গুৱাহাটী, ১১ নৱেম্বৰঃ নগাঁও জিলাৰ উৰিয়াগাঁও নিবাসী, অৱসৰপ্ৰাপ্ত বেংক বিষয়া, অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী তথা বিশিষ্ট সমাজকৰ্মী জিতু শৰ্মা (৬৪)ৰ(Social Worker Jitu Sharma) আজি পুৱা প্ৰায় ৮:৩০ বজাত নিজ বাসভৱনতে শেষ নিশ্বাস ত্যাগ কৰে।
তেওঁ দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল।বঢ়মপুৰ প্ৰেছ ক্লাৱৰ উপদেষ্টা, উৰিয়াগাঁৱৰ অগ্ৰণী অনুষ্ঠান সুন্দৰম নাট্য গোষ্ঠীৰ আজীৱন সদস্য তথা প্ৰাক্তন উপ-সভাপতি, নগাঁও প্ৰতিবন্ধী দিৱস উদযাপন সমিতিৰ প্ৰতিষ্ঠাপক কাৰ্যকৰী সভাপতি, কলংপৰীয়া শাখা সাহিত্য সভাৰ আজীৱন সভ্য, উৰিয়াগাঁও পশুপতি মন্দিৰৰ সম্পাদক, গোমোঠাগাঁও আঞ্চলিক সাৰ্বজনীন দুৰ্গোৎসব উদযাপন সমিতি, উৰিয়াগাঁও দুৰ্গা পূজা সমিতিৰ উপৰি অঞ্চলটোৰ বিভিন্ন সামাজিক, সাংস্কৃতিক, ধৰ্মীয় অনুষ্ঠানৰ লগত তেওঁ সক্ৰিয়ভাৱে জড়িত আছিল।
তেওঁ আছিল এগৰাকী যোগ প্ৰশিক্ষকো। আনহাতে একালত কিছুদিনৰ বাবে উদালি হাইস্কুলত শিক্ষকতাও কৰিছিল বুলি জানিব পৰা গৈছে। আজি পুৱা শৰ্মাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বঢ়মপুৰ প্ৰেছ ক্লাৱ, সুন্দৰম নাট্য গোষ্ঠী, নগাঁও প্ৰতিবন্ধী দিৱস উদযাপন সমিতি, উৰিয়াগাঁও পশুপতি মন্দিৰৰ বিষয়ববীয়াকে ধৰি অনেক অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি আৰু গুণমুগ্ধই তেওঁৰ বাসগৃহত উপস্থিত হৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে।
মৃত্যুৰ সময়ত শৰ্মাই মাতৃ, শিক্ষয়িত্ৰী পত্নী, এগৰাকী কন্যা সন্তানকে ধৰি অনেক আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায়। শৰ্মাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। উল্লেখ্য, প্ৰয়াত জিতু শৰ্মাৰ বাসভৱনতে বঢ়মপুৰ প্ৰেছ ক্লাবে এটা অস্থায়ী কাৰ্য্যালয় স্থাপন কৰি দীৰ্ঘদিন ধৰি ক্লাৱৰ বিভিন্ন অনুষ্ঠান উদযাপন কৰি আহিছে।