Kahinur Theatre: কহিনুৰৰ মঞ্চত ‘পিঞ্জৰা’ আৰু সুৱাসনা, চলিত নাট্যবৰ্ষৰ এক উল্লেখযোগ্য প্ৰযোজনা


প্ৰতিটো নাট্যবৰ্ষতে ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগটোত অতি কমেও ৭০-৭৫খন নাটক মঞ্চস্থ হয়(Kahinur Theatre)। অৰ্থাত একাধিক নাট্যকাৰে ইমানকেইখন নাটক লিখি উলিয়ায়। ইয়াৰে ভিতৰত কেইখনমান নাটক ব্যৱসায়িক দিশত যথেষ্ট সফল হয়, প্ৰযোজকে মুনাফা লাভ কৰে। কেইখনমান নাটকক লৈ আলোচনা চলে, নাট্যকাৰে প্ৰশংসা লাভ কৰে। কেইখনমান নাটকে সমাদৰ লাভ নকৰে। এয়া এক চিৰাচৰিত প্ৰক্ৰিয়া। এটা নাট্য পৰম্পৰাৰ অবিৰত এক প্ৰক্ৰিয়া। 


কিন্তু কেৱল এখন নাটক ৰচনা কৰি নাট্যোমোদী ৰাইজৰ মৰম, সমাদৰ, সন্মান আদায় কৰিব পৰাটো এজন নাট্যকাৰৰ কাৰণে এক বিশেষ সফলতা বুলিবয়ে লাগিব। 


সেই নাটকখনে যদি গুণী, চিন্তাশীল, সচেতন, অধ্যয়নশীল আলোচক দৰ্শকৰ মন জয় কৰাৰ লগতে প্ৰতিটো স্তৰৰ দৰ্শকক আমোদ দি ব্যৱসায়িকভাৱেও সফলতাও লাভ কৰি প্ৰযোজকক ধন আনি দিয়ে, তেনেহ’লে সেই নাটকখনে সঁচা অৰ্থত প্ৰাণ পাই উঠি নাট্য ইতিহাসত নিজৰ বাবে নিগাজি ঠাই অকন উলিয়াই লোৱা বুলি অভিহিত কৰিবয়ে লাগিব। 


চলিত নাট্যবৰ্ষত তেনেকুৱা নাটক এখন হৈছে ৪৯সংখ্যক বৰ্ষৰ বাবে নাট্য নিবেদন অব্যাহত ৰখা ঐতিহ্যমণ্ডিত কহিনুৰ থিয়েটাৰৰ বাবে প্ৰথিতযশা নাট্যকাৰ, পৰিচালক, অভিনেতা মৃদুল চুতীয়াই(Playwright, Director, Actor Mridul Chutia) ৰচনা কৰা ‘পিঞ্জৰা’(Pinjara) নাটকখন।

‘অস্তপথ’ নাটকখনেৰে ভ্ৰাম্যমাণ জগতত খলকনিৰ সৃষ্টি কৰা মৃদুল চুতীয়া বুলিলে আজিও একাংশ নিৰ্দিষ্ট দৰ্শক আছে, যিয়ে চকু মুদি প্ৰেক্ষাগৃহত প্ৰৱেশ কৰে এখন ভাল নাটকৰ সাক্ষী হোৱাৰ আশাৰে(Suvasna)।

সেই আশা কিন্তু আজিকোপতি বৰ্তি আছে দৰ্শকৰ মাজত। তাৰ আঁৰৰ কাৰণেই হৈছে মৃদুল চুতীয়াৰ নাটকত থকা মৌলিকতা আৰু সামাজিক বাস্তৱ চিন্তা।


দৰ্শকৰ সেই প্ৰত্যাশাকে সাৰ কৰি এগৰাকী দায়বদ্ধ আৰু দূৰদৰ্শী প্ৰযোজক হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে তপন লহকৰে। সেই কথা আমি বিগত সময়খিনিত দেখা পাইছোঁ। মহীৰুহ ৰতন লহকৰৰ প্ৰয়াণৰ পাছত সৃষ্টি হোৱা উদ্বিগ্নতাক নস্যাৎ কৰি সৱলভাৱে থিয়েটাৰখনক নেতৃত্ব দি আগুৱাই লৈ যোৱা তপন লহকৰে নাটক নিৰ্বাচনৰ বেলিকা দেখুওৱা পৰিপক্বতাই দৰ্শক সমালোচকক আস্বস্ত কৰিছে।

