মাৰ্চ, ১৮২৭ চন। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত জাৰ্মান সুৰকাৰ লুডৱিগ ভান বিথোভেনৰ মৃত্যু হয়। বৰদিনৰ পৰাই তেওঁ বিচনাত পৰি আছিল। জণ্ডিচ হৈ হাত ভৰি আৰু পেট ফুলি উঠাত উশাহ-নিশাহ ল’বলৈ টান হৈ পৰিছিল তেওঁৰ বাবে।
বিথোভেনৰ মৃত্যুৰ পিছত তেওঁৰ ব্যক্তিগত সামগ্ৰীৰ মাজেৰে চাই থাকোতে তেওঁৰ সহযোগীসকলে এখন গুৰুত্বপূৰ্ণ নথি পাইছিল। যাক এখন উইল বুলিও ক’ব পাৰি, য’ত বিথোভেনে তেওঁৰ দুজন ভাতৃক নিজৰ শাৰীৰিক অৱস্থাৰ সবিশেষ ৰাজহুৱা কৰিবলৈ কৈছিল।
বিথোভেনৰ মৃত্যুৰ প্ৰায় ২০০ বছৰৰ পাছত তেওঁৰ ইচ্ছা পূৰণৰ বাবে গৱেষকৰ এটা দলে এক নতুন পন্থা গ্ৰহণ কৰে। তেওঁলোকে বিথোভেনৰ প্ৰকৃত চুলিৰ নমুনাৰ পৰা ডি এন এ বিশ্লেষণ কৰে।
২০২৩ চনত এই অধ্যয়নৰ ফলাফল প্ৰকাশ পোৱাৰ সময়ত জাৰ্মানীৰ মেক্স প্লেংক ইনষ্টিটিউট ফৰ ইভলিউচনেৰী এণ্ট্ৰ’প’লজীৰ জৈৱ ৰসায়নবিদ জোহানেছ ক্ৰাউছে কয় যে আমাৰ মূল লক্ষ্য আছিল বিথোভেনৰ স্বাস্থ্যজনিত সমস্যাৰ ওপৰত পোহৰ পেলোৱা,জীৱনৰ শেষৰ ফালে আৰু ১৮১৮ চনলৈকে তেওঁক কাৰ্যতঃ বধিৰ হৈ পৰিছিল।”
এজন সংগীতজ্ঞৰ বাবে ইয়াতকৈ ডাঙৰ বিদ্ৰুপ কি হ’ব পাৰে? ভাতৃসকললৈ লিখা এই পত্ৰত বিথোভেনে স্বীকাৰ কৰিছিল যে তেওঁ “হতাশাত আক্ৰান্ত” আৰু আনকি আত্মহত্যাৰ কথাও বিবেচনা কৰিছিল।
শ্ৰৱণ ক্ষমতা হেৰুৱাৰ উপৰিও বিথোভেনে প্ৰাপ্তবয়স্ক জীৱনত আন কেইবাটাও স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছিল। কমেও ২২ বছৰ বয়সৰ পৰাই তেওঁ পেটৰ তীব্ৰ বিষ আৰু দীৰ্ঘদিনীয়া ডায়েৰিয়াত ভুগিছিল।
তেওঁৰ মৃত্যুৰ ছবছৰ পূৰ্বে যকৃতৰ ৰোগৰ প্ৰথম লক্ষণ দেখা দিছিল, যিটো তেওঁৰ মৃত্যুৰ বাবে আংশিকভাৱে দায়ী বুলি ধাৰণা কৰা হৈছে। ৫৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।