ছলমান খানৰ পাছত এইবাৰ শ্বাহৰুখ খানলৈ হত্যাৰ ভাবুকি। ফোনযোগে হত্যাৰ ভাবুকি দুৰ্বৃত্তৰ শ্বাহৰুখ খানলৈ। দীৰ্ঘদিন ধৰি ছলমান খানে লৰেন্স বিষ্ণই গেঙৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰি আহিছে। ইফালে শ্বাহৰুখ খানেও মৃত্যুৰ ভাবুকি লাভ কৰিছে, যাৰ তদন্ত আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে। লগতে ছুপাৰষ্টাৰগৰাকীৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।(Shah Rukh Khan Threat)
শেহতীয়াকৈ বলীউডৰ চেলিব্ৰিটিসকলে ভাবুকি পোৱাৰ ঘটনা পোহৰলৈ আহিছে। লাভ কৰা তথ্য অনুসৰি ফাইজান নামৰ এগৰাকী ব্যক্তিৰ পৰা আহিছিল ফোন। মুম্বাই আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ।(Shah Rukh Khan)
এই ভাবুকিৰ পিছতে চলচ্চিত্ৰ জগতত বিয়পি পৰিছে এক ভয়ৰ পৰিবেশ। ইয়াৰ পূৰ্বে ছলমান খানকে ধৰি বহু চেলিব্ৰিটিয়ে মৃত্যুৰ ভাবুকি লাভ কৰিছিল।(Salman Khan)
যোৱা মাহত ছলমানৰ বন্ধু তথা এনচিপি নেতা বাবা ছিদ্দিকীকো হত্যা কৰা হৈছিল। ইয়াৰ পিছত সমগ্ৰ চলচ্চিত্ৰ জগতত ভয়ৰ পৰিবেশ। শ্বাহৰুখ খান আৰু ছলমান খান দুয়োজনেই মুম্বাইৰ বান্দ্ৰা অঞ্চলত থাকে। ইতিমধ্যে বাবা ছিদ্দিকীকো হত্যা কৰা হৈছে। এতিয়া বান্দ্ৰা থানাত শ্বাহৰুখ খানক হত্যাৰ ভাবুকি দি ফোন আহিছে।(NCP leader Baba Siddiqui)এই সকলোবোৰ বৰ চিন্তাৰ কাৰণ হৈ পৰিছে। এতিয়া আশা কৰা হৈছে যে অতি সোনকালে মুম্বাই আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিব।
অৱশ্যে এই বিষয়টো সন্দৰ্ভত শ্বাহৰুখ খানৰ পৰা এতিয়াও কোনো বক্তব্য লাভ কৰা নাই, তেওঁৰ পক্ষৰ পৰাও অধিক নিৰাপত্তাৰ দাবী উত্থাপন হোৱা নাই।