Breaking

চাওতালক জনগোষ্ঠীয় মৰ্যাদাৰ দাবী, অন্যথা নিৰ্বাচনত বৰ্জন কৰিব বিজেপিক

0 2,092

অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ চাওতাল জনগোষ্ঠী। এই জনগােষ্ঠীটোক শীঘ্ৰেইঅর্থাৎ নির্বাচনৰ পূর্বেই চৰকাৰে জনগােষ্ঠীয় মর্যাদা নিদিলে বিজেপিক বর্জন কৰা হ’ব বুলি কাজিৰঙাত সদৌ চাওতাল ছাত্র সন্থাৰ কেন্দ্রীয়সমিতিয়ে এক সংবাদমেল যােগে জানিবলৈ দিয়ে ৷ বিধানসভা নির্বাচনৰ পূর্বে চৰকাৰে চাওতালকজনজাতিকৰণ ঘােষণা নকৰিলে তীব্র প্রত্যাহ্বানৰ সম্মুখীন হ’ব। সদৌ চাওতাল ছাত্র সন্থাৰ কেন্দ্রীয় সমিতিৰ উপ-সভাপতি অনিল মুৰ্মু, সহকাৰী সাধাৰণ সম্পাদক বিমল চৰেণ, লক্ষ্মীনাথ হেমৰম, শিক্ষা সম্পাদক কেৱল হাচদা, প্রচাৰ সম্পাদক ৰাজেশ হাচদা আৰু উপদেষ্টা চাইমন কিস্কুৰ উপস্থিতিত সভাপতি মিন্টু হেমৰমে কাজিৰঙাৰ কঁহৰা বনুৱা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা সংবাদ মেলত জানিবলৈ দিয়া মতে শীঘ্ৰে চাওতালী ভাষা সংৰক্ষণ কৰাৰ লগতে শিক্ষক নিযুক্তি দি প্রাথমিক পর্যায়ৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈকে চাওতালী ভাষা প্রচলন কৰিবলৈ চৰকাৰক দাবী জনায়। ৰাজ্যখনৰ কেৱল বড়ােলেণ্ড এলেকাত চাওতালী ভাষা প্রচলন কৰাৰ কথা প্ৰকাশ কৰিছে যদিও ৰাজ্য চৰকাৰে সমগ্ৰ অসমৰ বিদ্যালয়ত এক জৰীপ চলাই চাওতালী ছাত্র-ছাত্রী থকা বিদ্যালয়বােৰত চাওতালী ভাষা প্রচলনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়। সভাপতি হেমৰমে আৰু জানিবলৈ দিয়া মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত বহু বছৰৰ পৰা বসবাস কৰি থকা আদিবাসী লােকসকলক উচ্ছেদৰ কার্যকোনাে কাৰণতে গ্রহণযােগ্য নহয়। এই সিদ্ধান্ত যদি অসম চৰকাৰে বাতিল নকৰে, তেন্তে সমগ্র অসম জুৰি তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তােলা হব বুলি চৰকাৰক সকীয়নি দিয়ে। ইফালে উক্তসংবাদমেলত অসমীয়াৰ অস্তিত্ব বিনষ্ট কৰা নাগৰিকত্ব সংশােধনী আইন আৰু ই আই এ বাতিলৰ দাবীও উত্থাপন কৰে। অন্যহাতে মিকিৰবামুণি গ্রান্টৰ প্রায় তিনিশ বিঘা মাটি বহিৰাগত বণিয়া গােষ্ঠীক চৰকাৰে দিয়াৰ যি প্রস্তুতি চলাই আছে তাক কোনােপধ্যে মানি লোৱা নহব বুলি কয়। উল্লেখ্য যে, সদৌ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা কাজিৰঙাৰ কৰা প্রাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় আৰু তাত চৰকাৰে যদি শীঘ্ৰে চাওতাল লােকক জনগােষ্ঠীয় মর্যাদা নিদিয়ে, তেন্তে২৭ জানুৱাৰীৰ পৰা ১০ ফেব্রুৱাৰীলৈকে একআন্দোলনৰ কার্যসূচী হাতত লােৱাৰ সিদ্ধান্তৰ কথা সভাপতি মিন্টু হেমৰমে জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.