গুৱাহাটী, ২২ নৱেম্বৰঃ প্ৰতিবন্ধী লোকৰ(Protibondhi Surokhaa Sangstha) বাবে থকা বছৰৰ বিশেষ দিনটোত প্ৰাপ্যৰ বাবে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব৷ প্ৰতিবন্ধী দিৱসৰ(Disable Day) জাক জমকতা বাদ দি ৰাজ্যৰ প্ৰতিবন্ধী লোকসকলক জীয়াই থাকিবলৈ দিয়ক৷(Dainandin Barta)
প্ৰতিবন্ধী লোকক প্ৰাপ্যৰ প্ৰতি বঞ্চিত কৰি সবকা সাথ সবকা বিকাশৰ শ্ল’গান দিয়া ৰাজ্য চৰকাৰখন শাসনত থকাৰ অধিকাৰ হেৰুৱাই পেলাইছে৷ এই মন্তব্য প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমৰ৷
শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি সংস্হাৰ সম্পাদক নৃপেন মালাকাৰে কয়- দেশৰ অন্য ৰাজ্যসমুহে প্ৰতিবন্ধী লোকসকলক প্ৰতিবন্ধী আইন ২০১৬ অনুসৰি পাবলগীয়া সা সুবিধা প্ৰদান কৰি আহিছে যদিও অসম চৰকাৰে প্ৰদান কৰি থকা সামান্য সুবিধা খিনিৰ পৰাও বঞ্চিত কৰি জীয়াই থকাত অসুবিধাৰ সৃষ্টি কৰিছে৷
অন্যটো বাদেই দীনদয়াল দিব্যাংগ পেঞ্চন আচনিৰ নামত ৰাজ্যৰ ১লাখ ৬০হাজাৰ ৬শ ১২গৰাকী লোকক মাহিলী ১০০০টকা প্ৰদান কৰিছিল যদিও বিগত প্ৰায় দুটা বছৰে সেইটোৱো বন্ধ কৰি প্ৰতিবন্ধী সকলক ভাতে মৰাৰ ষড়যন্ত্ৰ কৰিছে৷
সংবাদমেলত মালাকাৰে লগতে কয়- দীৰ্ঘসময়ৰে পৰা কাম কৰি অহা আমি প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমে বিগত ৫ অক্টোবৰত গুৱাহাটীত বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল৷
সেইদিনা কাৰ্যসূচীৰ অন্তত সামাজিক ন্যায় আৰু সাৱলীকৰনৰ সঞ্চালক ভাস্কৰ মান্তা উপস্থিত হৈ প্ৰতিবাদকাৰীৰ দাবী সম্বলিত স্মাৰকপত্ৰ গ্ৰহণ ১৫দিনৰ ভিতৰত এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰি সমস্যা সমুহ সমাধানৰ আস্বাস দিছিল৷
কিন্তু ইয়াৰ পিছতো আজিলৈ বিষয়টো কোনো আগনবঢ়াত চৰকাৰৰ যে প্ৰতিবন্ধীৰ প্ৰতি অনিহা সেয়া স্পষ্ট হৈছে৷ মালাকাৰে লগতে কয় পূৰ্বৰ ২১দফীয়া দাবীৰ কেৱল মাত্ৰ আমি ২নবেম্বৰত আয়ুক্ত সচিব পৰ্যায়ত আলোচনা কৰি ৪ নৱেম্বৰত আয়ুক্ত সচিবৰ লগতে মুখ্যমন্ত্ৰী আৰু বিভাগীয় সঞ্চালকলৈ স্মাৰকপত্ৰ যোগে চৰকাৰে সমাধান কৰিব পৰা যেনে শীঘ্ৰে ৰাজ্যৰ প্ৰতিজন প্ৰতিবন্ধী ব্যক্তিক দিব্যাংগ পেঞ্চন প্ৰদানৰ ব্যৱস্থা কৰা, বৰ্তমানলৈকে খালি হৈ থকা ৩৫৫৬টা বেকলগ পদৰ লগতে নতুনকৈ হ’বলগীয়া প্ৰতিটো চৰকাৰী নিযুক্তিত প্ৰতিবন্ধী আইন অনুসৰি চাৰি শতাংশ হাৰত প্ৰতিবন্ধী ব্যক্তিৰ নিযুক্তি সম্পন্ন কৰা, গুৱাহাটীত থকা অসমৰ একমাত্ৰ দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয় খনক বিশেষ গুৰুত্ব প্ৰদান কৰি কৰ্মচাৰী সকলৰ দৰমহা নিয়মিতভাৱে দিয়াৰ ব্যৱস্থা কৰাৰ উপৰিও বিদ্যালয় খনৰ আন্তগাঠনি শক্তিশালী কৰা, প্ৰতিবন্ধীৰ বাবে প্ৰয়োজনীয় ইউডিআইডি কাৰ্ড সম্বন্ধে সজগতাৰ ব্যৱস্থা কৰাৰ দাবী জনাইছিলো৷
আৰু আলোচনাৰ পিছত স্মাৰকপত্ৰত ১০দিনৰ ভিতৰত সমস্যাসমুহ সমাধান কৰিবৰ বাবে সময় দিয়া হৈছিল৷ কিন্তু ১৫দিন উকলাৰ পিছতো বৰ্তমানলৈ আমাক কোনো কথা জনোৱা নাই৷
গতিকে আমাক বাৰম্বাৰ প্ৰতাৰণা কৰা চৰকাৰখনক আমি সকিয়াই দিব বিছাৰিছো যে আমাৰ প্ৰাপ্য আমাক লাগিবই৷ সেয়েহে যিটো দিনত আমি আনন্দ ফুৰ্টি কৰি কটাব লাগে সেই ৩ডিছেম্বৰৰ বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনটোত বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে প্ৰতিবন্ধীক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলি দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে৷ সংবাদমেলত ঘোষণা কৰা মতে সিদিনা ৰাজ্যৰ প্ৰতিবন্ধীসকল একত্ৰিত হৈ দিছপুৰ স্তব্ধ কৰিব৷
৩ ডিছেম্বৰত চৰকাৰে প্ৰতিবন্ধীক প্ৰতাৰণা কৰাৰ ফল ভূগিব বুলিও সংবাদমেলত কয়৷ ৩ডিছেম্বৰত হব পৰা যি কোনো পৰিস্থিতিৰ বাবে বিভাগ আৰু ৰাজ্য চৰকাৰ জগৰীয়া হ’ব বুলি উল্লেখ কৰে৷
সংবাদ মেলত নৃপেন মালাকাৰ, প্ৰদুন্ন্য বৰা, হোমেন বুঢ়াগোহাঁইৰ লগতে কটন বিশ্ববিদ্যালয় বিশেষভাৱে সক্ষম ফৰাম’ৰ মৃদুল ৰাভা, দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰ একতা সভাৰ আচিফ মাৰাক, অৰূপ বৰ্মন, ৰূপম মুণ্ডাকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে৷