অসমৰ বিভিন্ন কাকত আলোচনীত কবিতা প্ৰকাশ পোৱা অমিলতা টায়ে মিলিক আমি এগৰাকী কবি বুলি জানি আহিছিলো, যদিও শেহতীয়াভাৱে অমিলতা টায়ে মিলিৰ এখন উপন্যাস(Novel) পঢ়ি পুলকিত হ’লো। ‘দুষ্মন্তৰ আঙঠিটো নিপিন্ধাকৈ থাকি গ’ল’ উপন্যাসখনৰ নামেই পাঠকক আকৰ্ষণ কৰিব৷
‘দুষ্মন্ত আৰু শকুন্তলা’ কালিদাসৰ অমৰ শকুন্তলম্ নামৰ নাটকৰ কাহিনী সকলোৱে জানো৷ তাতে আঙঠি আমাৰ ভাৰতীয় পৰম্পৰাত কিমান গুৰুত্ব তাক নক’লেও হ’ব। প্ৰেমিক-প্ৰেমিকাৰ প্ৰেমৰ চিন এই আঙঠি বা আমাৰ যুগ্ম জীৱনৰ চিনৰ প্ৰথম সাক্ষী আমাৰ বাওঁহাতৰ অনামিকা আঙুলিৰ আঙঠিটো৷
গতিকে পাঠকৰ বাবে আকৰ্ষণ সৃষ্টি কৰিব পৰা কৌশলৰ প্ৰথম ঢাপতে ঔপন্যাসিক অমিলতা টায়ে মিলি সফল হৈছে বুলি আমি ভাবোঁ। গতিকে ‘দুষ্মন্তৰ আঙঠিটো নিপিন্ধাকৈ থাকি গ’ল’ৰ ভিতৰলৈ যোৱা আগতে বিকাশ জ্যোতি বৰুৱাৰ বেটুপাতে আৰু উপন্যাসৰ নামে বুজাই দিয়ে এইখন এখন প্ৰেমৰ উপন্যাস হ’ব।
প্ৰেমৰ অনুভৱ সকলোৰে আছে৷ এই প্ৰেম সময়ত যদি প্ৰকাশ কৰিব নোৱাৰি তেনেহ’লে হৃদয়তে থাকি যায়। গতিকে সময় আমাৰ সকলোৰে বাবে গুৰুত্ব পূৰ্ণ। অমিলতা টায়ে মিলিয়েও সময়ক গুৰুত্ব দিছে। ‘দুষ্মন্তৰ আঙঠিটো নিপিন্ধাকৈ কি গ’ল’ৰ প্ৰস্তাৱনাত ঔপন্যাসিকে লেখিছে— ‘সময়…৷/কাৰো বাবে অপেক্ষা নকৰে এই সময়…৷’
অৰ্থাৎ উপন্যাসখনৰ মুখ্য বিষয় সময়। সময় পৰাহৈ গ’লে বহু কথা কাম পাহৰণি গৰ্ভত হেৰাই যায়৷ সেই বাবে প্ৰায় কয়,সময়ৰ কাম সময়ত কৰিব লাগে৷ সময়ক ধৰি ৰখাৰ ধৃষ্টতা কাৰো নাই৷ পাহৰণি গৰ্ভত হেৰুৱা সময়ৰ সোনালী স্মৃতি ৰোমন্থন কৰিবহে পাৰো৷ ‘দুষ্মন্তৰ আঙঠিটো নিপিন্ধাকৈ থাকি গ’ল’ উপন্যাসখন প্ৰথম পুৰুষত লেখা স্মৃতি ৰোমন্থন৷
ঔপন্যাসিক অমিলতা টায়ে মিলিয়ে উপন্যাসখন আৰম্ভ কৰিছে এনেদৰে— ‘সুদীৰ্ঘ পঁয়ত্ৰিশ বছৰৰ পিছত গীতিয়ে তাইৰ পুৰণি বন্ধু অনুজক লগ পালে নাটকীয় ভাবে৷’ ইয়াৰ পিছতে একে পৃষ্ঠাতে ঔপন্যাসিকে উপন্যাসখনৰ কাহিনীৰ এক অনুমান কৰিবৰ বাবে পাঠকৰ বাবে ক্লু’ দিছে— ‘আজি অত বছৰে মনত পুহি ৰখা অযুত-অবুৰ্দ মান-অভিমান আৰু অকৃত্ৰিম ভালপোৱাৰ উত্তৰ বিচাৰিব৷
কিয়নো গীতিৰ হাতত এই অনুজে একো নোকোৱাকৈ এদিন গুঁজি দিছিল এটি আঙঠি৷’ ইয়াৰ পিছতে ঔপন্যাসিকে লেখিছে— ‘সেয়া আছিল প্ৰথম প্ৰেমৰ অভিজ্ঞান… ঠিক কন্ব মুণিৰ আশ্ৰমত ৰজা দুষ্মন্তই মুণিৰ পালিতা কণ্যা শকুন্তলাৰ সুকোমল হাতত গুঁজি দিয়াৰ দৰেই…৷’
অৰ্থাৎ নায়িকা গীতিৰ হাতত ৩৫বছৰৰ আগতে গুঁজি দিছিল আঙঠিটো যিটো কালিদাসৰ শকুন্তলা নাটকৰ দৰি বুলি উল্লেখ কৰিছে ৷আঙঠি গুঁজি দিয়া সময়ত নায়িকা গীতিৰ বয়স প্ৰায় ১৮বছৰ মানে উচ্চতৰ মাধ্যমিক পৰীক্ষা দিছে (পৃষ্ঠা-১৫)৷গতিকে যৌৱনৰ উকমুকনিতে লাভ কৰা আঙঠিটোত আছে প্ৰেম, বিশ্বাস, ভয় আৰু কৌতূহল৷
