গুৱাহাটী, ১১ নৱেম্বৰঃ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনলৈ(Jharkhand Election) মাজত আৰু বেছি সময় নাই। এনে সময়তে ঝাৰখণ্ডৰ ভূমিৰ পৰাই সেই ৰাজ্যৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই পূৱ সিংভূমৰ জামছেদপুৰত এক সভাত ভাষণ দি ঝাৰখণ্ডৰ চৰকাৰক তীব্ৰ সমালোচনা। শক্তিশালী ৰাজনৈতিক বাক্যবাণৰ বাবে পৰিচিত শৰ্মাই এই নিৰ্বাচনক ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে এক গুৰুত্বপূৰ্ণ যুদ্ধ বুলি অভিহিত কৰে।
তেওঁ ঝাৰখণ্ডৰ জনসাধাৰণৰ সংস্কৃতি, পৰিচয়, জীৱিকাৰ বাবে এই নিৰ্বাচনৰ গুৰুত্ব আৰোপ কৰি কয় যে সকলোৱে সেয়ে ভাবি চিন্তি ভোট দিব লাগিব।
ভাষণত শৰ্মাই ঝাৰখণ্ডৰ চৰকাৰে চৰকাৰে বিশেষকৈ পাঁচ লাখ চাকৰি সৃষ্টিৰ দৰে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে সমালোচনা কৰে।
আলমগীৰ আলম নামৰ এজন ৰাজনৈতিক ব্যক্তিৰ বাসগৃহৰ পৰা ২৫ কোটি টকা উদ্ধাৰৰ প্ৰসংগত মন্তব্য কৰি শৰ্মাই কয়- মোৰ ঘৰত পিছে ২৫ কোটি টকা উদ্ধাৰ কৰিব নোৱাৰিব।
তেওঁ লগতে আঙুলিয়াই দিয়ে যে ধন ওলোৱাৰ পিছতো আলমগীৰ আলমক মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে নিৰ্বাচনৰ টিকট দিছে।শৰ্মাই কয় : কংগ্ৰেছ দলক সমৰ্থন কৰিলে ঝাৰখণ্ডৰ নৱ প্ৰজন্মৰ ভৱিষ্যত বিপন্ন হ’ব ।
কংগ্ৰেছৰ বাবে এটা ভোট আমাৰ ল’ৰা-ছোৱালীৰ ভৱিষ্যত ধ্বংসৰ বাবে দিয়া ভোটহে হব।”মুখ্যমন্ত্ৰী শৰ্মাই নিৰ্বাচনক ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে নিৰ্ণায়ক মুহূৰ্ত হিচাপে গণ্য কৰি ঝাৰখণ্ডৰ জনসাধাৰণক নিজৰ মাটি, নিজৰ সংস্কৃতি, জীৱিকা ৰক্ষাৰ বাবে আহ্বান জনায়। তেওঁ ঝাৰখণ্ডৰ আগন্তুক নিৰ্বাচন ‘মাটি, বেটি, ৰুটি’ৰ বাবে যুঁজ বুলিও কয়।