কাৰণ বিগত সময়চোৱাত তেওঁ যিধৰণে নাট নিৰ্বাচন (বিষয়ভিত্তিক আৰু কাহিনীভিত্তিক) কৰি নিজেই পৰিচালনা কৰি মঞ্চস্থ কৰিছে, সেই দিশলৈ চাই আমি কহিনুৰ থিয়েটাৰখন দৰ্শকৰ হেঁপাহক সাকাৰ কৰিব পৰা সবল কান্ধৰ ওপৰত আছে বুলিব পাৰোঁ।

‘অৰ্ধনাৰী’, ’দীপাৱলী’, ’আই লাভ ইউ’, ’এবিচিডি’, ’বনৰীয়া ফুল’, ’পিঞ্জৰা’, ’ব্ৰহ্মপুত্ৰ’ আদি নাটক চালে বুজিব পাৰি, তপন লহকৰে আচলতে কি দেখুৱাব খোজে। হয়, নাটকৰ নামত কেৱল ‘নাটক’ দেখুৱাব খোজা সাহসী আৰু ৰিস্ক ল’ব পৰা প্ৰযোজক তপন লহকৰে এইবাৰ ‘পিঞ্জৰা’ নাটকখন মঞ্চস্থ কৰি দৰ্শকৰ বহু অভিযোগক নস্যাত কৰি ব্যৱসায়িক সফলতা লাভ কৰিছে।

বহু ঠাইত একেটা নিশাত প্ৰেক্ষাগৃহভৰ্তি দুটাকৈ দৰ্শনী প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে কহিনুৰ থিয়েটাৰে। ইয়াৰ পৰা আমি এই কথাই বুজিব পাৰোঁ যে গুণ আৰু মানসম্পন্ন সৃষ্টিৰ কদৰ এতিয়াও আছে।

অপ্ৰয়োজনীয় চমকৰ বিপৰীতে কেৱল উত্তম পৰ্যায়ৰ বিষয়, কাহিনী, অভিনয়, পৰিচালনা, সংগীত, গীত, মঞ্চসজ্জা আদিহে দৰ্শকে চাব বিচাৰে আৰু দেখুৱালে হাফোলা মেলি আকোৱালী লয়।

অভিনয়ৰ ক্ষেত্ৰত ক’ব লাগিলে ভ্ৰাম্যমাণৰ মঞ্চত তুলনামূলকভাৱে নতুন, নিজৰ দ্বিতীয়টো নাট্যবৰ্ষত অভিনয়কৰ্ম কৰি থকা মোহলগা অভিনেত্ৰী জেৰিণা বৰুৱাই ‘পিঞ্জৰা’ নাটকখনত বিশেষভাৱে সক্ষম অথচ মানসিক দৃঢ়তাৰে পুষ্ট ‘সুবাসনা বৰা’ৰ চৰিত্ৰটো যিদৰে জীৱন্ত কৰি তুলিছে, যিদৰে প্ৰতিজন দৰ্শকৰ বুকুৰ কোনোবাখিনিত মায়া, কৰুণা আৰু সমীহৰ সৃষ্টি কৰিছে, সেয়া অতুলনীয়।

আন বহুকেইগৰাকী অভিনেত্ৰীয়ে (প্ৰতিস্থিত, অভিজ্ঞ) অতি সুন্দৰ অভিনয় কৰি আছে থিয়েটাৰত। কিন্তু তাৰ মাজতেই যেন পৃথক জেৰিণা বৰুৱা। যিয়ে পিঞ্জৰাৰ ‘সুৱাসনা’ক দেখিছে, তেওঁ আৰু মনৰ মাজৰ পৰা মচিব পৰা নাই তেওঁক। সেয়া সম্ভৱ হৈছে নাট্যকাৰৰ চৰিত্ৰ সৃষ্টিৰ কুশলতা, পৰিচালকৰ চৰিত্ৰ পৰিবেশনৰ নিপুনতা আৰু অভিনেত্ৰীগৰাকীৰ চৰিত্ৰ জীয়াৰ দক্ষতাৰ বাবে।

এক অৰ্থত ক’ব গ’লে সময় বাগৰিব, বহু নাটক আহিব আৰু যাব, বহু অভিনেতা বা অভিনেত্ৰীয়ে বহু চৰিত্ৰ ৰূপায়ণ কৰিব, কিন্তু ২০২৪-২৫ নাট্যবৰ্ষত কহিনুৰত ‘পিঞ্জৰা’ নাটকৰ জেৰিণা বৰুৱাই কৰা সুৱাসনা চৰিত্ৰটো নাটকখন চোৱা সকলো দৰ্শকৰে মনোজগতত স্থায়ী হৈ ৰৈ যাব।

আন আন অভিনেতাসকলৰ ক্ষেত্ৰত ক’ব লাগিব যে ভ্ৰাম্যমাণত নৱাগত সৰু পৰ্দাৰ চিনাকি অভিনেতা ঋষভ শৰ্মাৰ অভিনয় মনোমুগ্ধকৰ।

