Silapathar । বিভিন্ন অঞ্চলৰ লগতে চিলাপথাৰতো অনুষ্ঠিত হ’ল ভাষা গৌৰৱ সপ্তাহ

ধেমাজি, ৮ নৱেম্বৰঃধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু চিলাপথাৰ (Silapathar)পৌৰসভাৰ সহযোগত দঞি প:ল সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হ’ল এই সপ্তাহ। সপ্তাহৰ উপলক্ষত অনুষ্ঠিত কাৰ্য্যসূচী অনুসৰি পোনতে চিলাপথাৰ বন বিভাগৰ কাৰ্য্যলয়ৰ সম্মুখৰ পৰা উলিয়াই হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা।


শুভাযাত্ৰাত ভাগ ললে বড়ো,মিছিং, সোণোৱাল কছাৰী,ৰাভা,দেউৰী, বঙালী, হাজং,গোৰ্খা আদি জাতি জনগোষ্ঠীয় সংস্কৃতিক দলে। ভাগ ললে অঞ্চলটোৰ বিভিন্ন স্কুল আৰু কলেজৰ ছাত্ৰ ছাত্ৰী সকলে।


পাঁচ সহস্ৰাধিক লোকে অংশ লোৱা সমদলৰ পিছতে অনুষ্ঠিত হল এক বিশাল মুকলি সভা। এটি সুমধুৰ সমবেত সংগীতেৰে উদ্বোধন হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা, জিলা আয়ুক্ত আৰু প্ৰশাসনৰ বিষয় বিষয়ববীয়া, পৌৰ সভাৰ বিষয়া,- জনপ্রতিনিধি,শিক্ষাবিদ লগতে বহু বৰন্য ব্যক্তি উপস্থিত থাকে।

Related Articles