বিশেষ বিশ্বাস আৰু শ্ৰদ্ধাৰে উদযাপন কৰা হয় ষট পূজা উৎসৱ। ষট পূজাৰ প্ৰতিটো আচাৰ-ব্যৱহাৰ আৰু ৰীতি-নীতিৰ তাৎপৰ্য বেলেগ বেলেগ আৰু এই পূজাৰ প্ৰসাদও অতি বিশেষ। এই সকলোবোৰ প্ৰসাদ অতি ভক্তি আৰু আৱেগেৰে তৈয়াৰ কৰা হয়।(Chhath Puja 2024)এই সকলোবোৰ প্ৰসাদ ঘৰতে অতি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰে তৈয়াৰ কৰা হয়, এয়া ঈশ্বৰৰ প্ৰতি থকা নিজৰ মৰম আৰু অনুভূতি প্ৰকাশ কৰাৰ এক উপায়। (Traditional Foods)এই ৭ টা বিশেষ ব্যঞ্জনৰ অবিহনে ষট পূজা আধৰুৱা-
থেকুৱা অবিহনে ষট পূজা অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। এইটো এক প্ৰকাৰৰ মিঠাই যিটো সূৰ্য্য দেৱতাক আগবঢ়োৱা হয়। থেকুৱাত পোৱা গুড়ে ইয়াৰ সোৱাদ বৃদ্ধি কৰে আৰু ই এক স্বাস্থ্যকৰ জলপান।(Thekua)
কেছৰ লাড়ুক খেজুৰ লাড়ু বুলিও কোৱা হয়। এই মিঠাই কেৱল ষট পূজাৰ সময়তহে তৈয়াৰ কৰা হয়। বনাবলৈ পিঠাগুৰি, ঘিউ আৰু গুৰ মিহলাই লোৱা হয়। এই মিঠাই বৰ সোৱাদ। এই লাড়ুবোৰ ষট মাইয়াক আগবঢ়োৱা হয় আৰু এই লাড়ুবোৰ সমৃদ্ধিৰ প্ৰতীক।(Chhathi Maiya)
ষট পূজাত চাউলৰ খীৰৰ অতি গুৰুত্ব আছে। গাখীৰ, চেনি আৰু চাউলৰ পৰা খীৰ তৈয়াৰ কৰা হয়। ইয়াৰ সোৱাদ বৃদ্ধি কৰিবলৈ ইয়াত ইলাচি আৰু শুকান ফল যোগ কৰা হয়, যাৰ বাবে ইয়াৰ সোৱাদ আৰু ভাল হয়।
কুমলীয়া ৰঙালাও তৰকাৰী অলপ মছলাৰে প্ৰস্তুত কৰা হয় আৰু পুৰিৰ লগত খায়। ইয়াত পিয়াঁজ আৰু নহৰু নোহোৱাকৈ তৈয়াৰ কৰা হয় যাতে ইয়াৰ বিশুদ্ধতা অটুট থাকে।
গুড়ৰ ৰোটি-ঘেঁহুৰ আটাৰে তৈয়াৰ কৰা হয় খাবলৈ অতি সোৱাদযুক্ত। এই পুৰি ষট মাতৃ দেৱীৰ প্ৰতি ভক্তিৰ প্ৰতীক।
নাৰিকল লাড়ু বনাবলৈ কুটি লোৱা নাৰিকল, পিঠাগুৰি, গুড় আৰু ইলাচি ব্যৱহাৰ কৰা হয়। এই লাডুবোৰ পবিত্ৰতাৰ প্ৰতীক। সোৱাদত মিঠা আৰু বনাবলৈ অতি সহজ।
ঘেঁহুৰ আটা আৰু ঘিউৰ সহায়ত পুৰী তৈয়াৰ কৰা হয়। আলুৰ তৰকাৰী বা কুমলীয়া ৰঙালাউ তৰকাৰীৰ লগতে ইয়াক প্ৰসাদ হিচাপে দিয়া হয়।