পাকিস্তানৰ বিভিন্ন প্ৰান্তত পৃথক পৃথক আক্ৰমণত ৮ জন জোৱান নিহত হোৱাৰ লগতে ৭ জন আৰক্ষীক অপহৰণ কৰা হয়। মঙলবাৰে (১৯ নৱেম্বৰ) এই তথ্য নিশ্চিত কৰে দেশৰ আৰক্ষী আৰু চোৰাংচোৱা বিষয়াই।
নাম প্ৰকাশ নকৰাকৈ এজন চোৰাংচোৱা বিষয়াই জনোৱা মতে, স্থানীয় সময় অনুসৰি সোমবাৰে (১৮ নৱেম্বৰ) খাইবাৰ-পাখতুনখোৱা প্ৰদেশৰ তিৰাহ অঞ্চলত সংঘটিত হোৱা এক এনকাউণ্টাৰত ৮ জন জোৱান আৰু ৯ জন সন্ত্ৰাসবাদী নিহত হয়।
এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে পাকিস্তানৰ তালিবানে। একেখন প্ৰদেশতে এক সুকীয়া আক্ৰমণত ৭ জন আৰক্ষীক চেক প’ষ্টৰ পৰা অপহৰণ কৰা হয়। নাম প্ৰকাশ নকৰাকৈ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে আক্ৰমণকাৰীয়ে আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰও কাঢ়ি লৈ যায়।
মহম্মদ জিয়া উদ্দিন নামৰ আন এজন আৰক্ষী বিষয়াইও এই অপহৰণ নিশ্চিত কৰিছে।
শেহতীয়াকৈ আফগানিস্তানৰ সীমান্তৱৰ্তী পাকিস্তানৰ বিভিন্ন অঞ্চলত তালিবানৰ আক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে।
ইয়াৰ পূৰ্বে ২৫ অক্টোবৰত পাকিস্তানী তালিবানে ১০ জন আৰক্ষীক হত্যা কৰিছিল। ইয়াৰ উপৰিও যোৱা শনিবাৰে দক্ষিণ-পশ্চিম প্ৰদেশ বেলুচিস্তানত বিচ্ছিন্নতাবাদীৰ আক্ৰমণত ৭ জন জোৱানৰ প্ৰাণহানি হয়।
ইয়াৰ এসপ্তাহ পূৰ্বে প্ৰাদেশিক ৰাজধানী বেলুচিস্তানৰ ৰে’ল ষ্টেচনত একেটা গোটৰ বোমা আক্ৰমণত ১৪ জন জোৱানসহ ২৬ জন লোক নিহত হৈছিল।
বিশেষজ্ঞসকলৰ মতে সীমান্ত অঞ্চলত তালিবান আৰু বিচ্ছিন্নতাবাদীৰ হিংসাত্মক কাৰ্যকলাপ পাকিস্তানৰ নিৰাপত্তা ব্যৱস্থাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।