সেই কৌতূহল, বিশ্বাস আৰু প্ৰেমৰ সন্ধান ল’ব যত্ন কৰিছে ৩৫বছৰৰ পিছত ঔপন্যাসিকৰ নিজৰ প্ৰায় ৫৩বছৰ বয়সত। কাৰণ ১৬০ পৃষ্ঠাৰ ৫০টা অধ্যায়ৰ উপন্যাসখন ঔপন্যাসিক প্ৰথম পুৰুষত স্মৃতি ৰোমন্থনত লেখা বাবে বহু সময়ত পাঠকৰ মনত নায়িকা গীতি ঔপন্যাসিক নিজেই যেন ধাৰণা হ’ব৷
সেই দৰে গীতিয়ে অনুজক পুনৰ ল’গ পোৱা সময়ত গীতি, ৰীতি অনুজৰ নিজৰ নিজৰ সংসাৰ আৰু পৰিয়াল লৈ ব্যস্ত৷ একেদৰে অসমীয়া সমাজ সংস্কৃতি আদিৰ লগতে অসমীয়া জাতিৰ অন্যতম বৃহৎ জনগোষ্ঠী মিছিং সমাজৰ সংস্কৃতিৰ ৰীতি নীতি ডাঙি ধৰিছে৷
যিহেতু ঔপন্যাসিক নিজে এগৰাকী মিছিং নাৰী হোৱা সুবাদত জনগোষ্ঠীটোৰ ৰীতি নীতি সংস্কৃতি সুন্দৰ ৰূপত প্ৰতিফলিত কৰিছে,যিয়ে পাঠকক স’ততে মোহিত কৰিব যেনে গুমৰাগৰ চ’মানৰ উল্লেখ হৈছে— ‘লঃলে লঃলে লঃলে/দাঃবঃ লঃলে লঃলে’ ‘দুষ্মন্তৰ আঙঠিটো নিপিন্ধাকৈ থাকি গ’ল’ উপন্যাসখন আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষা দিয়াৰ পিছত আৰু কলেজ জীৱনৰ কথা আছে৷
যেনে কলেজৰ ৰেগিং আদি কৰি বহু মনত পেলাব৷ সেই সময়ত জুবিনৰ গান বহু জনপ্ৰিয় হৈছিল আৰু গানৰ কলি উল্লেখ আছে৷ ফলত পাঠকক একাত্ম হোৱাত সহায় কৰিব৷ সেইদৰে কাহিনী পটভূমি ধেমাজি জিলাৰ চিলাপথাৰ অঞ্চলৰ লগতে অৰুণাচলৰ দৈ-মুখ আৰু নিৰজুলি ঠাই দুখনৰ কথা উল্লেখ আছে।
এনে উল্লেখ থকাৰ বাবি উপন্যাসখন পাঠকৰ বাবি বাস্তৱ হৈ পৰিছে৷ নাহৰ প্ৰকাশনে প্ৰকাশ কৰা আৰু বিকাশ জ্যোতি বৰুৱাৰ প্ৰচ্ছদে ‘দুষ্মন্তৰ আঙঠিটো নিপিন্ধাকৈ থাকি গ’ল’ উপন্যাসখনৰ নিদিষ্ট এজনো নায়ক নাই৷ কাৰণ আৰম্ভণিতে আঙঠি গুঁজি দিয়া অনুজ বা গীতিক বীয়া বাবে আগ্ৰহী কিৰণ নায়ক নহয়৷
তাৰ বিপৰীতে গীতি আৰু বান্ধৱী ৰীতি দুয়ো নায়িকাই উপন্যাসখন মুখ্য চৰিত্ৰ আৰু চালিকা শক্তি। নিদিষ্ট নায়ক নাই যদিও নায়িকা প্ৰধান উপন্যাস খনৰ কাহিনী,পটভূমি আৰু সহজ সৰল ভাষা ব্যৱহাৰে পাঠকক আকৰ্ষণ কৰিব৷ ঔপন্যাসিকে উপন্যাসখন আৰু কিছু চমু কৰাৰ সুযোগ আছিল। একে দৰে ভাৰতীয় দৰ্শনত আঙঠি নিপিন্ধাকৈ থাকি যোৱাটো এক ঋণাত্মক দিশ৷
প্ৰেমৰ এনে ঋণাত্মক দিশে বহু সময়ত মনোকষ্ট দিয়ে যাক বহু পাঠকে সহজভাৱে গ্ৰহণ নকৰিব পাৰে৷ তথাপি শেহতীয়া আমাৰ সংসাৰ পৰিয়ালৰ ক্ষেত্ৰত এনে ঋণাত্মক ধাৰণা ধনাত্মক ৰূপে গ্ৰহণ কৰিবলৈ বাধ্য হয় সুষ্ঠ সমাজ ব্যৱস্থাৰ স্বাৰ্থত৷
‘দুষ্মন্তৰ আঙঠিটো নিপিন্ধাকৈ থাকি গ’ল’ ঔপন্যাসিকে এই ধনাত্মক বাৰ্তা দিব যত্ন কৰিছে পৰিয়াল আৰু সমাজৰ স্বাৰ্থত।
শেষত উপন্যাসখনত সংযোগ কৰা এটি গীতে পাঠকক উপন্যাসখনৰ প্ৰতি আমাৰ ধাৰণা— ‘যাদু তেৰী নজৰ/খুচবু তেৰী বদন/তু হা কৰ য়া না কৰ/ৱ হে তেৰী কিৰণ…’৷