সমাজত সঘনাই শুনিব পোৱা প্ৰশ্ন এটাই মনত বহুত ভাৱৰ বুৰবুৰনিৰ সৃষ্টি কৰে। আচলতে অসমত অসমীয়া(Assamese in Assam) কোন?
প্ৰশ্নটো হ’ল, অসমত বসবাস কৰি থকা অসমীয়া আচলতে কোন(Indo-Aryan language)? আমি বুৰঞ্জীৰ পাত লুটিয়াই চালে জানিব পাৰোঁ যে স্বৰ্গদেউ চুকাফাৰ অসম আগমনৰ পিছৰেপৰা সংমিশ্ৰণ, সমন্বয় আৰু জাহযোৱা প্ৰক্ৰিয়াৰ মাজেৰে বৃহত্তৰ অসমীয়া জাতি গঠন হৈছে।
যিদৰে আহোম, কছাৰী, কোচ, কৈৱৰ্ত, কায়স্থ, ব্ৰাহ্মণ, কলিতা আদি আছে, ঠিক তেনেদৰে মুছলমান, বৌদ্ধ,শিখ, জৈন, হিন্দু, খ্ৰীষ্টান আদিৰে অসমত অসমীয়া সমাজ গঢ়ি বসবাস কৰি আহিছে আৰু কেতিয়াবা এই বহু জাতিৰ মানুহবোৰৰ হৈ বিতৰ্ক হৈছে, সময়ত আকৌ সমাধানও হৈছে(Northeast India)।
তেনেদৰে ভূৱনমোহন দাসৰ ১৯৭৪ চনত সাহিত্য সভাত প্ৰকাশ পোৱা অন্য এখন গ্ৰন্থও তেখেতে ‘অসমীয়া জাতিৰ ইতিবৃত্তʼত এনেদৰে অসমীয়াৰ সংজ্ঞা লিখিছে,যে অসম নামেৰে কোনো ৰাজ্য নাছিল, অসমীয়া বুলি কোনো লোকো নাছিল, প্ৰাগজ্যোতিষ বা কামৰূপ শূণ্য পূৰী নাছিল(Native Speakers)।
সেইখনে পিছলৈ অসম নাম পায় আৰু তাৰেই বাসিন্দা সকলেই অসমীয়া বুলি পৰিচিত হয়।(জনগোষ্ঠী-প্ৰজাতীয় উপাদান- ড: ভুৱনমোহন দাস) ড: হেৰম্ব কান্ত বৰপূজাৰীয়ে লিখা গ্ৰন্থখনত, অসমীয়া: সংজ্ঞাৰ বিষয়ে স্বচ্ছ ছবি দেখা পোৱা নাযায়(Ethnologue)। কিন্তু ভূৱন মোহন দাসৰ লিখনিত দেখা পোৱা যায় যে অসমত বসবাস কৰি অহা সকলেই অসমীয়া বুলি কোৱা হয়।
তাৰ মানে আমি যি কোনো উপাধিকাৰীকে অসমীয়া বুলি কব পৰা যায়। কিন্তু এই খিনিতেই কিছু বিতৰ্কৰ যুক্তি বা সম্ভাৱনা ৰৈ যোৱা যেন লাগে। কাৰণ অসমৰ যি কোনো নাগৰিককে অসমীয়া বুলি ক’লে অনা- অসমীয়া বিচাৰি পোৱা নাযাব। সেয়ে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰা ক্ষেত্ৰত কিছু সাৱধান হোৱাৰ প্ৰয়োজন আছে।
প্ৰসংগক্ৰমে কথা এটা উনুকিয়াব বিচাৰোঁ যে, অসমীয়া সংজ্ঞাৰ বিষয়ে ১৯৯৭ চনত ৭ মাৰ্চ তাৰিখৰ ‘প্ৰতিদিন’ কাকতত বিশিষ্ট লেখিকা ড: অনিমা গুহ মহাশয়াই ‘বিদ্বৎজনলৈ আবেদন’ শীৰ্ষক হৃদয়স্পৰ্শী এটা চুটি প্ৰবন্ধ লিখিছিল।
তেখেতৰ প্ৰবন্ধটোৰ জৰিয়তে বহুত তথ্য আৰু পূৰ্ব- প্ৰসংগ উল্লেখ কৰি “অসমীয়া কোন” বাহিৰৰ পৰা অহা এজন ভাৰতীয় কিমান দিন অসমত বসবাস কৰিলে, নতুবা কিমানটা পুৰুষ অসমতে জীৱ গ’লে তেওলোকক অসমীয়া বুলি পৰিচিত হ’ব পাৰিব, তাৰোপৰি সেই সকল ভাৰতীয়ই চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানৰ পৰা এই মৰ্মে কিবা তথ্য পাতি উলিয়াব পাৰিব নেকি?