ৰাজদ্বীপ মহন্তৰ ঋণাত্মক চৰিত্ৰত কৰা অভিনয়ে কাহিনীৰ মূল নায়ক(নায়িকা)ৰ প্ৰতি কৰুণা আৰু সমৰ্থন সৃষ্টি কৰাত সিদ্ধ হৈছে। তদুপৰি ভ্ৰাম্যমাণৰ অভিজ্ঞ অভিনেতা কৃষ্ণমনি নাথ, গিৰিজা মহন্ত, হেমেন শৰ্মা, দীপক তালুকদাৰৰ চৰিত্ৰসাপেক্ষ অভিনয়ে নাটকখনক সুন্দৰ কৰি তুলিছে।

ভ্ৰাম্যমাণৰ মঞ্চৰ নৱাগত অভিনেতা প্ৰীতম বৰুৱা, সুন্দৰী অভিনেত্ৰী ভায়োলিনা বৰুৱা, অভিনেত্ৰী পংক্তি নেওগৰ অভিনয় নাটকখনৰ শক্তিপ্ৰদায়ক দিশ। অভিনেতা জয়ন্ত শৰ্মাই ৰূপায়ণ কৰা বাংলাবন্ধু চৰিত্ৰটোৱে নাটকখনক এটা দিশৰ পৰা আগুৱাই লৈ যোৱাত সহায় কৰিছে।

তদুপৰি ত্ৰিদিপ ৰয়, জিতুল সোনোৱাল, ৰংকিত অসম, বলেন তালুকদাৰ,সীমান্ত ৰাভা,অভিজিত ডেকা আদি হৈছে নাটকখন সফল হোৱাৰ ক্ষেত্ৰত অভিনয়ৰ দিশৰ আন আন উল্লেখযোগ্য সমল।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ(Rupkonwar Jyotiprasad Agrawal) ‘ৰূপহ কোঁৱৰৰ চুমা পৰশতে’ আৰু ‘আমাৰে সখীয়া’ গীত দুটিৰ ব্যৱহাৰে নাটকখনক অন্য এক উচ্চ মাত্ৰা প্ৰদান কৰাৰ লগতে সোণত সুৱগা চৰাইছে।

গীত দুটিত কণ্ঠদান কৰা কৰিশ্মা দেৱী আৰু কুমাৰ কিশোৰৰ কণ্ঠই নাটকখনক উপভোগ্য কৰি তুলিছে। দীপাংক শইকীয়াৰ উত্তম আৱহ সংগীত ৰচনাই নাটকখনক এখন গুণ আৰু মানসম্পন্ন নাটক কৰি তুলিছে। এলবাৰ্ড ফাংছৰ বাঁহী আৰু হামিং, নিপন ডেকা, অজয় ৰাভা, প্ৰণৱ দাসৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ মন কৰিবলগীয়া আৰু চুই যোৱা।

এইদৰেই ৭০-৭৫খন নাটকৰ মাজত নিজৰ একমাত্ৰ নাটকখনেৰে মৃদুল চুতীয়াই সৰ্বশ্ৰেষ্ঠৰ সলনি সৰ্বোত্তম নাট্যকাৰ হিচাপে নিজৰে প্ৰতিস্থা কৰিছে। ‘ভালৰ এটায়ে ভাল’ বোলা কথাটো এইখিনিত যেন প্ৰযোজ্য। তপন লহকৰে এই প্ৰযোজনাৰে দেখুৱাই দিছে যে অপ্ৰয়োজনীয় চমক নহয়, দৰ্শকক ভাল বিষয় আৰু ভাল কাহিনীৰে ভাল নাটক দেখুৱালে দৰ্শকে আদৰি লয়।

জেৰিণা বৰুৱা সমন্বিতে আন অভিনেতা অভিনেত্ৰীসকলে দেখুৱাই দিছে যে দৰ্শকে আচলতে ভাল অভিনয় হে চাবলৈ ৮০ টকাৰ পৰা ৫০০ টকালৈ একোটা টিকটত খৰচ কৰে (বহুতো দুখীয়া অথচ নাটক ভালপোৱা দৰ্শকে গোটেই বছৰটো ধন সাচি থয় উছৱত থিয়েটাৰ চাবলৈ)। গতিকে সদৌ শেষত এই কথাকে ক’ব পাৰি যে এই নাট্যবৰ্ষৰ এখন উত্তম নাটক হৈছে কহিনুৰ থিয়েটাৰৰ মৃদুল চুতীয়াৰ পিঞ্জৰা নাটকখন।

লেখকঃ প্ৰাঞ্জল এ. শৰ্মা

Related Articles