নিউজ ডেস্কঃ শীতকাল অহাৰ আগতে ভাৰতৰ মাটিত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাৱনা। ১২০ জন উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত উগ্ৰপন্থীয়ে আজিৰ তাৰিখত ভাৰতত প্ৰৱেশ কৰিবলৈ সাজু হৈছে। ইতিমধ্যে দেশৰ সীমান্তও ছীল কৰা হৈছে। সকলো জম্মু-কাশ্মীৰৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিবলৈ সাজু।
কিছুদিনৰ পাছত এই অঞ্চলসমূহত প্ৰচণ্ড বৰফ পৰাৰ পূৰ্বেই উগ্ৰপন্থীয়ে ভাৰতৰ মাটিত প্ৰৱেশ কৰিব । যদি তেওঁলোকে দেশৰ মাটিত প্ৰৱেশ কৰে, তেন্তে ভাৰতৰ বিভিন্ন প্ৰান্তত নতুনকৈ সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা নিশ্চিত। এই খবৰৰ ঠিক পিছতেই সীমান্ত ছীল কৰা হৈছে। চোৰাংচোৱাগিৰি বৃদ্ধি। উগ্ৰপন্থীয়ে মূলতঃ জম্মু-কাশ্মীৰক লক্ষ্য কৰি লৈছে। এই পথেৰে ভাৰতীয় মাটিত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছে।
এই উগ্ৰপন্থীসকল বৰ্তমান পাকিস্তানে দখল কৰা কাশ্মীৰত আছে। সময় ঠিক হ’লেই সকলো ভাৰতৰ মাটিত প্ৰৱেশ কৰিব। পাকিস্তান সেনাৰ পৰা বিশেষ প্ৰশিক্ষণ লাভ কৰি একেদৰে ভাৰতৰ মাটিত আতংক বিয়পাবলৈ তেওঁলোক সকলোৱে সাজু। সেনাৰ তথ্য অনুসৰি প্ৰায় ১২০ জন উগ্ৰপন্থীয়ে ভাৰতৰ মাটিত প্ৰৱেশ কৰিব ।
এই আটাইকেইজনেই লস্কৰ-ই-তৈবা, হিজবুল মুজাহিদীন আৰু জৈছ-ই-মহম্মদৰ সক্ৰিয় সদস্য বুলি জানিব পৰা গৈছে। প্ৰধানকৈ ডিচেম্বৰ আৰু জানুৱাৰী মাহত এই অঞ্চলটো বৰফেৰে আৱৰি থাকে। খবৰটো হ’ল বাৰামুল্লা, কুপৱাৰা, বান্দিপোৰাৰ মাজেৰে উগ্ৰপন্থী প্ৰৱেশ কৰিব পাৰে। সম্প্ৰতি সমগ্ৰ উপত্যকাতে হাই এলাৰ্ট জাৰি কৰা হৈছে।স্থানীয় আৰক্ষীকো সজাগ হ’বলৈ কোৱা হৈছে। এই প্ৰশিক্ষিত উগ্ৰপন্থীসকলে যাতে ভাৰতৰ মাটিত প্ৰৱেশ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সেনাৰ মূল কাম।