কিন্তু ড: অনিমা গুহৰ ঔৎসুকৰে ভৰা প্ৰশ্নটোৰ সেই সময়ত কোনো এজন অসমীয়া আগবাঢ়ি আহি উত্তৰ দিয়া মনত নপৰে।ড: গুহই হয়তো নিজৰ গুহ উপাধি টোৰ কাৰনে কিছুমান অসমীয়া উপাধিকাৰীৰ মনৰ বুজ ল’বলৈ ‘অসমীয়া কোন’এনেধৰণৰ প্ৰবন্ধ আকাৰে প্ৰকাশ কৰিছিল।
সংৰক্ষিণী আন্দোলনৰ সময়ত উত্থাপন হোৱা “অসমীয়া কোন” প্ৰশ্ন টোৱে বিতৰ্ক সৃষ্টি কৰিলেও ইতিবাচক সঁহাৰি আছিল। সেই সময়ত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে সংৰক্ষিণী সভাʼৰহৈ তেখেতে অসমীয়া সংজ্ঞা দাঙি ধৰি কৈছিল যি সকলে অসমীয়া ভাষা সংস্কৃতি শ্ৰদ্ধা আৰু অসমীয়াৰ হৈ মাত মাতে তেওঁ লোক অসমীয়া বুলি মত পোষণ কৰে।
জাতীয়বাদী নেতা নীলমণি ফুকন দেৱে সম্পাদনা কৰা “দৈনিক বাতৰি”ৰ ১৯৩৫ চনৰ ২ অক্টোবৰৰ সংখ্যাত- আমি অসমীয়া, অসমীয়া সংজ্ঞাৰ কোনো ধৰ্ম, সম্প্ৰদায়ৰ,জাত কুলৰ বিশেষ ভাৱে নিবিচাৰোঁ। যিয়েই অসমীয়া ভাষা গ্ৰহণ কৰিব,যাৰ অৰ্থনৈতিক স্বাৰ্থ অসমত থাকিব, তেওঁকেই আমি অসমীয়া বুলি গ্ৰহণ কৰিম।
“দৈনিক অসমীয়া কাকতেও” বঙাল কোন ? শীৰ্ষক লেখনী এটাত বঙাল আৰু বঙালীৰ পাৰ্থক্য আঙুলিয়াই লিখিছিল যে,বংগ ভাষীয়েই হওঁক বা বেলেগ ভাষীয়ে হওঁক অসমলৈ আহি অসমীয়া সংস্কৃতি আদিৰ লগত মিলি অসমীয়াৰ লগত ককাই ভাইৰ দৰে মিলি আৰু অসমৰ স্বাৰ্থত মাত মাতি অসমতে স্থায়ী ভাৱে বসবাস কৰিছে। অসমীয়াই বঙাল বোলা নাই।
চিলেটৰ বসন্ত কুমাৰ দাস, বৈদ্যনাথ মূখাৰ্জী যিসকল নেতাই অসমীয়াৰ ন্যায্য স্বাৰ্থত মাত মাতিছিল,অথচ বঙালী ভাষাত কথা ক’লেও তেওঁ লোকও অসমীয়া ককাই ভাই। (সম্পাদক, দৈনিক অসমীয়া) দৈনিক অসমীয়াৰ সম্পাদকৰ এই দৃষ্টি ভংগীৰ মাজত ‘অসমীয়াʼৰ সংজ্ঞাৰ কোনো নিৰ্দিষ্ট ক্ষেত্ৰ, ধৰ্ম নতুবা বৰ্ণ নাছিল।
কেৱল নিজ নিজ ভাষা- সংস্কৃতি জীয়াই ৰাখিও যিসকলে অসমৰ বৃহত্তৰ স্বাৰ্থত মাত মাতে, অসমৰ বায়ু পানী লগতে মিলাই লয়,তেওৱেই অসমীয়া। “অৰুণোদয় “সংবাদ পত্ৰৰ জন্মৰ পৰা ( ১৮৪৬-১৮৫৪) ভাৰত স্বাধীনতা হোৱা লৈ ভাষা আৰু জাতীয় অস্তিত্বক কেন্দ্ৰ কৰি অসমত বহুল বাদ বিবাদ সৃষ্টি হৈছিল। আৰু তাৰেই গইনা লৈ অসমীয়া বুদ্ধিজীৱী এচামে বিভিন্ন প্ৰসংগত অসমীয়াৰ সংজ্ঞা নানা ধৰনে দাঙি ধৰিলে।
