাখিছে কলিয়াবৰবাসীয়ে।

লেখকঃ ৰূপজ্যোতি গোস্বামী (Rupjyoti Goswami)

Related Articles