গুৱাহাটী, ১১ নৱেম্বৰঃ ৰাগবী ইণ্ডিয়াৰ সৌজন্যত ছাইৰ তত্বাৱধানত অসম ৰাগবী সন্থাৰ সহযোগত তথা তামুলপুৰ জিলা ৰাগবী সন্থাৰ উদ্যোগত ৯-১০ নবেম্বৰত অস্মিতা ৰাগবী ওমেনচ লীগ(Asmita Rugby Women’s League) গোৰেশ্বৰ(Goreswar) ৰাজীৱ গান্ধী মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈ যায়।
উল্লেখ্য যে ৰাগবী খেলখনক জনপ্ৰিয় কৰিবৰ বাবে তামুলপুৰ ৰাগবী সন্থাই যোৱা সময়ত কেইবাখনো খেল অনুষ্ঠিত কৰি আহিছে। এইবাৰো ৯ নৱেম্বৰ পুৱা ৯ বজাত তামুলপুৰ(Tamulpur) জিলা উপায়ুক্ত পংকজ চক্ৰৱৰ্ত্তীয়ে প্ৰতিযোগিতাখন মুকলি কৰে।
এই প্ৰতিযোগিতা খনিৰ চাব জুনিয়ৰ শাখাত ১১টা দল আৰু জুনিয়ৰ শাখাত ৮টা দলে অংশগ্ৰহন কৰে। চাব জুনিয়ৰ শাখাত তামুলপুৰ ৰাগবী সন্থাই প্ৰথম, চৰাইদেউ জিলাই দ্বিতীয় আৰু মেদাঘাট বৰকুচলা, বাক্সা তৃতীয় স্থান দখল কৰে।জুনিয়ৰ শাখাত তামুলপুৰ ৰাগবী সন্থা প্ৰথম, চৰাইদেউ জিলা দ্বিতীয় আৰু গোৰেশ্বৰ টাউন ক্লাবে তৃতীয় স্থান দখল কৰিবলৈ সমৰ্থ হয়।
চিনিয়ৰ শাখাত তামুলপুৰ ৰাগবী সন্থাই প্ৰথম স্থান, চিৰাং জিলা দ্বিতীয় আৰু গোৰেশ্বৰ টাউন ক্লাবে তৃতীয় স্থান লাভ কৰে। ১০ নৱেম্বৰত চিনিয়ৰ শাখাৰ খেলত ৮টা দলে অংশগ্ৰহন কৰে।
চিনিয়ৰ শাখাৰ বঁটাসমূহ প্ৰদান কৰা অনুষ্ঠানত ছাইৰ বিষয়া বিশ্বজিৎ সেনগুপ্তা, অসম ৰাগবী সন্থাৰ কাৰ্যকৰী সভাপতি বিপুলানন্দ পাঠক, সম্পাদক অজিত কলিতা, যুটীয়া সম্পাদক অংশুমান দত্ত আৰু শান্তনু শইকীয়া, গোৰেশ্বৰ ক্ৰীড়া সন্থাৰ সভাপতি ধনঞ্জয় বসুমতাৰী, সম্পাদক দাদুল চৌধুৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে।