Diljit Dosanjh: য’ত মোৰ শ্ব’ হ’ব তাতে DRY DAY ঘোষণা কৰক, মই সুৰাৰ ওপৰত গান নাগাওঁঃ কণ্ঠশিল্পী দিলজিৎ দোচাঞ্জ

পাঞ্জাবী গায়ক তথা অভিনেতা দিলজিৎ দোসাঞ্জৰ ‘দিল-লুমিনাটি ভ্ৰমণ’ৰ বাবে এইকেইদিন শিৰোনাম। বহিঃৰাজ্যৰ কনচাৰ্টেৰে অনুৰাগীৰ হৃদয় জয় কৰাৰ পাছত এতিয়া ভাৰতত কনচাৰ্টৰ জৰিয়তে দৰ্শকৰ মন মুহিছে। ১৫ নৱেম্বৰত হায়দৰাবাদত তেওঁৰ কনচাৰ্ট আছিল। ইয়াৰ বাবেই তেলেংগানা চৰকাৰে অনুষ্ঠানৰ আয়োজকসকললৈ এখন জাননী প্ৰেৰণ কৰিছিল, য’ত কোৱা হৈছিল যে গায়কসকলে মদ, ড্ৰাগছৰ গীত গাব নোৱাৰিব।(Diljit Dosanjh)

জাৰি কৰা জাননীখনত সেই গীতসমূহৰ নামো সন্নিবিষ্ট কৰা হৈছিল য’ত ‘পাঞ্জ তাৰা’ আৰু ‘পটিয়ালা পেগ’ৰ দৰে গীতৰ কথা উল্লেখ কৰা হৈছিল। দিলজিৎ দোচাঞ্জেও এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছিল। ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে তেওঁৰ সেই ভিডিঅ’। ইফালে তেওঁৰ আন এটা ভিডিঅ’ই তেওঁৰ অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে, য’ত দিলজিৎ দোচাঞ্জে ভাৰতত সুৰা নিষেধাজ্ঞা সন্দৰ্ভত মুকলি কিছু কথা কয়।(Diljit Dosanjh On Alcohol Banned In India)

তেওঁ কয় যে যিদিনাৰ পৰাই প্ৰতিখন ৰাজ্যই DRY STATE ঘোষণা কৰিব, সেইদিনাৰ পৰাই মই জীৱনত কেতিয়াও সুৰাৰ ওপৰত গীত পৰিৱেশন নকৰোঁ। ক’ৰোণাত সকলো বন্ধ হৈছিল কিন্তু সুৰা চলি আছিল। য’ত য’ত মোৰ শ্ব’ হ’ব তাতে DRY DAY ঘোষণা কৰক মই সুৰাৰ ওপৰত গান নাগাওঁ‌। গীত পৰিৱেশন কৰাৰ মাজতে কণ্ঠশিল্পী দিলজিৎ দোচাঞ্জৰ কথাই মুহিলে সকলো দৰ্শকক।(punjabi singer)

লগতে তেওঁ কয় যে বলীউডৰ তাৰকাসকলে সুৰাৰ বিজ্ঞাপন দিয়ে, কিন্তু তেওঁ তেনে নকৰে। তেওঁ লগতে কয় যে তেওঁ য’তেই যায় তাতেই মনে মনে নিজৰ শ্ব’টো কৰি গুচি আহে, কিন্তু মানুহে তেওঁক কিয় আমনি কৰে। তেওঁ এনে এটা আন্দোলন আৰম্ভ কৰাৰ কথা কয়, য’ত যদি সকলো ৰাজ্যই নিজকে dry state বুলি ঘোষণা কৰে, তেন্তে তেওঁ জীৱনত সুৰাৰ ওপৰত কোনো গান নাগাব। দিলজিতে লগতে কয় যে কৰ’নাৰ সময়ত সকলো বন্ধ আছিল, কিন্তু সুৰাৰ দোকান বন্ধ নাছিল।

তেওঁৰ শ্ব’ত যদি ড্ৰাই ডে ঘোষণা কৰা হয় তেন্তে তেওঁ সুৰাৰ ওপৰত গান নাগাব বুলিও কয়। তেওঁৰ বাবে গীত সলনি কৰাটো অতি সহজ কাৰণ তেওঁ নতুন শিল্পী নহয়।

Related Articles