অসমীয়াৰ এই নতুন নতুন সংজ্ঞা দাঙি ধৰিছিল যদিও, কিছুমান উপাধি ধাৰী অসমীয়া ৰ বাদে আন জনগোষ্ঠীৰ লোকে অসমীয়া মধ্যবিত্ত প্ৰদত্ত অসমীয়াৰ সংজ্ঞাৰ সৈতে বহুতে একগোট হোৱা দেখা পোৱা নগৈছিল। ইয়াৰ কাৰণ হৈছে যি সকল মধ্যবিত্তই “অসমীয়া”ৰ বহল সংজ্ঞা দাঙি ধৰিছিল, সেই সকলে বহল অৰ্থত উদাৰ আৰু প্ৰগতিশীল চিন্তাৰ পৰিচয় দাঙি ধৰিব পৰা নাছিল।
অসমীয়া মধ্যবিত্তৰ নেতৃত্ব লোৱা লোকৰ দুৰ্বলতাৰ বাবে ই জনজাতীয় আৰু অজনজাতীয় লোক সকলৰ বহুত খিনি লোকে অসমীয়া বুলি ভবাৰ পিছতো পিছলৈ তেওঁ লোকে স্বকীয় জনজাতীয় পৰিচয় দিবলৈ গুৰুত্ব দিয়ে। জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভাৰ বাদে কোনো উপাধি কাৰী অসমীয়াই জনগোষ্ঠীয় পৰিচয় বিপৰীতে অসমীয়া পৰিচয়ৰ জনপ্ৰিয়তা আৰু কাৰ্য্যকৰী কৰিব পৰা নাছিল।
কুৰি শতিকাৰ অসমৰ অন্যতম শ্ৰেষ্ঠ খনিকৰ আৰু প্ৰকৃত অসমীয়া ৰূপে জনাজাত এই দুগৰাকী শিল্পী, সাহিত্যিক, সংগীতজ্ঞ আৰু কৃষ্টি সংস্কৃতিৰ ভাঙি যাব ধৰা বৃহত্তৰ অসমীয়া সমাজ- জীৱনক এক গোট কৰি ৰাখিবলৈ অতি উদাৰ ভাবে “অসমীয়া” সংজ্ঞা দাঙি ধৰিছিল তেখেতসকলে। জ্যোতিপ্ৰসাদৰ মতে সেই সকলেই অসমীয়া যি সকলে অসমৰ কৃষ্টি,ভাষা, সংস্কৃতি আৰু অৰ্থনীতি চহকী কৰি ৰাখিছে।
তেখেতৰ মতে তেতিয়াৰ বৰ অসমʼৰ খাচীয়া, জয়ন্তীয়া, ডফলা,আবৰ,অঁকা, চিংফৌ, মিৰি, কোচ কছাৰী,ৰাভা,বড়ো,লালুং, নেপালী, থলুৱা,মণিপুৰি,ন- অসমীয়া, মৈমনসিং আদিয়ে অসমীয়া আৰু এওঁলোকৰ শ্ৰমনিৰ্ভৰ সংস্কৃতিয়ে অসমৰ বাৰৰহণীয়া সমাজ জীৱনৰ চহকী কৰিছে। আকৌ বিষ্ণুপ্ৰসাদ ৰাভা ৰ মতেও মিকিৰ, মিচিং, কছাৰী, সোণোৱাল,খাচী,নগা,তাই, আহোম,মৰাণ,কোচ, কলিতা, ন-অসমীয়া, ন-পুৱা, ব্ৰাহ্মণ, কায়স্থ আদিয়ে বৃহত্তৰ অৰ্থত অসমীয়া আৰু এওঁলোকক লৈ গঢ়ি উঠিছিল বৃহত্তৰ অসমীয়া জাতি।
ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে ভাৰত স্বাধীন হোৱাৰ তিনিটা দশকত নগা, মনিপুৰী,খাচী, খবৰ, অকা, ডফলা জনগোষ্ঠীয়ে “অসমীয়া” পৰিচয় ত্যাগ কৰি অসমৰ ভৌগোলিক সীমাৰ পৰা পৃথক হৈ স্বতন্ত্ৰ ৰাজ্যৰ বাসিন্দা হৈছে। কিন্তু বহুত জনগোষ্ঠী পৃথক হৈ যাব পাৰিলেও অসমৰ অসমীয়া হিচাপে চিনাকী দি অহা, এই সকলো অসমীয়াৰ ভিতৰত চাহ-জনগোষ্ঠী ন-পুৰণি মুছলমানসকলে সদায়েই অসমৰ অসমীয়া হিচাপে নিজকে চিনাকী দি আহিছে।
