মাজুলী, ৭ নৱেম্বৰ : Majuli । সমগ্ৰ অসমৰ লগতে মাজুলীতো অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত সপ্তাহজুৰি ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে । অসম কবি সন্মিলনৰ অন্তৰ্গত মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগত এই সপ্তাহ জোৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি নতুন খলিহামাৰীৰ কাব্য কানন ভৱনত জিলা সভাপতি ৰমেশ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত গীতে-মাতে ভাষা গৌৰৱ অনুষ্ঠান অনুষ্ঠিত হয়।
মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক পাপু বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ কেন্দ্ৰীয় সম্পাদক প্ৰহ্লাদ মিলিয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসমীয়া ভাষা-সাহিত্যৰ ইতিহাসৰ ওপৰত বক্তব্য আগবঢ়ায়। কিশোৰশিল্পী অৰ্পিতা হাজৰিকাই বৰগীতেৰে শুভাৰম্ভণি কৰা সভাখন উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী তথা পকাজৰা পঞ্চায়তৰ প্ৰাক্তন সভাপতি অনন্ত ঙাটেই ।
Majuli। মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক কেশৱ কাকতিয়ে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশৰ সন্দৰ্ভত বিষদভাৱে বক্তব্য আগবঢ়ায়। অসম সাহিত্য সভাৰ কুঁহি উপ সমিতিৰ আহ্বায়ক তথা মাজুলী জিলা কবি সন্মিলনৰ যুটীয়া সম্পাদক শংকুসিদ্ধ নাথে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ সমগ্ৰ প্ৰক্ৰিয়াটোত জড়িত সকলো ভাষাবিদ আৰু সাহিত্যকৰ্মীৰ অৱদানক সুঁৱৰি তেওঁলোকক ভাষা গৌৰৱ পূজাৰ অগ্ৰভাগ জ্ঞাপন কৰে। বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে মুনিন টায়ে। তুলিকা সেনাপতিয়ে সমজুৱাৰ একাষাৰত বক্তব্য প্ৰদান কৰা সভাখনত ডিম্ব বৰা, জোনালী নাথ, নয়নমণি বাৰিক, বিতোপন দাস, বৃষ্টি বৰা, শ্ৰেয়াশ্ৰী হাজৰিকা, অংকিতা হাজৰিকা প্ৰমুখ্যে বহু সংখ্যক ভাষাপ্ৰেমীয়ে গীত-মাত-কবিতাৰে ভাষা গৌৰৱ সপ্তাহৰ আজিৰ বিশেষ দিনটো উদযাপন কৰে। জিলা সম্পাদক পাপু বৰাই শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতে জাতীয় সংগীত পৰিৱেশনৰে সভাৰ সফল সমাপ্তি ঘটে।