কিন্তু সময়ে সময়ে তৎস্বেও এই সকলক অসমীয়া বুলি পৰিচয় দিব নিবিচাৰে। এই সকলৰ মানসিকতাক দায়ী নকৰি, এই সকলে অসমৰ অসমীয়াৰ ওপৰত অজ্ঞতাহে বুলি ভাবিব লাগিব। এতিয়া কথা হ’ল,ভাগি ধৰা অসমৰ সমাজ জীৱনক পুনৰ সজীৱ কৰি ৰাখিবলৈ “অসমীয়া” অসমীয়া জাতিৰ এক সু-সংহতি,সু চিন্তিত আৰু সু-সংগঠিত ধাৰণা এটা বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচাৰ কৰিব লাগে।
অসমৰ সাহিত্য-সংস্কৃতিক সংগঠনৰ মঞ্চতো এই বিষয় টোৱে গুৰুত্ব পালে চুকাফা, শংকৰদেৱ, লাচিত বৰফুকন, ইছমাইল ছিদ্দিকি,লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, হেমাংগ বিশ্বাস, আদিৰ সমন্বয়ৰ সমাজ খন আমি পুনৰ পাব পাৰোঁহক। তাৰ বাবে অসমৰ প্ৰতিটো জনগোষ্ঠীৰ অৱদান, ভাষা সংস্কৃতি, আদিৰ পুন: মুল্যায়ন কৰিব লাগিব আৰু সকলোৰে সম-অধিকাৰ, সম-বিকাশৰ দাবী মানি লব লাগিব।
ওপৰৰ আলোচনাটো মাজেৰে আমি অসমীয়াʼৰ সংজ্ঞা ৰ যিখিনি সংক্ষেপে বিশ্লেষণ দাঙি ধৰা হ’ল,সেয়ে যথাৰ্থ নহয়। বিদ্বত সমাজে অধিক অগ্ৰনী ভুমিকা লৈ বিস্তৃত আলোচনা কৰিব লাগিব।
তথাপিও আমাৰ ব্যক্তিগত অভিমত দি কব বিচাৰোঁ যে,যি সকল অসমৰ স্থায়ী নাগৰিক তথা বাসিন্দা, যিসকলে অসমৰ মাটি আৰু প্ৰকৃতিৰ সৈতে অভিন্ন সম্পৰ্ক গঢ়ি তুলি ইয়াৰ কৃষি আৰু অৰ্থনীতিক চহকী কৰিছে, যিসকলে অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভাষা, কৃষ্টি আৰু সংস্কৃতিক নিজৰ জনগোষ্ঠীৰ ভাষা, কৃষ্টি-সংস্কৃতিৰ সৈতে সম-মৰ্য্যদা প্ৰদান কৰে,যি সকলে অসমীয়া ভাষাক সংযোগী ভাষা হিচাপে ব্যৱহাৰ কৰাত আপত্তি নকৰে, যি সকলৰ উৎপাদনৰ স্হল অসম।
অসমৰ সমাজ জীৱনৰ কল্যাণৰ হকে ধন ব্যয় কৰে, আৰু যি সকলে অসমীয়া সমাজ জীৱনৰ সৈতে মানসিক সম্পৰ্ক গঢ়ি তোলাত আপত্তি নকৰে, তেওঁ লোকেই অসমীয়া। সেইসকলৰ অসমীয়াৰ উপাধি শইকীয়া, চুতীয়া, কৈৱৰ্ত, দলে, হুছেইন, ৰাভা, বড়ো, ৰংপি, গুহ, সাহা, ভট্টাচাৰ্য্য, দত্ত, তাঁতী, দেউৰী, উপধ্যায়ো হ’ব পাৰে। এই সকলোবোৰেই আমি অসমীয়া।
সংগ্ৰহ: ‘অসমীয়া আত্ম-জিজ্ঞাসা আৰু জাতীয় চিন্তা’ কিতাপৰ পৰা।
লেখিকা- জ্যোৎস্না ৰানী বেগম